মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ভূমি পট্টা আৰু আবন্টন পত্ৰ বিতৰণ

মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ভূমি পট্টা আৰু আবন্টন পত্ৰ বিতৰণ

মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ভূমি পট্টা আৰু আবন্টন পত্ৰ বিতৰণ । পৰিবহন , উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে মঙ্গলবাৰে তেজপুৰৰ জিলা পুথিভঁৰাল সভাগৃহত অনুষ্ঠিত এক সমাৰোহত শোণিতপুৰ জিলাৰ ৮৩০ টা হিতাধিকাৰী পৰিয়াললৈ বিতৰণ কৰে ভূমি পট্টা আৰু আবন্টন পত্ৰ।

এই সমাৰোহৰ অংশ গ্ৰহণ কৰে জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, বিধায়ক বৃন্দাবন গোস্বামী, অতিৰিক্ত জিলা উপায়ুক্ত পৰাগ কাকতিৰ লগতে জিলা প্ৰশাসনৰ আন বহু বিশিষ্ট অধিকাৰী ।

এই সমাৰোহত আৰাম্ভণি ভাষন প্ৰদান কৰি জিলা উপায়ুক্ত মাধৱেন্দ্ৰ প্ৰতাপ সিঙে কয় যে শোণিতপুৰ জিলা প্ৰশাসনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ২০২০ চনৰ ৩১ মাৰ্চৰ আগতেই প্ৰায় ৩০০০ হিতাধিকাৰী পৰিয়ালক ভূমি পট্টা আৰু আবন্টন পত্ৰ প্ৰদান কৰাৰ প্ৰয়াস কৰিছে।

এই সমাৰোহত বক্তব্য প্ৰদান কৰি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে যে ৰাজ্য চৰকাৰৰ দ্বাৰা ভূমিহীন লোকক ভূমি পট্টা আৰু আবন্টন পত্ৰ প্ৰদান কৰাৰ পদক্ষেপ প্ৰশংসা কৰে । লগতে খিলঞ্জীয়া লোক সকলৰ অধিকাৰ সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে এই একেই ধৰণৰ সমাৰোহ সমগ্ৰ ৰাজ্য জুৰি আয়োজন কৰা হৈছে । লগতে চলিত বিত্তীয় বৰ্ষৰ আগতে ৰাজ্যৰ প্ৰায় এক লাখ ভূমিহীন লোকক ভূমি পট্টা আৰু আবন্টন পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ'ব আৰু ইয়াৰ ভিতৰত সকলো সমূদায়ৰ লোক অনুসূচীত জাতি, অনুসূচীত জনজাতি, চাহ জনগোষ্ঠীৰ লোক সকলো অন্তৰ্ভুক্ত থাকিব।

এই সভাত তেওঁ ৰাজ্যৰ পৰিবহন আৰু যোগাযোগৰ বিভিন্ন দিশ উন্নয়নৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে কয় আৰু পৰিবহন বিভাগ উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

তেজপুৰ বিধানসভাৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনায়। লগতে তেওঁ কয় যে ভূমিহীন লোকক ভূমি পট্টা আৰু আবন্টন পত্ৰ প্ৰদানে চৰকাৰৰ বিভিন্ন কল্যাণ মূলক প্ৰকল্প সফলভাৱে বাস্তৱায়ন কৰাত এক গতি প্ৰদান কৰিব ।‌ অতিৰিক্ত জিলা উপায়ুক্ত পৰাগ কাকতিয়েও বিভিন্ন দিশৰ ওপৰত ব্যক্তব্য প্ৰদান কৰে ।

এই সমাৰোহৰ জৰিয়তে প্ৰায় ৬৭২ লোকে ভূমি আবন্টন পত্ৰ লাভ কৰে । ১৫৮ জনে লাভ কৰে খিৰাজ পট্টা আৰু প্ৰায় ৩,৭২৭ বানৰ দ্বাৰা প্ৰভাৱিত লোকে লাভ কৰে ৩,৮০০ টকাকৈ ।

ভূমি পট্টা আৰু আবন্টন পত্ৰ প্ৰদান চৰকাৰৰ এটা উল্লেখনীয় পদক্ষেপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হয় ভূমি পট্টা বিতৰণৰ সমাৰোহ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত উপস্থিত হৈ প্ৰদান কৰে ভূমি পট্টা আৰু আবন্টন পত্ৰ।

ভিডিঅ প্ৰতক্ষ্য কৰক: APYC in Guwahati demands unconditional release of President Kamrul Islam Choudhury

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com