কলাক্ষেত্ৰত অসমীয়া শিশু সাহিত্য কোষ মুকলি মুখ্যমন্ত্ৰীৰ

কলাক্ষেত্ৰত অসমীয়া শিশু সাহিত্য কোষ মুকলি মুখ্যমন্ত্ৰীৰ

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে প্ৰস্তত কৰি উলিওৱা এখনি শিশু সাহিত্য কোষ প্ৰকাশ পাইছে ৷ শনিবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই শিশু সাহিত্য কোষ উন্মোচন কৰে ৷ উন্মোচনী ভাষণত মুখ্যমন্ত্ৰীয়ে শিশুক মানবীয় মূল্যবোধৰ শিক্ষণ প্ৰদান কৰা সাহিত্যৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে শিশুক গুৰুত্ব নিদিয়া এখন সমাজ কেতিয়াও সবল হ’ব নোৱাৰে ৷ অসমীয়া সাহিত্যত এই শিশু সাহিত্য কোষে শিশুক মানবীয় গুণৰ শিক্ষাৰ বাবে বৃহৎ প্ৰয়োজনীয়তা পূৰণ কৰিব ৷ এই শিশু সাহিত্য কোষত অসমীয়া শিশু সাহিত্যৰ ৪১টা খণ্ড আছে৷ কম বয়সতে শিশুৰ মনত ৰোপণ হোৱা মূল্যবোধৰ প্ৰভাব দীৰ্ঘস্থায়ী হয় বুলিও মুখ্যমন্ত্ৰী সোণোৱালে ভাষণত উল্লেখ কৰে ৷ উক্ত বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা এই পদক্ষেপক প্ৰশংসা কৰি সোণোৱালে লগতে কয়, “ আজিৰ সমাজে বিভিন্ন দিশত অনেক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ শিশু কালতে মানবীয় গুণৰাজিৰ বিকাশ সাধনত গুৰুত্ব আৰোপ কৰা শিশু সাহিত্যৰ আমাক প্ৰয়োজন হৈছে ৷” সোণোৱালে পুনৰ কয় যে শিশুকালত আহৰণ কৰা শিক্ষা-জ্ঞানৰ প্ৰাসংগিকতা সমগ্ৰ জীৱনজুৰি থাকে ৷ গতিকে শৈশৱ আৰু কৈশোৰ কালত মূল্যবোধৰ শিক্ষা প্ৰদান কৰিব লাগিব বুলি তেওঁ মতপোষণ কৰে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে শিশুসকলে নিজৰ গুণ আৰু দক্ষতাৰ বিকাশ সাধন কৰিব লাগিবই ৷

আনহাতে, সমাজত ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰি সোণোৱালে কয় যে বহু যুৱক-যুৱতী ড্ৰাগছৰ কবলত পৰাত বহু পৰিয়ালৰ সুখ-শান্তি নোহোৱা হৈছে ৷ তেওঁ এই বুলিও কয় যে আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ চৰম উন্নতিৰ সময়তো বহু লোক অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত ডুব গৈ আছে ৷ অনুষ্ঠনত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামীয়েও বক্তব্য আগবঢ়ায় ৷

উল্লেখ্য যে দুবছৰজোৰা কঠোৰ পৰিশ্ৰমৰ অন্তত উক্ত ৰাজ্যিক বিশ্ববিদ্যালয়ে এই শিশু সাহিত্য সংকলন প্ৰকাশ কৰিছে ৷ সংকলনখনিৰ এই উন্মচনী অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ হিতেশ ডেকায়ো ভাষণ দিয়ে ৷

উপাচাৰ্য ডঃ ডেকাই কয় যে সম্ভৱতঃ সমগ্ৰ দেশত প্ৰথমবাৰৰ বাবে এই শিশু সাহিত্য কোষ প্ৰকাশ পাইছে ৷ এই প্ৰকল্পৰ সৈতে জড়িত সকলোকে তেওঁ ধন্যবাদ জনায় ৷

এই সংকলন ডিজিটেল ৰূপত প্ৰকাশৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উপাচাৰ্যগৰাকীয়ে সদৰী কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com