Begin typing your search above and press return to search.

আন্দোলনে কপাইছে সমগ্ৰ ৰাজ্য, কেবৰ বিৰুদ্ধে কটন কলেজৰ ৰণ হুংকাৰ

আন্দোলনে কপাইছে সমগ্ৰ ৰাজ্য, কেবৰ বিৰুদ্ধে কটন কলেজৰ ৰণ হুংকাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Dec 2019 12:22 PM GMT

আন্দোলনে কপাইছে সমগ্ৰ ৰাজ্য, কেবৰ বিৰুদ্ধে কটন কলেজৰ ৰণ হুংকাৰ । নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচী অব্যাহত আহে । বিভিন্ন ছাত্ৰ সংগঠন ৰাজনৈতিক সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে ।

আজি কটন কলেজৰ চৌহদত অনুষ্ঠিত কৰা হয় ৰণ হুংকাৰ কাৰ্যসূচী । কটন কলেজৰ মজিয়াৰ পৰা কটন কলেজৰ ছাত্ৰ সমাজৰ বিধেয়ক বিৰোধী ৰণ হুংকাৰ ৷ কটন কলেজকে ধৰি বিভিন্ন ছাত্ৰ সংগঠন নামি পৰিছে প্ৰতিবাদত ।

বহুকেইখন বিদ্যালয় , মহাবিদ্যালয় , বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে অংশগ্ৰহণ কৰে কটন কলেজত হোৱা ৰণ হুংকাৰ কাৰ্যসূচীত ৷

সাহিত্যিক , বুদ্ধিজীৱী , শিল্পীসমাজ আৰু সমাজকৰ্মী লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে এই কাৰ্যসূচীত।‌

হাজাৰ হাজাৰ ছাত্ৰছাত্ৰী য়ে দিল্লী দিছপুৰক সকিয়াই দিব খুজে এয়া কেৱল প্ৰতিবাদৰ আৰম্ভণিহে যদিহে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰে অনাগত সময়ত ইয়াতকৈ ভয়াৱহ হব পৰিস্থিতি গঢ়ি তুলিব দল সংগঠন‌ সমূহে ।

এই ৰঙ হুংকাৰ কাৰ্যসূচীত অসমৰ বিয়াৰ আমঠু জুবিন গাৰ্গো উপস্থিত থাকে। জুবিনে তেওঁৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেওঁৰ স্থিতি দৃঢ় কৰে । জুবিনে কয় যে ১৯৭১ চনৰ পিছত ভগৱান আহিলেও অসমত ঠাই দিয়া নহ'ব । উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ জুবিন গাৰ্গৰ ।

লগতে কয় যে জুবিনৰ খং নুঠাব । চৰকাৰে নিজৰ শক্তি দেখুৱাইছে এতিয়া ৰাইজৰ শক্তি দেখুৱাৰ ভাবুকি প্ৰদান কৰে জুবিন গাৰ্গে। জুবিন গাৰ্গে কোনো পধ্যেই নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নোলোৱাৰ কথা প্ৰকাশ কৰে ।‌

এই ৰণ হুংকাৰ কাৰ্যসূচীত জুবিন গাৰ্গৰ উপৰিও আন বহু শিল্পীয়ে অংশ গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

এই কাৰ্যসূচীত হীৰেন গোহাঁয়েও অংশ গ্ৰহণ কৰে। তেওঁ কয় যে বিধেয়কখনৰ বিৰুদ্ধে দীৰ্ঘদিনধৰি মাত মাতি অহা বয়সীয়াল বুদ্ধিজীৱীজনে কয় যে ছাত্ৰ সমাজ আগবাঢ়ি অহাটোৱে আন্দোলনটোৰ শক্তি বৃদ্ধি কৰিছে। লগতে ছাত্ৰ ছাত্ৰী সকলক পঢ়া শুনাত ক্ষতি নকৰিবলৈ ও আহ্বান জনায় ।

অন্য খবৰৰ বাবে পঢ়ক : হায়দৰাবাদৰ দলবদ্ধ ধৰ্ষণ কাণ্ড: চাৰি অভিযুক্তক গুলিয়াই হত্যা কৰা বুলি স্পষ্ট আৰক্ষীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Mahila Congress staged protest against PM Modi-led BJP Govt in Tinsukia

Next Story
চাকৰি