Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক কংগ্ৰেছে অস্বীকাৰ কৰা নাইঃ বিৰোধী দলপতি দেবব্ৰত শইকীয়া

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক কংগ্ৰেছে অস্বীকাৰ কৰা নাইঃ বিৰোধী দলপতি দেবব্ৰত শইকীয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Sep 2019 7:03 AM GMT

বিৰোধী দলপতি দেবব্ৰত শইকীয়াই প্ৰকাশ কৰে যে কংগ্ৰেছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত সুচীক অস্বীকাৰ কৰা নাই । চূড়ান্ত এন আৰ চি প্ৰকাশৰ পিছত বহু ৰাজনৈতিক দল আৰু ৰাজনৈতিক নেতাৰ মাজত প্ৰতিক্ৰিয়া দেখা গৈছে ৷এক গুৰুত্বপূৰ্ণ কথা এয়ে যে এনআৰচি প্ৰকাশৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ইয়াক ঐতিহাসিক দস্তাবেজ বুলি আখ্যা দিয়াৰ বিপৰীতে তেওঁৰ সহযোগী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জীত কুমাৰ দাসে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক খাৰিজ কৰিছে ৷

কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে দেবব্ৰত শইকীয়াই স্পষ্ট কৰি দিয়ে যে চূড়ান্ত এনআৰচি ত্ৰুটি মুক্ত নহয় তথাপি এই দলিলখন অসমক বিদেশীমুক্ত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷অন্তিম এনআৰচিৰ পৰা বাদ পৰা ১৯,০৬,৬৫৭ জন লোকৰ ভিতৰত বহু প্ৰকৃত ভাৰতীয়ৰ নাম আছে ৷চাহ জনগোষ্ঠীৰ লোক,গোৰ্খা,আৰু বিভিন্ন জাতি জনজাতিৰ লোকৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে ৷

লগতে বৰ্তমান বিধায়ক আৰু স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ লোকৰ নামো আশ্চৰ্য্যকৰ ভাৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰিছে ৷তথাপিও চৰকাৰৰ তৎপৰতা থাকিলে এই ত্ৰুটি সমূহ অনাগত সময়ত শুধৰাব পৰা যাব ৷ আনহাতে কংগ্ৰেছে এনআৰচিৰ পৰা বাদ পৰা এই লোকসকলক সকলো আইনী দিবলৈ নতুন দিল্লীত আলোচনী কৰে ৷

কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ২০০৫ চনত সদৌ অসম ছাত্ৰ সন্থাৰ লগত হোৱা ত্ৰিপাক্ষিক আলোচনাৰ ভিত্তিত এনআৰচি উন্নীতকৰন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। গতিকে সম্প্ৰতি ৰাজ্য চৰকাৰৰ দায়িত্ব হ’ল যে যদি কোনো বিদেশীৰ নাম চূৰান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তভূক্ত হৈছে সেইসমুহ বাদ দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগতে যিসকল প্ৰকৃত ভাৰতীয়ৰ নাম এনআৰচিত স্থান পোৱা নাই সেইসকলক বিদেশী ন্যায়াধিকৰণলৈ নোযোৱাকৈ ন্যায় দিয়াৰ চেষ্টা কৰিব লাগে। এই মন্তব্য দেবব্ৰত শইকীয়াৰ ৷

অন্য খবৰৰ বাবে পঢ়ক: অসম প্ৰদেশ কংগ্ৰেছে কমিটিৰ সভাপতি ৰিপুণ বৰাৰ পদত্যাগ পত্ৰ প্ৰেৰণ

ভিডিঅ প্ৰতক্ষ্য কৰক:The Golaghat District Go Palak Santha stages protest by throwing several litres of milk

Next Story
চাকৰি