"টীম অসম"ৰ মানসিকতাৰে কাম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

"টীম অসম"ৰ মানসিকতাৰে কাম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসম সচিবালয়ৰ সমূহ কৰ্মচাৰীক "টীম অসম"ৰ মানসিকতাৰে কাম কৰিবলৈ আহ্বান কৰে। লগতে অসমক ভাৰতবৰ্ষৰ অগ্ৰনী ৰাজ্য হিছাপে প্ৰতিষ্ঠা কৰিবলৈ সকলোকে নিষ্ঠাসহকাৰে আত্মনিয়োগ কৰিবলৈ আহ্বান কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷ মংগলবাৰে জনতা ভৱনৰ গণ সেৱা ভৱনত আয়োজিত অসম সচিবালয় সেৱা সন্থাৰ ৭২ সংখ্যক বাৰ্ষিক সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷

এই সভাত অংশগ্ৰহণ কৰি সোনোৱালে অসম সচিবালয়ৰ কৰ্মচাৰীসকলৰ সুবিধাৰ্থে এটা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ ব্যৱস্থা কৰা কথা কয়। লগতে সচিবালয়ত অতিৰিক্ত ভৱনৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷ ইফালে অসমখনক সৰ্বতো প্ৰকাৰে আগুৱাই লৈ যাবলৈ সচিবালয়ৰ কৰ্মচাৰীসকলক চেষ্টা কৰিবলৈ কয় ৷ আৰু ৰাজ্যৰ প্ৰগতিৰ কাৰণে কৰ্মচাৰীসকলক নিজক সমৰ্পিত কৰিবলৈ আহ্বান কৰে ৷

ইফালে ৰাজ্যৰ তিনিবছৰীয়া কাৰ্য কালত বিভিন্ন দিশত যি সফলতা আহৰন কৰা হৈছে ইয়াত সকলো কৰ্মচাৰীৰ নিষ্ঠা আৰু পৰিশ্ৰম জড়িত হৈ আছে বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্য কালৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰথম পাঁচ বছৰীয়া শাসনকালত দেশৰ ভিন্ন প্ৰান্তৰ সকলো জাতি জনগোষ্ঠী,সৰু বৰ ৰাজ্য,১৩০ কোটি জনসাধাৰণৰ বিশ্বাস ভাজন হৈ পৰাৰ কাৰণে দ্বিতীয়বাৰৰ কাৰণে শাসনত অধিস্থিত হৈছে ৷

আমি ঐক্যবদ্ধভাৱে তথা একতাৰে কাম কৰি ৰাজ্যখনক বিকাশৰ পথত আগবঢ়াই নিব লাগিব ৷ বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতসকলে অসমৰ সৈতে বিনিয়োগ কৰাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে ৷ ভূটান আৰু বাংলাদেশে বাণিজ্যিক দূতাবাস কৰাৰ পিছত সম্প্ৰতি ইজৰাইলেও অসমত বাণিজ্যিক সম্পৰ্ক স্থাপনৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে,সদৌ অসম কৰ্মচাৰী পৰিষদৰ অধ্যক্ষ বাসৱ কলিতাৰ অধ্যক্ষতাত হোৱা বৈঠকখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে মুখ্যমন্ত্ৰীৰ সংবাদ উপদেষ্টা আৰু আইনী উপদেষ্টা ক্ৰমে ঋষিকেশ গোস্বামী আৰু শান্তনু ভৰাঁলীৰ লগতে অন্যান্য লোকসকল উপস্থিত আছিল ৷

ইফালে,বিগত সময়ত অসমত উদ্যোগিক বিকাশৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মন্তব্য কৰে যে অসমত ঔদ্যোগিক বিকাশ তথা বিনিযোগৰ কাৰণে উপযুক্ত জলবায়ু আছে ৷ ইফালে সৰ্বানন্দ সোনোৱালে উদ্যোগ আৰু বানিজ্য মন্ত্ৰ্যালয়ক ৰাজ্যত বিনিয়োগ সহজলভ্য কৰাৰ কাৰণে “ইজ অফ ডুইং বিজনেছ” বাস্তৱায়িত কৰিবলৈ নিৰ্দেশ দিয়ে ৷

সোনোৱালে বানিজ্যিক উৎপাদনৰ কাৰণে উদ্যোগ আৰু বানিজ্য মন্ত্ৰ্যালয়ক অন্যান্য বিভাগসমূহৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈ কয় ৷ উৎপাদনৰ ক্ষেত্ৰত পতঞ্জলি,ডাবৰ ইণ্ডিয়া লিমিটেড,ইমামী, হিন্দুস্তান ইউনিলিভাৰ,আইটিচি,ব্ৰিটেইনিয়াৰ আৰু অন্যান্য কম্পনী সমূহে ৰাজ্যত ব্যৱসায় আৰম্ভ কৰিছে ৷ ইয়াৰ উপৰিও হোটেল আৰু চিকিৎসালয় থকা অঞ্চলসমূহত বানিজ্যিক ক্ষেত্ৰত লাভালাভৰ কাৰণে নিজৰ ব্যৱসায় কৰিছে৷

সোনোৱালে উদ্যোগ আৰু বানিজ্য বিভাগক ৰাজ্যত ইজ অফ ডুইং ব্যৱসায়ত পৰিৱৰ্তন আনিবৰ কাৰণে বিজনেছ ৰিফৰ্মচ এক্সন প্লেন তৈয়াৰ কৰিবৰ কাৰণে কয় ৷ইফালে অসম ইজ অফ ডুইং বিজনেছ এক্ট ,২০১৬ চনত চলিত চৰকাৰৰ সময়তে গৃহীত হৈছিল ৷ অন্যহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসমত নেশ্যনেল বেম্ব’ মিশ্যনৰ সন্দৰ্ভে আলোচনা কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com