Begin typing your search above and press return to search.

কেব সম্বন্ধীয় সমস্যাক লৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ সোণোৱালৰ

কেব সম্বন্ধীয় সমস্যাক লৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ সোণোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Nov 2019 10:36 AM GMT

কেব সম্বন্ধীয় সমস্যাক লৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ সোণোৱালৰ।নাগৰিকত্ব সংশোধনী বিধেয়ককে ধৰি ৰাজ্যখনৰ কিছুমান জ্বলন্ত সমস্যা সম্পৰ্কত আলোচনাৰ বাবে মঙ্গলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাতৰ বাবে দিল্লীলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হ'ব লগীয়া এই বৈঠক খনত নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যখনত হোৱা প্ৰতিবাদ, নাগাচুক্তি , নুমলিগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণ আৰু বৃহৎ নদী বান্ধ আদিৰ বিষয়ে আলোচনা কৰা হব ।

চৰকাৰী কাৰ্যসূচী অনুসৰি সোণোৱালে বুধবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব।‌ বিভিন্ন সংগঠন যেনে অসম সাহিত্য সভা , জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা আদিয়ে নুমলিগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণ, বৃহৎ নদী বান্ধ আদি বিষয় সমূহত সোণোৱালৰ পোনপটীয়া হস্তক্ষেপৰ দাৱীক গুৰুত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধান মন্ত্ৰীক সাক্ষাৎ কৰিব ।

ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে । লগতে ছাত্ৰ সংগঠনটোৰ‌ নেতা সকলে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্পষ্ট আৰু বলিষ্ঠ পদক্ষেপৰ দাৱী কৰিছে ।

অসম সাহিত্য সভা‌ আৰু সদৌ অসম ছাত্ৰ সন্থাই নুমলিগড় তেল শোধনাগাৰ ব্যক্তিগতকৰনৰ কেন্দ্ৰৰ সিদ্ধান্তক বাতিল কৰিবলৈ মুখ্যমন্ত্ৰীৰ‌ হস্তক্ষেপ বিচাৰে । নুমলিগড় তেল শোধনাগাৰ অসম আন্দোলনৰ আধাৰত নিৰ্মাণ হৈছিল ।

অসম সাহিত্য সভাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰা এক পত্ৰত এন‌ আৰ এল ব্যক্তিগত কৰণ সিদ্ধান্ত উঠাই লবলৈ দাবী উত্থাপন কৰিছিল।

আনহাতে নগা শান্তি চুক্তিৰ বাবে কেন্দ্ৰ আৰু এন এছ চি এম ( আই এম)ৰ মাজত এয়া অন্তিম পর্যায়ত আলোচনা চলি আছে। এই শান্তি চুক্তিৰ ফলত ৰাজ্যৰ আঞ্চলিক অখণ্ডতা ভংগ হ'ব বুলি অসমৰ মানুহে ভয় আৰু শংকাৰ মাজত আছে । সেয়ে এই চুক্তিৰ ফলত অসমৰ প্ৰত্যক্ষ অথবা পৰোক্ষ ভাবে কোনো ক্ষতি নহয় তাক সুনিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ কৰাৰ সম্ভাৱনা আছে।

এই আলোচনাত মুখ্যমন্ত্ৰী সোণোৱালে বৃহৎ নদী বান্ধ নিৰ্মাণ আৰু আত্ম সমৰ্পন কৰা এন ডি এফ বিৰ সদস্য সকলৰ পুন:প্ৰতিষ্ঠা আদি সমস্যাক লৈ আলোচনা কৰিব বুলি জানিব পৰা গৈছে ।‌

অন্য খবৰৰ বাবে পঢ়ক: দিল্লীত অড ইবন নিয়ম: দুচকীয়া বাহনৰ পৰা হয় অত্যাধিক প্ৰদূষণ

ভিডিঅ প্ৰতক্ষ্য কৰক: Bharat Ratna Bhupen Hazarika’s statue inaugurated in Makum

Next Story
চাকৰি