অসম দৰ্শন আঁচনি মুকলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ,আৱন্টন জনাব ৭১০ কোটি টকা

অসম দৰ্শন আঁচনি মুকলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ,আৱন্টন জনাব ৭১০ কোটি টকা

অসম দৰ্শন আঁচনি মুকলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ,আৱন্টন জনাব ৭১০ কোটি টকা।এই আঁচনি মুকলি কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে সকলো ধৰ্মৰে ধৰ্মীয় সংস্থান সমূহে মানৱীয় মূল্যবোধ বৃদ্ধি কৰে আৰু মানুহৰ মনত আধ্যাত্মিকতা জাগৃত কৰে । ইয়াৰ দ্বাৰা মানুহৰ মন সংশোধন‌ হোৱা আৰু মূল্য আধাৰিত সমাজ নিৰ্মাণত সহায় কৰে ।

গুৱাহাটীস্থিত পশু চিকিৎসা মহাবিদ্যালয়‌ খেল পথাৰত আয়োজিত এক অনুষ্ঠানত 'অসম দৰ্শন' আঁচনি মুকলি কৰি এই কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ৯১৫ প্ৰতিষ্ঠানসহ সকলো ধৰ্মৰে ধৰ্মীয় স্থান সমূহৰ উন্নয়নৰ বাবে ৭১০ কোটি টকা আৱন্টন কৰা হৈছে বুলি সোণোৱালে ভাষণত উল্লেখ কৰে।। ইয়াৰ ভিতৰত ১৬০ খন দেৱালয়ৰ বাবে ৯ লাখ টকা অতিৰিক্ত বাৰ্ষিক অনুদান আৰু তালিকাভুক্ত ধৰ্মীয় প্ৰতিষ্ঠানসমূহৰ বুনিয়াদী ক্ষেত্ৰসমূহ বিকাশৰ বাবে প্ৰথম কিস্তিত ১০ লাখকৈ টকা প্ৰদান কৰা হ'ব । তদুপৰি ধৰ্মীয় স্থানসমূহলৈ যাতায়তৰ সা -সুবিধাৰ বাবে উপযুক্ত পথ নিৰ্মাণৰ বাবে এই আঁচনিৰ অধীনত ৬১৪.৪৫ কোটি টকা ধাৰ্য কৰা হৈছে ।

মুখ্যমন্ত্ৰী সোণোৱালে লগতে সকলো লোককে অসমক দেশৰ শ্ৰেষ্ঠতম ৰাজ্য সমূহৰ অন্যতম ৰূপে গঢ়ি তুলিবলৈ একগোট হৈ প্ৰয়াস কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে আধ্যাত্মিক জ্ঞানে এখন সু-শৃংখল সমাজ গঠন কৰাত সহায় কৰে আৰু ধৰ্মীয় প্ৰতিষ্ঠানে সমাজৰ অন্ধবিশ্বাস , কু-সংস্কাৰসমূহৰ বিৰুদ্ধে বৈজ্ঞানিক মনোবৃত্তি সৃষ্টিত নেতৃত্ব প্ৰদান কৰে।সত্ৰ আৰু আন ধৰ্মীয় অনুষ্ঠান সমূহক বৈজ্ঞানিক মানসিকতা গঢ়ি তোলা অগ্ৰণী ভূমিকা পালন কৰিবলৈও আহ্বান জনায়। তদুপৰি তেওঁ যুৱ প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ পৰা আঁতৰত ৰখাৰ বাবে সজাগত সৃষ্টি কৰি এক আদৰ্শ সমাজ গঠন কৰিবলৈ আহ্বান জনায়।

তেওঁ কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰ "সবকা সাথ, সবকা বিকাশ,‌সবকা বিশ্বাস" সমাজৰ-এ সকলো ক্ষেত্ৰৰ বিকাশত সহায় কৰিছে আৰু ই ৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজত এক নতুন বিশ্বাস আনিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ জনসাধাৰণে কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহৰ দ্বাৰা অধিক সুৰক্ষিত অনুভৱ কৰে । লগতে তেওঁ উল্লেখ কৰে যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে মিলি কাৰ্যকৰী কৰা কল্যাণমূলক আঁচনিসমূহৰ দ্বাৰা অসমৰ জনগণৰ জীৱনযাত্ৰা উন্নত হৈছে । ৰাজ্যৰ ঐতিহ্য পূৰ্ণ ধৰ্মীয় ক্ষেত্ৰ সমূহ উজ্বলাই তোলাও এই আঁচনিৰ অন্যতম উদ্দেশ্য বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

আনহাতে , সভাত ভাষণ দি বিত্ত মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ জনসাধাৰণৰ জাতি , মাটি আৰু ভেটি‌ ৰক্ষাৰ্থে 'অসম দৰ্শন 'আঁচনি মুকলি কৰা হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com