কয়লা চিণ্ডিকেট প্ৰসংগত উত্তপ্ত বিধানসভা

গুৱাহাটী : কয়লা চিণ্ডিকেট প্ৰসংগত উত্তপ্ত বিধানসভা।অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ সময়তে ৰাজ্যৰ এক বিতর্কিত
বিষয় কয়লা ছিণ্ডিকেট প্ৰসংগ উত্থাপন কৰিলে বিৰোধী দল কংগ্ৰেছে। ৰাজ্যৰ কয়লা চিণ্ডিকেটৰ ওপৰত বিৰোধী দলটোৱে চি বি আই তদন্ত দাবী কৰাৰ বিপৰীতে শাসকীয় দলটোৱে ৰাজ্যত কোনো ধৰণৰ ছিণ্ডিকেট চলা নাই বুলি কয়।তেনে সময়তে সদনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু বিধানসভাৰ অধ্যক্ষই বিৰোধী কংগ্ৰেছ দলৰ বিধায়ক ৰূপজ্যোতি কুৰ্মিক সদনৰ পৰা নিলম্বন কৰে ।ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা দুই ঠাইতে চলি থকা কয়লা ছিণ্ডিকেটৰ ক্ষেত্ৰত চিবিআই তদন্ত দাবী কৰি কংগ্ৰেছ দলৰ বিধায়ক সকলে সদন ত্যাগ কৰে।
সদনৰ শূন্যকালীন সময়ত এই প্ৰসংগত উত্থাপন কৰে কংগ্ৰেছী বিধায়ক স্বৰমান আলি আহমেদ আৰু অজন্তা নেওগে।অজন্তা নেওগে কয় যে ৰাজ্যত এতিয়াও পূৰ্ণগতিত কয়লা চিণ্ডিকেট
চলি আছে। কিছুমান গোটে সংগঠিত ভাবে ৰাজ্যত চিণ্ডিকেট চলাই আছে।লিডু,লেখাপানী আৰু অন্য কিছুমান ঠাইত এই চিণ্ডিকেট পূর্ণগতিত চলি আছে।উত্তৰ পূৱৰ দিশত কয়লা ছিণ্ডিকেট সম্পৰ্কত প্ৰায় ১৫৭ টা গোচৰ
পঞ্জীয়ন হৈছে।অবৈধ কয়লা ছিণ্ডিকেটে বহু বনাঞ্চল ধংশ কৰিছে।আন নেলাগে শাসকীয় দলৰ এজন বিধায়কে এক ভিডিও ৰ দ্বাৰা দেখুৱাইছে অবৈধ ভাৱে কয়লা খনন কৰি কঢ়িয়াই নিয়া ট্ৰাক। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহণশীলতাৰ কথা কোৱা ৰাজ্য চৰকাৰে কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে চি বি আই তদন্ত কৰাৰ দাবী কৰে বিধায়িকাগৰাকীয়ে।
অন্যহাতে এই প্ৰসংগত স্বৰমান আলি আহমেদৰ মন্তব্য, কয়লাৰ অবৈধ খননৰ বাবে ৰাজ্যই বহু ৰাজহ হেৰুৱাব লগা হৈছে।কয়লাৰ অবৈধ খননৰ বাবে পাটকাই পাহাৰ ধ্বংসৰ দিশত।এই ক্ষেত্ৰত আমি আন একো নিবিচাৰোঁ কিন্তু ৰাজ্যত ছিণ্ডিকেট চলি আছে আৰু এই ক্ষেত্ৰত অতি সোনকালে তদন্ত হব লাগে বুলি দাবী জনায় কংগ্ৰেছী গৰাকীয়ে।
অন্যহাতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধীৰ অভিযোগ খণ্ডন কৰি কয় যে ৰাজ্যত কোনো ছিণ্ডিকেট চলা নাই।
Also Read: জলবায়ু পৰিবৰ্তনৰ প্ৰত্যাহ্বান : ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে ভাৰত চাহ নিগমৰ প্রজেক্ট
Also Watch: Two weeks national workshop on research methodology at Bodoland University concluded