কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে(Sarbananda Sonowal) বৃহস্পতিবাৰে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতীন গাডকাৰীৰ লগত এখন বৈঠক অনুষ্ঠিত কৰে ৷ আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান কৰে যে যোৰহাট,মাজুলী, শিৱসাগৰ দিচাংমুখ-টেকেলিফুটা-ঢকুৱাখানা-উত্তৰ লক্ষিমপুৰ সংযোগী দলং নিৰ্মাণৰ প্ৰক্ৰিয়া অতি শীঘ্ৰেই সুনিশ্চিত কৰে ৷

নতুন দিল্লীত হোৱা এই বৈঠকখনত এনএইচএআই আৰু এনএইচআইডিচিএল আধাৰত অসমত নিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বিস্তৃতিভাৱে চৰ্চা কৰে । লগতে সত্ৰ সংস্কৃতিৰ প্ৰধান কেন্দ্ৰ মাজুলীৰ উত্তৰ বেংক আৰু দক্ষিণ বেংকক সংলগ্ন কৰিবলৈ আহ্বান কৰে। মুখ্যমন্ত্ৰী সোনোৱালে কয় যে মাজুলীক সংলগ্ন কৰিবলৈ নিৰ্মাণ কৰা দলংখনৰ কাৰণে নদী দ্বীপটোৰ বিকাশ হ’ব ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে বৈঠকত কয় যে নিৰ্মাণ লগত জৰিত প্ৰাথমিক কাম সম্প্ৰতি সম্পন্ন হৈছে ৷ অনতি পলমে আঁচনিৰ লগত জৰিত কাম সম্পন্ন হ’ব ৷

ইফালে পি ডব্লিউ ডিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেন যুক্ত পথৰ কাম অনতি পলমে সম্পন্ন কৰিবলৈ আৰু এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰীক আহ্বান কৰে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে লগতে কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ বহু অংশৰ সীমিত গতিত প্ৰগতি হোৱাৰ কাৰণে লোকসকলে বহু সমস্যাৰ সন্মুখীন হৈছে ৷ সেয়েহে মুখ্যমন্ত্ৰী সোনোৱালে ৰাষ্ট্ৰীয় ঘাইপথৰ নগাঁৱৰ বাইপাচৰ কলিয়াবৰ(ৰাষ্ট্ৰীয় ঘাইপথ ৩৭),নুমলীগড়ৰ পৰা ডিব্ৰুগড়(ৰাষ্ট্ৰীয় ঘাইপথ ৩৭), ডিগবৈৰ পৰা লিডু(ৰাষ্ট্ৰীয় ঘাইপথ ৩৮),জামুগুৰীৰ পৰা গহপুৰ (ৰাষ্ট্ৰীয় ঘাইপথ ৫২) আদি পথৰ নিৰ্মাণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিছাৰে ৷

সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক এনএইচএআইৰ আধাৰত নিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথ ৫৪ ৰ বালাচেৰাৰ পৰা হৰংগাজাওলৈকে চাৰি লেন যুক্ত পথটিৰ নিৰ্মাণৰ কাৰণে অনুৰোধ কৰে ।সম্প্ৰতি ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ কাৰণে যাত্ৰীসকলৰ চলাচলত অসুবিধাৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰে ৷ লগতে সোনোৱালে শ্ৰীৰামপুৰৰ পৰা গোসাইগাঁওলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নত ব্যৱস্থাৰ কাৰণে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ পৰা সহায় বিচাৰে ৷ আৰু কালিঝাৰ আৰু পাটাচাৰকুচিৰ পথৰ নিৰ্মাণ অনতি পলমে সম্পন্ন হোৱাৰ পিছত সেই অঞ্চলৰ লোকৰ যাতায়ত সূচল হ’ব ৷

অন্যহাতে,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কিছুমান ঠিকাদাৰৰ বিৰুদ্ধে পথ নিৰ্মাণত উদাসীন মনোভাৱৰ প্ৰসংগ উত্থাপন কৰে। আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰা উপযুক্ত ব্যৱস্থা গ্ৰহণৰ কাৰণে আহ্বান কৰে ৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰী সোনোৱাল এনএইচআইডিচিএলৰ অধ্যক্ষক অসমলৈ আনিবৰ কাৰণে কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰীক আহ্বান কৰে ৷

উল্লেখ্য যে এই বৈঠকখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, পথ,স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় খাদ্য প্ৰস্তুতকৰণ তথা সংশোধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ৰ সচিব আৰু অন্যান্য জেষ্ঠ্য বিষয়া,এনএচআইডিচিএলৰ অন্য জেষ্ঠ্য নেতাসকলৰ লগতে অন্যান্য নেতাসকল উপস্থিত আছিল ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com