চানৈক্য নীতি, উৰ্দু শ্লোক, তামিল কবিতাৰে বাজেটৰ ভাষন আৰম্ভ কৰে বিত্ত মন্ত্ৰীয়ে

চানৈক্য নীতি, উৰ্দু শ্লোক, তামিল কবিতাৰে বাজেটৰ ভাষন আৰম্ভ কৰে বিত্ত মন্ত্ৰীয়ে

ভাৰতৰ প্ৰথম গৰাকী পূৰ্ণাংগ মহিলা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে শুকুৰবাৰে সংসদত বাজেট দাখিল কৰে । ইংৰাজীত , মাজে মাজে হিন্দী ভাষাটো প্ৰায় ২ ঘন্টা জুৰি বাজেট ঘোষণা কৰে নিৰ্মলা সীতাৰমনে ।

বাজেট ঘোষণাৰ পূৰ্বে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে চানৈক্য নীতি, উৰ্দু শ্লোক আৰু তামিল কবিতাৰে আৰম্ভণি কৰে। সংসদত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেট দাখিল কৰাৰ সময়ত বিৰোধীয়ে নিৰৱ ভাৱে থকা পৰিলক্ষিত হয় ।

ইন্ধনৰ ১ টকাকৈ উপ কৰ লগোৱাৰ ফলত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ ক্ষেত্ৰত বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । নিৰ্মলা সীতাৰমনে স্বামী বিবেকানন্দৰ বানীৰে মহিলা সৱলীকৰনৰ বাবে গ্ৰহণ কৰা বাজেট সমূহ উল্লেখ কৰে। " নাৰীৰ পৰা নাৰায়নী" ( The woman is a goddess) শীৰ্ষক শ্লোগান হব এইবাৰ বিজেপি চৰকাৰৰ ।

ভাৰতৰ পুৰণি পৰম্পৰাক ভংগ কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন ব্ৰীফকেছৰ পৰিৱৰ্তে এটি ৰঙা মোনাত বাজেট লৈ উপস্থিত হয় সংসদত ৷ লগতে পৰিৱৰ্তন হ’ল কেন্দ্ৰীয় বাজেটৰ নাম ৷ উপস্থিত হৈয়ে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেটক নিউ ইণ্ডিয়াৰ বহী খাতা বুলি উল্লেখ কৰে ৷ ইফালে ব্ৰিফ কেছৰ পৰিৱৰ্তে ৰঙা মোনাত বাজেট লৈ অহাৰ প্ৰসংগত অৰ্থনৈতিক উপদেষ্টা কৃষ্ণমূৰ্তি সুব্ৰমণিয়ামে কয় যে এইয়া হৈছে ভাৰতীয় পৰম্পৰা ৷ পাশ্চাত্যৰ পৰা মুকলি হৈ অহাৰ প্ৰতীক ৷ এইখন বাজেট নহয় ৷বহী খাতাহে ৷

প্ৰদূষণমুক্ত দেশ গঢ়াৰ লক্ষ্য চৰকাৰৰ’৷ প্ৰত্যেক ঘৰতে শৌচালয়, বিজুলী যোগানৰ লক্ষ্য’৷‘সকলোকে ঘৰ প্ৰদান আঁচনি ৰূপায়ণত গুৰুত্ব’৷‘মুদ্ৰা ঋণৰ জৰিয়তে জনতাৰ জীৱন সলনি’আৰু সৰল কৰা হ’ব চৰকাৰী প্ৰক্ৰিয়া’৷ ‘আন্তঃগাঁথনিত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন’৷ ভাৰতীয় অৰ্থনীতি বিশ্বৰ ষষ্ঠ বৃহত্‍ অৰ্থনীতি’ বুলি উল্লেখ কৰে|

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com