ক’ৰ’না মহামাৰীঃ অসমত ব্যাপক হাৰত উলংঘন তলাবন্ধৰ নীতি-নিয়ম

ক’ৰ’না মহামাৰী প্ৰতিৰোধঃ অসমত ব্যাপক হাৰত উলংঘন তলাবন্ধৰ নীতি-নিয়ম । ক’ৰ’না ভাইৰাছৰ প্ৰকোপ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ দিনৰ বাবে সমগ্ৰ দেশজুৰি ঘোষণা কৰিছে তলা বন্ধ । কোৰোনা ভাইৰাছৰ পৰা মানৱ জাতিক ৰক্ষা কৰাৰ সকলোতকৈ শ্ৰেষ্ঠ পদক্ষেপ আখ্যা দিছে সামাজিক তথা শাৰীৰিক দূৰত্ব বজাই ৰখাটোক । অসমতো চৰকাৰে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ জনতাৰ প্ৰতি বাৰম্বাৰ আহ্বান জনাই আছে।
যোৱা ২৪মাৰ্চৰ পৰা আৰম্ভ হোৱা এই তলাবন্ধৰ সময়চোৱাত ৰাজ্যবাসী যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে চৰকাৰে জনতাক বিনামূলীয়া চাউলৰ লগতে আন প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰিছে। কিন্তু ইয়াৰ অজুহাতত কিছুসংখ্যক লোকে অবাধে ভংগ কৰিছে সামাজিক দূৰত্ব। ৰাজ্যৰ বিভিন্ন জিলা প্ৰশাসনেও সামাজিক দূৰত্ব বজাই ৰাখিবলৈও আহ্বান জনাই আহিছে।
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ৰাজহুৱা স্থানত ক’ৰ’না ভাইৰাছৰ প্ৰকোপ অধিক বা এনেবোৰ স্থানত এই মাৰাত্মক ভাইৰাছ এজনৰ শৰীৰৰ পৰা আন এজনলৈ সহজে সোঁচৰে । কিন্তু দেখা বিভিন্ন অজুহাত দি ঘৰৰ পৰা উলাই আহি বহু লোকে বাহিৰত বিচৰণ কৰিবলৈ লৈছে। উদাহৰণস্বৰূপে প্ৰধানমন্ত্ৰী জন-ধন যোজনাত জমা হোৱা ধন উলিয়াবলৈ বহু লোকে বেংকত ভিৰ কৰিবলৈ লৈছে। এনেবোৰ কৰ্মৰ দ্বাৰা ব্যাপক হাৰত উলংঘন হৈছে তলাবন্ধৰ বিধি বা সামাজিক দূৰত্ব।
চৰকাৰে বিনামূলীয়া চাউল বিতৰণৰ বাবে সুলভ মূল্যৰ সামগ্ৰীৰ দোকানৰ লগতে কিছু দোকান চয়ন কৰিছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটীৰ বিভিন্ন স্থানতো এনে সমগ্ৰীৰ যোগান ধৰা হৈছে। কিন্তু লোকসকলে সামাজিক দূৰত্ব উলংঘন কৰা দেখা যায়।
অসমত বিশেষকৈ গুৱাহাটীত কেনেদৰে লোক সকলে সামাজিক দূৰত্ব এৰি চলিছে ? ক’ৰ’না ভাইৰাছত আক্ৰান্ত ত্ৰিপুৰাৰ গীতাৰাণী কৰ্মকাৰে গুৱাহাটীৰ কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল। একেদৰে ধুবুৰীৰ ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্যক্তি জামালুদ্দিন হাজীও গুৱাহাটীলৈ আহিছিল। আনহাতে, এতিয়াও প্ৰশাসনে সেইসকল লোকক চিনাক্ত কৰিব পৰা নাই যিসকল লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল। বহুতেই চকিত হৈছে যে ,চাউল বিতৰণ কৰাৰ আগত প্ৰশাসনে সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত কিয় কোনো উচিত পদক্ষেপ গ্ৰহণ কৰা নাই ? যদি প্ৰশাসনে কোনো উচিত পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে তেন্তে বিনামূলীয়া চাউল বিতৰণ বন্ধ কৰিব লাগে । ৰাজ্যৰ বিভিন্ন স্থানত শাক-পাচলিৰ দোকানত লোকৰ ভিৰ সচাকৈয়ে ৰাজ্যৰ বাবে এক শংকা ।
তদুপৰি স্বাস্থ্য বিভাগ বা আন জৰুৰী সেৱাৰ সৈতে জড়িত লোকসকলে দুচকীয়া , চাৰিচকীয়া বাহনত বিচৰণ কৰি থকা পৰিলক্ষিত হৈছে। প্ৰশাসনেও সেইসকল লোকৰ বিৰুদ্ধে কোঠোৰ হোৱা দেখা যোৱা নাই যিয়ে লকডাউনৰ নীতি নিৰ্দেশনা উলংঘন কৰিছে।
অন্য খবৰৰ বাবে পঢ়ক: দেশজোৰা তলাবন্ধ : চাহেব-ই-বাৰাত ঘৰৰ ভিতৰতে পালনৰ আহ্বান মুছলমান সমাজৰ
ভিডিঅ প্ৰতক্ষ্য কৰক: War against COVID-19: Assam Health Department signs 22 MoUs with private hospitals in Silchar