Begin typing your search above and press return to search.

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ হাৰ কম, সামাজিক সংক্ৰমণ নাই : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়‌

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ হাৰ কম, সামাজিক সংক্ৰমণ নাই : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়‌

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 April 2020 6:07 AM GMT

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ হাৰ কম, সামাজিক সংক্ৰমণ নাই : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়‌। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শুকুৰবাৰে কয় যে দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ‌ হাৰ বেছি নহয় আৰু দেশত এতিয়ালৈকে কোনো সামূহিক সংক্ৰমণ হোৱা নাই।

গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে কয় যে ক’ৰ’না ভাইৰাছ আন বহু ভাইৰাছৰ দৰে সংক্ৰমিত নহয়। গতিকে মানুহ শংকিত হোৱাৰ কাৰণ নাই।

তেওঁ কয় যে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা অধিক নহয়, উদাহৰণস্বৰূপে যদি এদিনত ১৬,০০০ নমুনা পৰীক্ষা কৰা হয় তেন্তে তাৰে ০.২%হে পজিটিভ হয় বা এই নমুনাসমূহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।‌ চৰকাৰৰ ১৪৬ টা পৰীক্ষাগাৰত ক’ভিড-১৯ ৰ নমুনা পৰীক্ষা কৰা হৈছে। লগতে ৬৭ টা ব্যক্তিগত পৰীক্ষাগাৰত নমুনা পৰীক্ষাৰ বাবে অনুমতি দিয়া হৈছে।‌

তেওঁ কয় যে এই বছৰৰ জানুৱাৰীত ক’ৰ’না ভাইৰাছৰ দ্বাৰা আাক্ৰান্ত ৰোগীৰ নমুনা পৰীক্ষাৰ বাবে দেশত মাত্ৰ এটা পৰীক্ষাগাৰ আচিল। পিছত ইয়াৰ সংখ্যা ১৫ টালৈ বৃদ্ধি পায়। লগতে তেওঁ কয় যে এতিয়া এদিনত ২.৫ লেবত আপস্কেলিং কৰা হয় ।‌

আগৰৱালে কয় যে সংক্ৰমণৰ পৰিমাণ বেছি নহ'লেও মানুহ সতৰ্ক হৈ চলিব লাগিব আৰু কি কৰিব লাগে, কি কৰিব নালাগে তাক মানি চলিব লাগিব। হাইড্ৰাক্সীক্লৰকুইনৰ উপলব্ধতা সস্পৰ্কত তেওঁ কয় যে দেশত তিনি কোটিতকৈ অধিক টেবলেট উপলব্ধ আছে আৰু জৰুৰী সময়ৰ বাবে প্ৰায় ১ কোটি টেবলেট আছে।‌

আগৰৱালে লগতে জনায় যে সম্প্ৰ্তি দেশত ক’ৰ’না ভাইৰাছ পজিটিভৰ সংখ্যা ৬,৪১২ । ইয়াৰে ৫০৩ জন ইতিমধ্যে সুস্থ্য হৈ উঠিছে। তদুপৰি এই মহামাৰীত দেশত মৃত্যু হৈছে ১৯৯জন লোকৰ ।

অন্য খবৰৰ বাবে পঢ়ক: দেশজোৰা তলাবন্ধ : চাহেব-ই-বাৰাত ঘৰৰ ভিতৰতে পালনৰ আহ্বান মুছলমান সমাজৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি