চৌদিশে তীব্ৰ আতংকঃ অসমত ১৬জনলৈ বৃদ্ধি ক’ৱিড-১৯ আক্ৰান্ত

চৌদিশে তীব্ৰ আতংকঃ অসমত ১৬জনলৈ বৃদ্ধি ক’ৱিড-১৯ আক্ৰান্ত
তীব্ৰ হাৰত বৃদ্ধি পাইছে অসমত ক’ৱিড আক্ৰান্তৰ সংখ্যা ৷ মাথোঁ ২৪ঘণ্টাৰ ভিতৰতে এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ১৬জনলৈ বৃদ্ধি পাইছে ৷ বুধবাৰৰ দিনটোতে ১৫জন ক’ৱিড আক্ৰান্ত চিনাক্ত কৰা হয়। এই সকলো আক্ৰান্তই দক্ষিণ দিল্লীৰ নিজামুদ্দিন দৰগাহত অলপতে অনুষ্ঠিত জামাতত অংশ লোৱাটো নিশ্চিত কৰা হৈছে। উল্লেখ্য যে ৰাজ্যৰ প্ৰথমজন ক’ৱিড-১৯ আক্ৰান্ত চিনাক্ত হয় কৰিমগঞ্জত। ৫২ বছৰীয়া এই লোকজন সম্প্ৰতি শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন হৈ আছে। মঙলবাৰে তেওঁ ক’ৱিড-১৯ত আকান্ত হোৱাটো নিশ্চিত কৰা হয়। আনহাতে, আন ১৬ জন ক’ৱিড আক্ৰান্তৰ চাৰিজন দিল্লীত আছে। এই ১৬ আক্ৰান্তৰ আঠজন গোলাঘাট জিলাৰ বিভিন্ন স্থানৰ। তিনিজন জাগীৰোডৰ। এজন নলবাৰীৰ। তেওঁলোকৰ নমুনা যোৰহাট মেডিকেল কলেজ হাস্পতালত পৰীক্ষা কৰা হয়। স্বাস্থ্য বিভাগৰ সূত্ৰই আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধিৰ আশংকা কৰিছে।
ইপিনে, অৰুণাচল প্ৰদেশতো এজন ক’ৱিড-১৯ আক্ৰান্ত ধৰা পৰিছে। এই লোকজনেই হৈছে ৰাজ্যখনৰ প্ৰথমজন ক’ৱিড আক্ৰান্ত ব্যক্তি। তদুপৰি মণিপুৰতো আন এজন ক’ৱিড আক্ৰান্ত ধৰা পৰিছে। দুয়োজন লোকেই নিজামুদ্দিনৰ জামাতত অংশ লৈছিল। উল্লেখ্য যে সম্প্ৰতি মণিপুৰত ক’ৱিড-১৯ আক্ৰান্তৰ সংখ্যা দুজনলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে লণ্ডনত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ শৰীৰত এই মাৰাত্মক ৰোগৰ বীজাণু ধৰা পৰিছিল। উল্লেখ্য যে চৰকাৰী নীতি-নিয়ম উলংঘা কৰি নিজামুদ্দিন দৰগাহত আয়োজন কৰা জামাতত অসমকে ধৰি দেশ-বিদেশৰ দুই সহস্ৰাধিক লোকে অংশ লয়। এইসকল লোকৰ দ্বাৰাই সমগ্ৰ দেশত এই মহামাৰী বিয়পি পৰাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে নিজ নিজ ৰাজ্যলৈ উভতি যোৱা একাংশ জামাতীৰ কমেও সাতজন মৃত্যুমুখত পৰিছে। তদুপৰি দুই শতাধিকৰ শৰীৰত এই মহামাৰীৰ বীজাণু ধৰা পৰিছে।
অন্য খবৰৰ বাবে পঢ়ক : অসমত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা নজনলৈ বৃদ্ধি
ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables