Begin typing your search above and press return to search.

অসম্পূৰ্ণ দলং নিৰ্মাণ কাম: অসুবিধাৰ সন্মুখীন স্থানীয় ৰাইজ

অসম্পূৰ্ণ দলং নিৰ্মাণ কাম: অসুবিধাৰ সন্মুখীন স্থানীয় ৰাইজ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jun 2019 10:10 AM GMT

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দলং আৰু পথৰ অসম্পূৰ্ণ নিৰ্মাণৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হব লগা হয় অঞ্চলবাসী। দলং আধা নিৰ্মাণ কৰাকৈ বছৰৰ পাছত বছৰ পেলাই থোৱাৰ ফলত স্থানীয় লোকে যথেষ্ট অসুবিধা সন্মুখীন হব লগা হৈছে । কাৰ্বি আংলং জিলাৰ আৰ চি চি দলং খন ডকমকা বজাৰ- বন্ধনগাও পথৰ নিৰ্মাণ কাৰ্যয়ে ইয়াৰ জলন্ত প্ৰমাণ।

উল্লেখ যে এই দলং খনৰ নিৰ্মানৰ কাম আৰম্ভ কৰিছিল ২০১৪ চনৰ ফেব্ৰুৱাৰীৰ পৰা । কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণ নহল দলংৰ কাম । কিন্তু ইয়াৰ বাবে দায়ী কোন পি ডব্লিউ ডি নে ঠিকাদাৰ নে আন বিভাগ সমূহ? কিন্তু এনে ধৰণৰ অসম্পূৰ্ণ কামৰ পৰিনাতি ভূগিব লগা হৈছে অঞ্চল বাসীয়ে। যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাৰ লগতে বৃহৎ পৰিমাণৰ ৰাজহুৱা ধনৰ অপচয় হয়। বিত্ত বিভাগৰ লগতে পি ডব্লিউ ডি আৰু ঠিকাদাৰৰ অবহেলাৰ বাবে এনে সমস্যাৰ সৃষ্টি হৈছে ।

কেতিয়াবা বিত্ত বিভাগে দলংৰ নামত ধন পলমকৈ আবন্টন দিয়া হয় । কিন্তু উল্লেখনীয় ভাৱে পি ডব্লিউ ডিয়ে এনে ঠিকাদাৰ সমূহৰ বিৰুদ্ধে কোনো ব্যবস্থা গ্ৰহণ নকৰে । এনে ক্ষেত্ৰত চৰকাৰে কি ব্যবস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষ্যণীয় হব ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি