Begin typing your search above and press return to search.

ছাত্ৰ ছাত্ৰীসকলক কঠোৰ শ্ৰম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ছাত্ৰ ছাত্ৰীসকলক কঠোৰ শ্ৰম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 July 2019 10:52 AM GMT

ছাত্ৰ ছাত্ৰীসকলক কঠোৰ শ্ৰম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ । অসমৰ প্ৰত্যেক গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰিলেহে নিজৰ লগতে দেশৰ উন্নতি কৰিব পাৰিব৷ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ। ডিব্ৰুগড়ত শুভ বৰুৱা শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী সোনোৱালে অংশ গ্ৰহণ কৰি কয় যে অসমৰ প্ৰতি গৰাকী ছাত্ৰৰ যোগ্যতা,কৌশল,দক্ষতা সকলোখিনি আছে ৷

মাত্ৰ তেওঁলোকক কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰে জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত নিজকে আত্ম নিয়োগ কৰিব লাগিব ।সোনোৱালে কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থীসকলক শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা প্ৰদান কৰে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষ্ণু ৰাভা ৰংগ মঞ্চত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত পঞ্চম স্থান লাভ কৰা শ্ৰুতি সোনোৱালক শুভ বৰুৱা শৈক্ষিক বঁটা প্ৰদান কৰাৰ লগতে এখন মানপত্ৰ আৰু এক লাখ টকাৰ চেক প্ৰদান কৰে ৷ লগতে প্ৰথম বিভাগত উত্তীৰ্ণ আন ৯৯৮ গৰাকী ছাত্ৰ ছাত্ৰীক শৈক্ষিক প্ৰতিভা বঁটা আৰু জলপানি প্ৰদান কৰে ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী সোনোৱালে ছাত্ৰ ছাত্ৰীসকলে দৈনিক দহ ঘন্টাক অধ্যয়ন কৰিলে তেওঁলোকৰ সফলতাৰ বাটত কোনো অন্তৰায় হৈ থিয় দিব নোৱাৰে বুলি মন্তব্য কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমিপৰ ৰাজাভেটা উৰনীয়া সেতুৰ শোচনীয় অৱস্থা

Next Story
চাকৰি