Begin typing your search above and press return to search.

ফৰলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ অগ্ৰগতিৰ ক্ষেত্ৰত অসন্তুষ্টি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ফৰলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ অগ্ৰগতিৰ ক্ষেত্ৰত অসন্তুষ্টি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Jun 2019 7:58 AM GMT

ফৰলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ অগ্ৰগতিৰ ক্ষেত্ৰত অসন্তুষ্টি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৃহস্পতিবাৰে শোনিতপুৰ জিলাত চলি থকা ফৰলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে তেজপুৰ বিমান বন্দৰত এন এইচ আই ডি চি এল আৰু গড়কাপ্তানি বিভাগৰ সৈতে বৈঠক অনুষ্ঠিত।

বৈঠকখনৰ সময়ত মুখ্যমন্ত্ৰী সোনোৱালে জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ কামত অসন্তুষ্টি ব্যক্ত কৰে ৷ মুখ্যমন্ত্ৰী সোনোৱালে এন এইচ আই ডি চি এলৰ মহাপ্ৰৱন্ধকত ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাম অনতি পলমে খৰতকীয়া কৰিবলৈ আহ্বান কৰে বিভাগীয় কৰ্তৃপক্ষক ৷ ইফালে যিসকল ঠিকাদাৰে ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাম যথাযথভাৱে কৰা নাই তেওঁলোকৰ বিৰুদ্ধে অনতি পলমে তদন্ত কৰিবলৈ আহ্বান কৰে সোনোৱালে ৷

লগতে মুখ্যমন্ত্ৰী সোনোৱালে পথটোৰ কাম সমাপ্ত নোহোৱা পৰ্যন্ত পথটোৰ যান বাহন চলাচলত সুচল কৰিবলৈ নিৰ্দেশ দিয়ে মহাপ্ৰৱন্ধকক। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী সোনোৱালে নগাঁও সংমণ্ডলৰ গড়কাপ্তানী বিভাগৰ কাৰ্যকৰী অভিযন্তাক তেজপুৰৰ পৰা কলিয়াবৰলৈ নিৰ্মীয়মাণ ৰাষ্ট্ৰীয় ঘাই পথটোৰ কাম অনতি পলমে সমাপ্ত কৰিবলৈ কয় ৷ আৰু মিছন চাৰিআলিৰ পৰা জামুগুৰিলৈ এই পথটো মেৰামতিৰ কাৰণে নিৰ্দেশ দিয়ে ৷

অন্যহাতে তেজপুৰ বিমান বন্দৰৰ সঞ্চালকগৰাকীৰ লগত হোৱা পৰ্যালোচনাৰ পিছত মুখ্যমন্ত্ৰী কয় যে তেজপুৰ বিমান বন্দৰৰ পৰা নিয়মিত বিমানৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে জনসাধাৰণ বিমান যাত্ৰাৰ সুবিধা হোৱাকৈ বিমান বন্দৰ আধুনিকীকৰণ কৰা বিষয়ৰ ওপৰতো পদক্ষেপ গ্ৰহণ কৰিব ৷ উল্লেখ্য যে বৈঠকখনত শোনিতপুৰ জিলাৰ উপায়ুক্ত নৰসিং পাৱাৰ সম্ভাজী উপস্থিত আছিল ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি