Begin typing your search above and press return to search.

ডুমডুমাত ফলপ্ৰসু যান বাহন নিয়মৰ আহ্বান চুতীয়া ছাত্ৰ সংগনৰ

ডুমডুমাত ফলপ্ৰসু যান বাহন নিয়মৰ আহ্বান চুতীয়া ছাত্ৰ সংগনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 July 2019 10:13 AM GMT

উজনি অসমৰ উদ্যোগিক স্থানসমূহৰ ভিতৰত অন্যতম ডুমডুমাত যান বাহন ব্যৱস্থাই বিশেষকৈ হাৰাশাস্তিৰ সন্মুখীন কৰোৱাইছে স্থানীয় জনসাধাৰণক । অৱশ্যে এই ক্ষেত্ৰত বহু সংগঠনে বিভাগীয় কৰ্তৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ সদ্যহতে চুতীয়া ছাত্ৰ সন্থাই আৰক্ষী প্ৰশাসনক জিলাখনত উচিত যাতায়ত ব্যৱস্থা কৰিবলৈ আহ্বান কৰিছে।

সংগঠনৰ অধ্যক্ষ সত্যজিত শইকীয়া আৰু সচিব নয়ন জ্যোতি বৰাই এখন স্মাৰক পত্ৰৰ জৰিয়তে চহৰখনত পাৰ্কিং আৰু যাতায়ত নিয়মক উলংঘন কৰাৰ সন্দৰ্ভৰ বিষয়ে উল্লেখ কৰে ৷ ইয়াৰোপৰি ফুটপাথত অবৈধ দোকান,দিন প্ৰতিদিনে বৃদ্ধি পোৱা যান বাহনে লোকসকলৰ অসুবিধা দিনক দিনে সম্প্ৰতি বৃদ্ধি পাইছে।

ডুমডুমা ৰেলৱে ষ্টেশ্যনৰ অল্ড এটি ৰ’ড আৰু নেহেৰু ৰ’ডৰ পৰা গান্ধী চ’কৰ পৰা কলিয়াপানী ৰ’ডত যান বাহন সমস্যাই ব্যাপক ৰূপ ধাৰণ কৰিছে। যাৰ ফল স্বৰূপে সেই ঠাইত থকা লোকসকলে প্ৰদূষিত বায়ু আৰু শব্দ প্ৰদূষণৰ দৰে সমস্যাত ভূগিছে ৷ছাত্ৰ সংগঠনে এই সমস্যামূহৰ সমাধানৰ কাৰণে বিভিন্ন উপায়ৰ ব্যৱস্থাৰ কাৰণে কয় ৷ আৰু জনসাধাৰণৰ মাজত জাগৰণ সৃষ্টি কৰিবলৈ কয় ৷

লগতে যান বাহনৰ ব্যৱস্থা সীমিত কৰিবলৈ পাৰ্কিঙৰ ব্যৱস্থা কৰিবলৈ কয়। ইফালে ছাত্ৰ সংগঠনে বয়োজেষ্ঠ্য নাগৰিক,বিভিন্ন সংগঠন আৰু প্ৰশাসনৰ বিভিন্ন কৰ্মীৰ সহিতে এখন সমিতি তৈয়াৰ কৰিবলৈ আহ্বান কৰে ৷ যাতে অনতি পলমে যান বাহনৰ সমস্যা দূৰ কৰিব পাৰে ৷

গুৱাহাটী যান বাহন আৰক্ষীৰ দ্বাৰা চলোৱা এক অভিযানৰ এক তথ্য অনুসৰি চলিত বৰ্ষৰ এপ্ৰিলত যান বাহন নিয়ম উলংঘাকাৰীসকলৰ পৰা ৪০,৫৩,৩০০ টকা সংগ্ৰহ কৰে ৷ ইয়াৰ ভিতৰত হেলমেট পৰিধান নকৰি বাহন চলোৱাৰ সকলৰ ক্ষেত্ৰত ৭,০৭৬ টা কেছ,চীট বেল্ট পৰিধান নকৰাসকলৰ ২,১৬৯ টা কেছ,টিন্টেদ গ্লাছৰ ক্ষেত্ৰত ৮৩১ টা কেছ,মদ্য পান কৰি বাহন চলোৱাৰ ক্ষেত্ৰত ৫৫৮ টা কেছ,লাইচেন্স জব্দ কৰাৰ ক্ষেত্ৰত ২২১ টা কেছ, ৪৩৮২ টা কৰ্ট কেছৰ সহিতে আইন উলংঘাকাৰীসকলৰ কেছ হৈছে ১৬,৮২১ টা ।

অন্য খবৰৰ বাবে পঢ়ক : কৰ্মস্থলীত সমস্যাৰ সন্মুখীন যান বাহন নিয়ন্ত্ৰণ কৰা মহিলা আৰক্ষীসকল

Next Story
চাকৰি