প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিক্ৰিয়া

প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পি ডব্লিউ ডি বিভাগক প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক আঁচনিৰ অধীনত নিৰ্মাণ কৰা পথসমূহৰ কাম ক্ষিপ্ৰ গতিত কৰিবলৈ আহ্বান কৰে । যাতে বাৰিষা অহাৰ প্ৰাকমুহুৰ্তত সকলো কাম সূচাৰূপে সম্পন্ন হয় ৷ ইফালে বিগত বৰ্ষত ৪৩০০ কিলোমিটাৰ পথৰ নিৰ্মাণত পি ডব্লিউ ডিৰ ভূমিকাক শলাগ লয় ৷

এক সংবাদ বিবৃত্তি অনুসৰি শনিবাৰে জনতা ভৱনৰ কাৰ্যালয়ৰ কক্ষত হোৱা এক বৈঠকত প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত নিৰ্মাণ হোৱা পথসমুহৰ সমীক্ষা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে সকলো পথৰ যাতায়তৰ সুবিধাৰ কাৰণে সা সুবিধা কৰাৰ লগতে পৰিবহনৰ সুবিধাৰ্থে ১০৬৯ খন দলং নিৰ্মাণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷

পি এম জি ৱাই আঁচনিক যোগাযোগ নথকা পথসমূহক যোগাযোগ কৰিবলৈ ব্যৱহাৰ কৰা হয়। সেয়েহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰধানমন্ত্ৰী গ্ৰামীন সড়ক আঁচনিক চাহ বাগান অঞ্চলসমূহত অন্তৰ্ভূক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে মুখ্যমন্ত্ৰী সোনোৱালে কয় যে চাহ বাগানসমূহক বিকাশৰ কেন্দ্ৰ হিছাপে ধৰা হয় ৷

গতিকে সেই অঞ্চলসমূহৰ বিকাশ অত্যন্ত প্ৰয়োজনীয় ৷ইফালে অন্যান্য জিলাৰ ৩২ খন জিলাৰ লগতে ঐতিহাসিক মাজুলীৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী সোনোৱালে। মাজুলীত প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক আঁচনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি সোনোৱালে লগতে পি ডব্লিউ ডিৰ আয়ুক্ত ৰাজেশ কেম্পৰায়ক মাজুলীত প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত স্বীকৃত ১৬৮ কিলোমিটাৰ পথৰ ১১৮ কিলোমিটাৰ পথৰ কাম সম্পূৰ্ণ কৰিবলৈ কয় ৷

ইফালে এনে ধৰণৰ পথ নিৰ্মাণ কৰোতে গাঁওবাসীক নিৰীক্ষণ কৰিবলৈ কয় যাতে গাঁৱৰ পথসমূহ দীৰ্ঘদিন ধৰি ঠিকে থাকে ৷লগতে পথসমূহ নিৰীক্ষণৰ কাৰণে আয়ুক্তক এটি দলৰ গঠন কৰিবলৈ নিৰ্দেশ দিয়ে ৷ এই বৈঠক খনত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া,পি ডব্লিউ ডি আয়ুক্ত ৰাজেশ কেম্পৰাইৰ লগতে অন্যান্য লোকসকল উপস্থিত আছিল ৷

অসমৰ ৰাষ্ট্ৰীয় ঘাই পথৰ অৱস্থা যথেষ্ট শোচনীয় ৷ পথত বিভিন্ন গাঁতৰ সৃষ্টি হোৱাৰ লগতে বাৰিষা অহাৰ লগে লগে পথসমূহৰ দুৰৱস্থা আৰু অধিক শোচনীয় হৈ পৰে ৷ ৰাষ্ট্ৰীয় ঘাই পথক লৈ বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি এই পথসমূহৰ কাম অনতি পলমে আৰম্ভ কৰিবলৈ আহ্বান কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com