ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বৈঠক

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বৈঠক

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বৈঠক ৷ জাতিৰ দলিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম সূচী প্ৰকাশ পাব চলিত বৰ্ষৰ ৩১ আগষ্ট’ত ৷সেয়েহে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এন আৰ চি নাম অন্তৰ্ভূতি নোহোৱা লোকসকল আৰু যিসকল লোকক আইনী সহায়তাৰ প্ৰয়োজন হ’ব সেই লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াব ৷

ইফালে এন আৰ চি প্ৰকাশৰ প্ৰাক মূহুৰ্তত ৰাজ্যখনত আইন কানুন সম্পৰ্কীয় দিশক লৈ চিন্তিত হৈ পৰিছে প্ৰশাসন ৷মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সকলো পৰিস্থিতিৰ সন্দৰ্ভত যাৱতীয় তথ্য দি আছে যিসমূহ তথ্য এন আৰ চি প্ৰকাশৰ পিছত আৱশ্যক হ’ব পাৰে ।

ৰাজ্য চৰকাৰে শুক্ৰবাৰে এন আৰ চি সন্দৰ্ভত আলোচনা কৰিবলৈ উপায়ুক্ত আৰু আৰক্ষী অধিক্ষকসকলৰ লগত এখন তৎকালীন বৈঠক অনুষ্ঠিত কৰিব । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল এই বৈঠকখনত উপস্থিত থাকিব । জাতিৰ দলিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম কেৱল অসমতেই চলি আছে।

উচ্চতম ন্যায়ালয়ৰ তদাৰকৰ অন্তৰ্গত হৈ আছে এন আৰ চিৰ কাম। আনহাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম বাদ পৰাসকলে যাতে অন্তৰ্ভূক্তিৰ বাবে আবেদন জনোৱাৰ কাৰণে যাৱতীয় সময় লাভ কৰে,তাৰ কাৰণে নাগৰিকত্ব বিধি সংশোধন কৰি আৱেদনৰ সময় ৬০ দিনৰ পৰিৱৰ্তে ১২০ দিনলৈ বৃদ্ধি কৰা হৈছে ।

ৰাজ্য চৰকাৰে ১৪ খন জিলাত সংবেদনশীল হিচাপে চিনাক্ত কৰিছে ৷ আৰু অতিৰিক্ত চিএপিএফ কৰ্মীক গৃহ মন্ত্ৰ্যালয়ক স্থানান্তৰিত কৰিছে ৷ বৰাক, নামনি অসম আৰু মধ্য অসমত সংবেদনশীল জিলা আছে ৷ ৰাজ্যত প্ৰায় ৩০০ আৰক্ষী থানাই ২৫০০ এনআৰচি সেৱা কেন্দ্ৰত সুৰক্ষা কটকটীয়া কৰি তুলিছে ৷গৃহ আৰু ৰাজনৈতিক বিভাগৰ এক বিশেষ সূত্ৰৰ মতে চিএপিএফৰ ১৪৫ টা অতিৰিক্ত দল নিয়োগ কৰিছে ৷ইয়াৰে ৯০ টা কম্পনী এনআৰচিৰ কাৰণে নিয়োগ কৰা হৈছে ৷

ইয়াৰে ৫৫ টা কম্পনীয়ে ৰাজ্যৰ আইন কানুন ব্যৱস্থা নিৰীক্ষণ কৰিবলৈ আৱশ্যক হ’ব ৷ ইফালে বৰ্তমান অসমত ১৬৪ টা চিএপিএফ কম্পনী আছে ৷ আনহাতে চিএপিএফ কম্পনীৰ সংখ্যা ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত এনআৰচিৰ সময়ত বহুত আছিল ৷সেই সময়ত চিএপিএফৰ সংখ্যা আছিল ২০৯ টা ৷গৃহ আৰু ৰাজনৈতিক বিভাগৰ এক বিশেষ সূত্ৰৰ মন্তব্য যে ২০১৮ চনৰ ৩০ জুলাইত পৰ্যাপ্ত পৰিমাণৰ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছিল ৷ আৰু সাম্প্ৰতিক সময়তো চৰকাৰে এনআৰচিৰ কাৰণে সুৰক্ষা কটকটীয়া ব্যৱস্থা কৰিছে ৷

ইয়াৰ মাজতে ৰাজ্য চৰকাৰ আৰু গৃহ আৰু ৰাজনীতি বিভাগ গৃহ মন্ত্ৰ্যালয়ৰ লগত প্ৰত্যেক সময়তে সু সম্পৰ্কত আছে ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এন আৰ চি সন্দৰ্ভত গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগত বহু বৈঠক অনুষ্ঠিত কৰিছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:One dies on being attacked by stray bull in Bongaigaon

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com