Begin typing your search above and press return to search.

অৰুণাচল প্ৰদেশৰ বহু অংশক সামৰি চীন চৰকাৰৰ নতুন মানচিত্ৰ প্ৰকাশ

অৰুণাচল প্ৰদেশৰ বহু অংশক সামৰি চীন চৰকাৰৰ নতুন মানচিত্ৰ প্ৰকাশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 April 2020 12:43 PM GMT

অৰুণাচল প্ৰদেশৰ বহু অংশক সামৰি চীন চৰকাৰৰ নতুন মানচিত্ৰ প্ৰকাশ

দেশত ক’ৰ’না মহামাৰীয়ে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে চুবুৰীয়া কমিউনিষ্ট ৰাষ্ট্ৰ চীনে অৰুণাচল প্ৰদেশৰ কেতবোৰ অংশক নিজৰ ভূ-খণ্ডৰ অন্তৰ্ভুক্ত কৰি এখন নতুন মানচিত্ৰ প্ৰকাশ কৰাৰ তথ্য পোহৰলৈ আহিছে। দেশখনৰ চৰকাৰী ডিজিটেল মানচিত্ৰ প্ৰস্তুতকৰ্তা স্কাই মেপে এই আপত্তিজনক মানচিত্ৰ অংকণ কৰিছে। স্কাই মেপ হৈছে চীন চৰকাৰৰ নেচনেল ছাৰ্বেয়িং এণ্ড মেপিং জিঅগ্ৰাফিক ইনফৰমেচন ব্যুৰ’ৰ অধীনৰ সংস্থা। সংস্থাটোৱে অংকণ কৰা এই মানচিত্ৰত অৰুণাচল প্ৰদেশৰ কেতবোৰ অংশক সামৰি লোৱা হৈছে। আগ্ৰাসী চীনৰ এই তথ্য পোহৰলৈ অহাৰ লগে লগে অৰুণাচল প্ৰদেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্যে বৰ্তমানলৈকে ভাৰত চৰকাৰে ঘটনাটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। উল্লেখ্য যে চীনে অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বত আখ্যা দি নিজৰ বুলি দাবী কৰি আহিছে। ইয়াকে লৈ সময়ে সময়ে চীনৰ সৈতে ভাৰতৰ সম্পৰ্কৰো অৱনতি ঘটি আহিছে। শেহতীয়াকৈ দুয়োখন দেশৰ সম্পৰ্ক কিছু উন্নত হয় যদিও চুবুৰীয়া কমিউনিষ্ট ৰাষ্ট্ৰখনে পুনৰ ভাৰতৰ শত্ৰুতাচৰণ কৰিবলৈ লৈছে।তদুপৰি দেশখনৰ আগ্ৰাসী আচৰণক কেন্দ্ৰ কৰি দুবছৰ পূৰ্বে ছিকিম সীমান্তত উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছিল। দুমাহতকৈ অধিক দিন ছিকিমৰ ডকলামত চীন-ভাৰতৰ সেনাই চকুত চকু থৈ অৱস্থান কৰিছিল। অৱশ্যে পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ পূৰ্বেই উত্তেজনা শাম কাটে।

অন্য খবৰৰ বাবে পঢ়ক: মেঘালয়ত আৰু এজন ক’ৰ’না আক্ৰান্ত চিনাক্ত, মুঠ আক্ৰান্তৰ সংখ্যা ১২ লৈ বৃদ্ধি

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি