ক’ৰ’না মহামাৰীঃ বিশ্বত আক্ৰান্তৰ সংখ্যা চাৰি লক্ষাধিকলৈ বৃদ্ধি

ক’ৰ’না মহামাৰীঃ বিশ্বত আক্ৰান্তৰ সংখ্যা চাৰি লক্ষাধিকলৈ বৃদ্ধি
ক’ৰ’না মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতি ক্ৰমে জটিলৰ পৰা জটিল হৈ উঠিছে। শেহতীয়া তথ্য অনুসৰি সমগ্ৰ বিশ্বত এই পৰ্যন্ত এই মহামাৰীত চাৰি লাখ ৭১হেজাৰ ৪০৭জন হৈছে। তদুপৰি ১৫ হেজাৰৰো অধিক লোক মৃত্যুমুখত পৰিছে। ভাৰততো ক’ৰ’না মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। বুধবাৰলৈকে এই মহামাৰীত ছয় শতাধিক লোক আক্ৰান্ত হৈছে। উত্তৰ-পূবতো এগৰাকী যুৱতীসহ দুজন লোক এই মহামাৰীত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে।
আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে। ইতিমধ্যে দেশৰ বিভিন্ন স্থানত ১১ জন লোকে এই মহামাৰীত প্ৰাণ হেৰুৱাইছে। এনে জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে অহা ১৪ এপ্ৰিললৈকে দেশত সম্পূৰ্ণ তলাবন্ধ ঘোষণা কৰিছে। তলাবন্ধৰ নীতি-নিয়মাৱলী কঠোৰভাবে মানি চলিবলৈ সকলো লোকলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে।
ইতিমধ্যে চৰকাৰে দৰিদ্ৰ আৰু নিম্ন বিত্ত লোকৰ বাবে সাহায্য ঘোষণা কৰিছে। অসম চৰকাৰেও অত্যাৱশ্যকীয় সামগ্ৰী পৰ্যাপ্ত পৰিমাণত মজুত আচে বুলি ঘোষণা কৰিছে। ৰাইজক অযথা আতংকিত নহ’বলৈ আহ্বান জনাই বুধবাৰে এখন সংবাদমেলত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কয় যে ৰাজ্যত পৰ্যাপ্ত পৰিমাণত খাদ্য-বস্তু মজুত আছে। আনহাতে, লক-ডাউনৰ নীতি-নিয়ম ভংগ কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ব্যৱস্থা লোৱা হ’ব বুলি চৰকাৰে সকীয়াই দিছে।
সংবাদমেলত মুখ্য সচিব সঞ্জয় কৃষ্ণই লগতে কয় যে যি সকল লোক বিগত কিছুদিনত ৰাজ্যৰ বাহিৰৰ পৰা আহিছে তেওঁলোকৰ হাতত মোহৰ লগোৱা হৈছে। আনকি তেওঁলোকক ঘৰত আছুতীয়াকৈ থাকিবলৈ দিয়া হৈছে। ৰাজ্যৰ সকলো জিলা উপায়ুক্তক এয়া চোৱা-চিতা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গাওঁ সুৰক্ষা বাহিনী(ভি ডি পি), গাওঁবুঢ়াৰ লগতে আশাকৰ্মীসকলে তেওঁলোকক চোৱা চিতা কৰি আছে। যদি তেওঁলোকে ঘৰৰ বাহিৰলৈ ওলাই তেন্তে তেওঁলোকৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত বিহীত ব্যৱস্থা লোৱা হ'ব ।
চৰকাৰে স্পষ্ট কৰি দিছে যে জৰুৰীকালীন সেৱাৰ বাহিৰে কোনো লোকে যদি আইন উলংঘা কৰে তেন্তে তেওঁলোকে নিজৰ হৈ সংকট মাতি অনা হ'ব ।
ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলব্ধতা সম্পৰ্কে মুখ্য সচিবগৰাকীয়ে সংবাদমেলত কয়,"আমাৰ ওচৰত তিনি মাহৰ বাবে ৩,০৯,০০০ মেট্ৰিক টন চাউল মজুত আছে। ইয়াৰ উপৰি ১০,০০০ মেট্ৰিক টন এন এ এফ ই ডিৰ পৰা সৰবৰাহ কৰাৰ যো-জা চলোৱা হৈছে । লগতে আমাৰ ওচৰত ৫,০০০ মেট্ৰিক টন চেনিও আছে । ইতিমধ্যে বুধবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ১২ খন ৰেল তিনিচুকীয়া আহি পাইছে "।
লগতে তেওঁ কয় যে এই ২১ দিনীয়া তলাবন্ধৰ সময়ত খাদ্য-সামগ্ৰীৰ দোকানসমূহ খোলা থাকিব , আৰু মাছ-মাংসৰ দোকানো খোলা হ’ব । জিলা উপায়ুক্তসকলক এই দোকান সমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কিছুমান বস্তুৰ অভাৱ হ'ব পাৰে কিয়নো এই সময় অতি সংকটাপন্ন বুলি উল্লেখ কৰি লগতে তেওঁ কয় যে ৰাজ্যত ৰন্ধন গেছৰ পৰ্যাপ্ত ভাণ্ডাৰ আছে। ইপিনে, অসম আৰু পশ্চিমবংগ সীমান্তত লক-ডাউনৰ বাবে আৱদ্ধ হোৱা লোকসকলক সম্পৰ্কে মুখ্য সচিবে কয় যে সেই লোক সকলক তাৰ পৰা অনাৰ নিৰ্দেশ জাৰি কৰা হৈছে। তেওঁলোকক ১৪ দিনৰ বাবে ঘৰত আছুতীয়াকৈ ৰখা হ'ব ।
অন্য খবৰৰ বাবে পঢ়ক: লক-ডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ কোনো অভাৱ নহয়ঃ আশ্বাস ৰাজ্য চৰকাৰৰ
ভিডিঅ প্ৰতক্ষ্য কৰক: Sellers take advantage of helplessness of panic stricken citizens by overpricing commodities