Begin typing your search above and press return to search.

ভাৰতত ক’ৰ’না মহামাৰীত মৃত্যুৰ সংখ্যা ৭২৫জনলৈ বৃদ্ধি , আক্ৰান্তৰ হ’লগৈ ২৩, ২৩৯জন

ভাৰতত ক’ৰ’না মহামাৰীত মৃত্যুৰ সংখ্যা ৭২৫জনলৈ বৃদ্ধি , আক্ৰান্তৰ হ’লগৈ ২৩, ২৩৯জন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 April 2020 10:50 AM GMT

ভাৰতত ক’ৰ’না মহামাৰীত মৃত্যুৰ সংখ্যা ৭২৫জনলৈ বৃদ্ধি , আক্ৰান্তৰ হ’লগৈ ২৩, ২৩৯জন

দেশত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কৰ’না মহামাৰীত আক্ৰান্ত আৰু মৃতৰ সংখ্যা। অসম, মণিপুৰ, গোৱা আদি কেইখনমান ৰাজ্যত সংক্ৰমণ একপ্ৰকাৰ ৰোধ হ’লেও কেতবোৰ স্থানত পৰিস্থিতি শোচনীয় হৈ আছে অথবা পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে। শেহতীয়া তথ্য অনুসৰি দেশত আজি শুকুৰবাৰলৈকে ক’ৰ’না মহামাৰীত ৭২৫জন লোকৰ মৃত্যু হৈছে আৰু আক্ৰান্তৰ সংখ্যা ২৩,২৩৯ জনলৈ বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰে পাঁচ হেজাৰ সুস্থ হৈছে। শুকুৰবাৰে এখন সংবাদমেলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে মাথোঁ কালিৰ দিনটোত দেশত ক’ৰ’না মহামাৰীত নতুনকৈ ১৬০০ লোক আক্ৰান্ত হয়। এনে পৰিস্থিতিত একাংশ ৰাজ্যৰ চৰকাৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইপিনে, আজিৰ পৰা দেশৰ কেতবোৰ অঞ্চলত কিছুমান কাম-কাজ আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত নিৰ্দেশনাও জাৰি কৰিছে। দেশৰ যিবোৰ অঞ্চলত ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা নাই সেই অঞ্চলসমূহত চৰ্তসাপেক্ষে কেইটামান সেৱা আৰম্ভ কৰাৰ অনুমতি দিছে।আনহাতে, বিশ্বজুৰি সংহাৰ চলোৱা ক’ৱিড-১৯ মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ সমষ্টি বাৰাণসীত মানববিহীন ক্ষুদ্ৰ আকাশীযান(ড্ৰন)ৰ সহায়ত এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ চেষ্টা চলোৱা হৈছে। পৰ্যায়ক্ৰমে সমগ্ৰ দেশত এনে ব্যৱস্থা হাতত লোৱা হ’ব। প্ৰথমে এনে ব্যৱস্থা হাতত লোৱাৰ উদ্দেশ্যে এক বিশেষ ধৰণৰ ড্ৰন তৈয়াৰ কৰা হৈছে।

এই ক্ষেত্ৰত প্ৰধান ভূমিকা পালন কৰিছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা কাৰ্যালয় (পি এছ এ)-এ। এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে পি এছ এ আৰু দেশৰ ৰাষ্ট্ৰীয় বিনিয়োগ উত্তৰণ সংস্থা ইনভেষ্টমেণ্ট ইণ্ডিয়াই অগ্নি মিছন আৰু ইনভেষ্ট ইণ্ডিয়াৰ বিজনেছ ইমিউনিটী প্লেটফৰ্মে সহযোগিতাৰে প্ৰধানমন্ত্ৰী মোদীৰ গৃহ সমষ্টি বাৰানসীত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ নিঃশেষৰ উদ্যোগ লৈছে। এই উদ্দেশ্য এবিধ বিশেষভাবে সজোৱা হৈছে।ইতিমধ্যে বাৰাণসীত এনে ড্ৰন নিয়োগ কৰা হৈছে। এনে ড্ৰনৰ জৰিয়তে আকাশৰ পৰা একোটা বৃহত অঞ্চল, স্পৰ্শকাতৰ অঞ্চল, বহু লোকৰ বসতিস্থল আদিত বীজাণুনাশক ছটিয়াব পৰা হব। আনহাতে, এই চৰকাৰী উদ্যোগলৈ সহযোগিতা আগবঢ়াই আগবাঢ়ি আহিছে চেন্নাইস্থিত হেল্পিং গাৰুডা এৰোস্পেচ শীৰ্ষক এটা সংস্থা। সংস্থাটোৱে এনেদৰে এই মহামাৰীৰ ভাইৰাছ নাশৰ বাবে লোৱা কাৰ্যসূচী সমগ্ৰ দেশতে ৰূপায়নৰ পোষকতা কৰিছে।প্ৰয়োজন অনুসৰি সংস্থাটোৱে চৰকাৰলৈ সহযোগিতা আগবঢ়াব বুলিও ঘোষণা কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক:কাৰাবন্দী কা-বিৰোধী আন্দোলনকাৰীক মুক্তিৰ দাবী বহু সংগঠনৰঃ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story