২০২১ৰ পাছতো আজমলৰে আমাৰ মিত্ৰতা থাকিবঃ গগৈ

২০২১ৰ পাছতো আজমলৰে আমাৰ মিত্ৰতা থাকিবঃ গগৈ

আসন্ন ৰাজ্যসভা নিৰ্বাচনে কংগ্ৰেছ আৰু এ আই ইউ ডি এফক মিত্ৰতাৰ বান্ধোনেৰে বান্ধ খুৱালে। অহা ২৬ মাৰ্চত ৰাজ্যত তিনিখন আসনৰ বাবে অনুষ্ঠিত হ’বলগা ৰাজ্যসভা নিৰ্বাচনৰ এখন আসনত উমৈহতীয়া প্ৰাৰ্থী দিয়া দুয়োটা দলে আগন্তক বিধানসভা নিৰ্বাচন একেলগে খেলিব। কেৱল সেয়াই নহয়, পৰৱৰ্তী সময়তো দুয়োটা দলে মিত্ৰতা অটুট ৰাখিব। সাংবাদিকৰ শুকুৰবাৰে এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। কালি কংগ্ৰেছ আৰু এই আই ইউ ডি এফক উমৈহতীয়া প্ৰাৰ্থী জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয়,” ২০২১ৰ বিধানসভা নিৰ্বাচন আমি একেলগে খেলিম। কেৱল এ আই ইউ ডি এফেই নহয়, আমি চি পি আই, চি পি এম আদিৰ সৈতেও মিত্ৰতা কৰিবলৈ সাজু আছো।বিজেপিয়ে এ আই ইউ ডি এফক সাম্প্ৰদায়িক আখ্যা দিয়ে, কিন্তু বিজেপি অধিক সাম্প্ৰদায়িক। গেৰুৱা দলটোৱে অসমক বিভাজিত কৰিবলৈ অপচেষ্টা চলাইছে। আমি গেৰুৱা দলক ক্ষমতাচ্যুত কৰিবলৈ আগন্তুক বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধ যুঁজ দিম”।

উল্লেখ্য যে মুখ্যমন্ত্ৰী কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত এবাৰ গগৈয়ে আজমল কোন বা হু ইজ আজমল বুলি দাম্ভিক মন্তব্য কৰিছিল। অৱশ্যে পাছলৈ তেওঁৰ এই স্থিতি বহু পৰিমাণে শিথিল হৈ পৰে। আনকি সম্প্ৰতি গগৈয়ে আজমলৰ সৈতে মুকলিকৈ হাত মিলালে। ইপিনে, ভূঞাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থকা এ আই ইউ ডি এফৰ মুৰব্বী আজমলে কয় যে সম্প্ৰতি ৰাজ্যৰ নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী শক্তিসমূহে মতুন শক্তি লাভ কৰিলে। উল্লেখ্য যে জ্যেষ্ঠ সাংবাদিক ভূঞাই নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী প্ৰতিবাদত সক্ৰিয় ভূমিকা পালন কৰিছিল। অৱশ্যে তেওঁ কংগ্ৰেছ-এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰূপে ৰাজ্যসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাক লৈ শাসকীয় বিজেপিৰ উপৰি কেতবোৰ পক্ষই বিৰূপ মন্তব্য কৰি আহিছে।

লক্ষ্যণীয় যে্ বিগত বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফৰ বাবে কংগ্ৰেছে কেইবাখনো আসন হেৰুৱাবলগা হ’ল বুলি চৰ্চিত হৈ আহিছে। আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ আকোৰগোঁজ স্থিতিৰ বাবে এই নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা সম্ভৱ হৈ নুঠিল। অৱশ্যে ২০১৯ৰ লোকসভা নিৰ্বাচনত দুয়োটা দলে ভিতৰুৱা বুজাবুজি কৰে। এই বুজাবুজি সূত্ৰে এ আই ইউ ডি এফে মাথোঁ তিনিখন আসনতহে প্ৰাৰ্থী থিয় কৰোৱায়। অৱশ্যে কলিয়াবৰৰ আসনখনক বাদ দি আন আসনত লাভান্বিত নহ’ল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com