গোলাঘাটত ড্ৰাগচ মাফিয়া আৰু অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে সৰব সচেতন নাগৰিক

গোলাঘাটত ড্ৰাগচ মাফিয়া আৰু অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে সৰব সচেতন নাগৰিক

গোলাঘাট জিলাত ড্ৰাগচ মাফিয়া আৰু অনৈতিক কাৰ্যকলাপ ৰোধ কৰিবলৈ গোলাঘাট আৰক্ষী আৰু জিলা প্ৰশাসন ব্যৰ্থ হৈছে । এই ক্ষেত্ৰত জিলা খনত সচেতন নাগৰিক সকলক সৰব হৈ পৰা পৰিলক্ষিত হৈছে ।

জিলা খনত জিলা প্ৰশাসন আৰু জিলা আৰক্ষীৰ অবহেলা আৰু অজ্ঞতাৰ বাবে অনৈতিক কাৰ্যকলাপৰ লগতে আৰু ড্ৰাগচ ব্যবসায় বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যোৱা তিনি বছৰত সুৰাৰ ব্যবহাৰ লগতে ড্ৰাগচ, গুটকা আৰু বিভিন্ন অনৈতিক কাৰ্যকলাপৰ বৃদ্ধি পাইছে গোলাঘাট জিলাত। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলকে মুকলিকৈ সুৰা সেৱন কৰাৰ লগতে ড্ৰাগচ সেবন কৰাৰ মাত্ৰা বৃদ্ধি পাইছে । এই ক্ষেত্ৰত অভিযোগ বহু বাৰ উত্থাপন হৈছে যদিও আৰক্ষী প্ৰশাসনে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । এই ক্ষেত্ৰত গোলাঘাটৰ সচেতন নাগৰিকে আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনৰ ওচৰত বহুবাৰ অভিযোগ উত্থাপন কৰিছে আৰু বিভিন্ন সময়ত বহুতো ড্ৰাগচ ব্যবসায়ৰ লগতে অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু তাৰ পাছতো বিভাগীয় কতৃপক্ষয়ে গুৰুত্ব প্ৰদান কৰা নাই বুলি প্ৰকাশ কৰে ।

৯ জুনত গোলাঘাট আৰক্ষী থানাৰ অধিনত চান্দমাৰিৰ বাসগৃহত সঞ্জীৱ গোস্বামী নামৰ এজন ছাত্ৰ ড্ৰাগচ সেৱনৰ ফলত মৃত্যু হয় । সঞ্জীৱ গোস্বামীৰ মৃত্যুৰ পাছতে পৰিয়ালৰ লোকে ড্ৰাগচ সৰবৰাহকাৰী জ'জ' এলিয়াচ আৰু মৃনাল গগৈ আৰু বিৰুদ্ধে গোচৰ তৰিছিল যদিও আৰক্ষী কোনো ব্যবস্থা গ্ৰহণ কৰা নাই । সঞ্জীৱ গোস্বামীৰ মৃত্যুত বহুতো সংস্থা আৰু সচেতন লোকে গোলাঘাট চহৰলৈ ওলাই আহি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । গোলাঘাট জিলাত ড্ৰাগচ মাফিয়া সকলৰ বিৰুদ্ধে আৰক্ষী আৰু জিলা প্ৰশাসনৰ ভূমিকাত ক্ষুদ্ধ হৈ পৰিছে সচেতন নাগৰিক ।

আনহাতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা কমিটিয়ে গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ড্ৰাগচ মাফিয়াৰ বিৰুদ্ধে ৬ ঘন্টাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল । ড্ৰাগচ মাফিয়া আৰু অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে শীঘ্ৰে ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

কেৱল গোলাঘাট জিলাতে নহয় সমগ্ৰ ৰাজ্যতে সুৰা সেৱনৰ লগতে ড্ৰাগচ সেবন কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে । এই ক্ষেত্ৰত বিভিন্ন সময়ত বহুতো সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ড্ৰাগচ মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰি আহিছে। কিন্তু আৰক্ষী প্ৰশাসন ড্ৰাগচ মাফিয়াৰ কাৰ্যকলাপ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই । বিভিন্ন সময়ত ৰেলী আৰক্ষীৰ লগতে জি আৰ পি এফে বৃহৎ পৰিমাণৰ ড্ৰাগচ জব্দ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ ধুবুৰী আৰক্ষীয়ে ৪৯০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে । এই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ হোৱা ঘটনাই সমগ্ৰ দেশতে চাঞ্চ্যলৰ সৃষ্টি কৰিছে ।ধুবুৰী আৰক্ষীৰ এই সফলতাক অসম আৰক্ষীয়ে প্ৰশংসা কৰিছিল ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com