চেক গেট,চিণ্ডিকেট কংগ্ৰেছৰ অৱদানঃবিজেপি

চেক গেট,চিণ্ডিকেট কংগ্ৰেছৰ অৱদানঃবিজেপি

বিজেপি অসম প্ৰদেশ কংগ্ৰেছৰ মন্তব্য যে চেক গেট আৰু চিণ্ডিকেট কংগ্ৰেছৰ দিনত বৃদ্ধি পাইছিল ৷ কাৰণ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত দুৰ্নীতিকাৰীসকলৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ ৰাজ্যত হোৱা চিণ্ডিকিটৰ কাৰণে কংগ্ৰেছে ৰাজ্য চৰকাৰক দোষাৰুপ কৰিছে । আৰু সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া দিবলৈ গৈ বিজেপিয়ে এই মন্তব্য প্ৰকাশ কৰে।

সোমবাৰে গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত হোৱা এখন সংবাদ মেলত ৰূপম গোস্বামীয়ে কয় যে যেতিয়াৰ পৰা সৰ্বানন্দ সোনোৱাল চৰকাৰ শাসনলৈ আহিল তেতিয়াৰ পৰা দুৰ্নীতিৰ বিষয়ে তদন্ত কৰি আছে। ২০১৬ চনৰ ১ জুনৰ পৰা ২০১৯ চনৰ ২১ ছেপ্তেম্বৰলৈকে দুৰ্নীতিৰ বিৰুদ্ধে ৩০৩ টা গোচৰ দাখিল কৰিছে। এই সময়চোৱাত ৯৭৫.৮৮৪ মেট্ৰিক টন কয়লা জব্দ কৰাৰ উপৰিও ৬০২ খন কয়লা বাহন জব্দ কৰা হয়।

অবৈধ কয়লা সৰবৰাহৰ কাৰণে ৪৯৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গোস্বামীয়ে লগতে কয় যে চুপাৰি চিণ্ডিকেটৰ বিৰুদ্ধে ২৩ গোচৰ দাখিল হৈছে। ইয়াৰোপৰি ৬৩ ট্ৰাক আৰু ৫০০৩৫৪ কিলোগ্ৰাম চুপাৰি জব্দ কৰা হৈছে ।আৰু ৩৯ টা অবৈধ চুপাৰি ব্যৱসায়ী গ্ৰেপ্তাৰ হৈছে। লগতে ১৮৪ খন বাহন আৰু ৫৯৮ টা গোচৰ দাখিল হৈছে। ৰাসায়নিক উবেৰকৰ ভিতৰত ৪৩ খন বাহন আৰু ৪,০৪,৬৩৫ কেজি ৰাসায়নিক পদাৰ্থক জব্দ কৰা হৈছে ।

লগতে এই সন্দৰ্ভত ২৬ জন লোক আৰু ২৬ টা কেছ দাখিল হৈছে ৷ গোস্বামীয়ে লগতে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত এনেধৰণৰ তদন্ত কৰা হোৱা নাছিল ৷অন্য এজন বিজেপি নেতা সুভাষ দত্তই কয় যে ৰাজ্যৰ বিত্ত বিভাগে ২০১৬-১৭ বৰ্ষত ১০২৯৩.৭৫ কোটি টকা,বিত্তীয় বৰ্ষ ২০১৭-১৮ ত ১২০৫৫.৭৮ কোটি টকা,২০১৮-১৯ বিত্তীয় বৰ্ষত ১৩৯৭৩.০১ কোটি টকা ৰাজহ সংগ্ৰহ কৰে।

ৰাজ্যৰ পৰিবহন বিভাগে এই সময়ত ২০১৬-১৭ বৰ্ষত ৫৪৬.৬৫ কোটি টকা,২০১৭-১৮ বৰ্ষত ৬৭৫.৪১ কোটি টকা,২০১৮-১৯ বৰ্ষত ৭৩৭.৫৫ কোটি টকা ৰাজহ সংগ্ৰহ কৰে । এই দৰে ৰাজ্যৰ খনিজ বিভাগে ২০১৬-১৭ বৰ্ষত ১৬৫৭.৩৪ কোটি টকা,২০১৭-১৮ বৰ্ষত ১৯১৩.০৯ কোটি আৰু ২০১৮-১৯ বৰ্ষত ২৫৬২. ৮০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Special Police Officer Welfare Society demands regularization of their jobs

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com