Begin typing your search above and press return to search.

ক’ৰ’না মহামাৰী: প্ৰায় সমগ্ৰ দেশজুৰি লক-ডাউন, এতিয়ালৈকে ১০ জনৰ মৃত্যু

ক’ৰ’না মহামাৰী: প্ৰায় সমগ্ৰ দেশজুৰি লক-ডাউন, এতিয়ালৈকে ১০ জনৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 March 2020 3:23 PM GMT

ক’ৰ’না মহামাৰী: প্ৰায় সমগ্ৰ দেশজুৰি লক-ডাউন, এতিয়ালৈকে ১০ জনৰ মৃত্যু।

সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে ক’ৰ’না মহামাৰীয়ে । ভাৰততো উদ্বেগজনকভাবে বৃদ্ধি পাইছে ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ সংখ্যা। শেহতীয়া তথ্য অনুসৰি এই ভাইৰাছ সংক্ৰামিত ৰোগীৰ সংখ্যা পাঁচ শতাধিকলৈ বৃদ্ধি পাইছে। মঙ্গলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি ভাৰতত সম্প্ৰতি ক’ৰ’না ৰোগীৰ সংখ্যা প্ৰায় ৫১৯ জন । তদুপৰি এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ ১০ জন‌ৰ মৃত্যু হৈছে। মঙ্গলবাৰে আৰু অধিক ৫২ টা ঘটনা পোহৰলৈ আহে।

ইয়াৰ মাজতে ৪০ জন‌ ক’ৰ’না আক্ৰান্ত লোক বৰ্তমানলৈ প্ৰায় সুস্থ হৈ উঠিছে।

উল্লেখ্য যে এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্য যোৱা দেওবাৰে সমগ্ৰ দেশতে জনতা কাৰ্ফিউ পালন কৰা হয়। তদুপৰি সোমবাৰে মহাৰাষ্ট্ৰ, দিল্লী আৰু পঞ্জাৱ চৰকাৰে কাৰ্ফিউ ঘোষণা কৰাৰ লগতে অসমকে ধৰি দেশৰ ৩০ খন ৰাজ্যত লক ডাউন ঘোষণা কৰা হয়।

উল্লেখ্য যে এতিয়ালৈকে পশ্চিমবংগ, হিমাচল প্ৰদেশ, দিল্লী, পঞ্জাৱ, গুজৰাট, বিহাৰ , কৰ্ণাটকত ক’ৰ’না আক্ৰান্ত কেইবাজনো ৰোগীৰ মৃত্যু হৈছে।

সমগ্ৰ বিশ্বজুৰি এই ভাইৰাছত আক্ৰান্ত হৈ প্ৰায় ১৫,০০০ তকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু প্ৰায় চাৰে তিনি লাখ লোক প্ৰভাৱিত হৈছে।‌

কেন্দ্ৰীয় চৰকাৰে‌ এই ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য বিভিন্ন ব্যৱস্থা হাতত লৈছে। লক ডাউনৰ সময়ত কোনো লোক ঘৰৰ বিনা কাৰণত বাহিৰলৈ উলালে তেনে লোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ'ব।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না মহামাৰী : আগন্তুক তিনিমাহলৈ মাচুল অবিহনে যিকোনো এ টি এমৰ পৰা উলিয়ব পাৰিব ধন

ভিডিঅ প্ৰতক্ষ্য কৰক: Fear of Coronavirus has decreased Market sales in Guwahati.

Next Story
চাকৰি