Begin typing your search above and press return to search.

শতবৰ্ষ গৰকা কটন বিশ্ববিদ্যালয়ত ইউনিফৰ্ম সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ প্ৰতিক্ৰিয়া

শতবৰ্ষ গৰকা কটন বিশ্ববিদ্যালয়ত ইউনিফৰ্ম সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Jun 2019 9:02 AM GMT

শতবৰ্ষ গৰকা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইউনিফৰ্ম পৰিধান কৰিব নে নকৰিব,এই বিষয়ক লৈ প্ৰতিক্ৰিয়া দেখা গৈছে। শেহতীয়াকৈ কটন বিশ্ববিদ্যালয়ত আগষ্টৰ পৰা আৰম্ভ হ’ব লগা উচ্চতৰ মাধ্যমিক শৈক্ষিক বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক ইউনিফৰ্ম পৰিধান কৰিবলৈ নিৰ্দেশ দিছে কৰ্তৃপক্ষই ৷

ইফালে, বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুশাসন বৰ্তাই ৰাখিবৰ কাৰণে আঁচনি তৈয়াৰ কৰাৰ কাৰণে এখন তিনিজনীয়া কমিটী গঠন কৰিছে ৷ কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ এজন ছাত্ৰৰ মত অনুসৰি মই কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই পদক্ষেপক সমৰ্থন কৰা নাই । কটন মহাবিদ্যালয়ক এখন বিশ্ববিদ্যালয়লৈ পৰিৱৰ্তন কৰিলে। ইয়াত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকল সম্প্ৰতি বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী নহয়।

ইংৰাজী বিভাগৰ এজন ছাত্ৰই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সিদ্ধান্তক প্ৰত্যাখান কৰি কয় যে ইউনিফৰ্মে অনুশাসন বৰ্তাই ৰাখিব, এইয়া অপৰিপক্ক কথা ৷ লগতে ছাত্ৰজনে কয় যে দেশৰ কোনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানতে ছাত্ৰ ছাত্ৰীৰ কাৰণে ইউনিফৰ্মৰ ব্যৱস্থা কৰা নাই । কটনিয়ানসকলৰ মাজত শিষ্টাচাৰ বৰ্তি আছে ৷ গতিকে শিষ্টাচাৰ অথবা অনুশাসন বৰ্তাই ৰাখিবলৈ ইউনিফৰ্মৰ প্ৰয়োজন নাই।

অৱশ্যে কটন বিশ্ববিদ্যালয়ৰ অধিকাংশই ইউনিফৰ্মৰ বিৰোধ কৰিছে যদিও কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন প্ৰসংগত কটন বিশ্ববিদ্যালয়ৰ এই পদক্ষেপক সমৰ্থন কৰিছে ৷ অন্যহাতে ২০১৬ চনত উত্তৰ পূবৰ সকলোতকৈ পুৰণি মহাবিদ্যালখনে ছাত্ৰ আৰু টেক্সি চালকৰ মাজত হোৱা সংঘৰ্ষৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইউনিফৰ্ম পৰিধান কৰাটো বাধ্যতামূলক কৰিছিল ৷

কিন্তু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে বিৰোধ প্ৰদৰ্শন কৰিছিল। উল্লেখ্য যে কটন বিশ্ব বিদ্যালয়ৰ এজন বিষয়াই কয় যে ইউনিফৰ্ম কেৱল উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে প্ৰযোজ্য হ’ব। স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰযোজ্য নহয় ইউনিফৰ্ম।

ইউনিফৰ্মে কটনিয়ানসকলৰ স্বাধীনতাক খৰ্ব নকৰে ৷ লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিছে, তেওঁলোকৰ মাজত এটা ড্ৰেছ কোড থাকিব লাগে। এই মন্তব্য এগৰাকী বিভাগীয় বিষয়াৰ

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি