Begin typing your search above and press return to search.

ক’ৰ’না ভাইৰাছ আতংকঃ চাৰি দেশৰ পৰ্যটকৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা কেন্দ্ৰৰ

ক’ৰ’না ভাইৰাছ আতংকঃ চাৰি দেশৰ পৰ্যটকৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা কেন্দ্ৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 March 2020 7:05 AM GMT

ক’ৰ’না ভাইৰাছ আতংকঃ চাৰি দেশৰ পৰ্যটকৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা কেন্দ্ৰৰ

ইজনৰ পাছত সিজনকৈ দেশত ক’ৰ’নাভাইৰাছ(ক’ৱিড-১৯) আক্ৰান্ত কে’বাজনো লোক চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে বিদেশী পৰ্যটকৰ ক্ষেত্ৰত ভ্ৰমণ পৰামৰ্শাৱলী(ট্ৰেভেল এডভাইজৰী)সূচীৰ সংশোধন ঘটাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে মঙলবাৰে জাৰি কৰা এই সংশোধিত ভ্ৰমণসূচী পৰামৰ্শাৱলীৰ জড়িয়তে ভাৰত ভ্ৰমণ কৰিবলৈ বিচৰা বিশ্বৰ চাৰিখন দেশৰ পৰ্যটকৰ ক্ষেত্ৰত ভিছা প্ৰদানকে ধৰি আনুসংগিক নিয়মাৱলী সলনি তথা কঠোৰ কৰি তোলা হৈছে। এই চাৰিখন দেশ হৈছে ইটালী, ইৰাণ, জাপান আৰু দক্ষিণ কোৰিয়া। কাৰণ এই দেশসমূহত বহু লোক এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। অলপতে ৰাজস্থানৰ জয়পুৰত ইটালীৰ এজন পৰ্যটকৰ দেহত ক’ৰ’নাভাইৰাছ ধৰা পৰে। সম্প্ৰতি এই বিদেশী নাগৰিকজন জয়পুৰৰ এছ এম এছ হাস্পতালত চিকিত্সাধীন হৈ আছে। এই পৰ্যটকজনকে ধৰি ক’ৰ’নাভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা ভাৰতত ছজনলৈ বৃদ্ধি পাইছে। কেন্দ্ৰই সংশোধন ঘটোৱা ট্ৰেভেল এডভাইজৰী অনুসৰি ইটানী, দক্ষিণ কোৰিয়া আৰু ইৰাণৰ যিসকল লোকে ভাৰত ভ্ৰমণ কৰিবলৈ ভিছা বিচাৰি আবেদন জনাইছিল, তেওঁলোকে নতুনকৈ আবেদন জনাব লাগিব।এই নিৰ্দেশনা তাত্ক্ষণিকভাবে কাৰ্যকৰী হৈছে।

এই সংশোধিত ট্ৰেভেল এডভাইজৰীত লগতে কোৱা হৈছে যে ইতিমধ্যে উক্ত দেশসমূহৰ যিসকল লোকক ভিছা প্ৰদান কৰা হৈছে আৰু তেওঁলোকে ভাৰতত উপস্থিত হোৱা নাই, সেইসকলৰ ভিছা বাতিল কৰা হৈছে। তদুপৰি কেন্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে ক’ৰ’নাভাইৰাছ বিয়পি পৰাত বাধা দিয়াৰ উদ্দেশ্য আন কেতবোৰ পদক্ষেপো গ্ৰহণ কৰিছে। ইয়াৰ অংশস্বৰূপে স্বাস্থ্য মন্ত্ৰ্যালয়ে দেশৰ সকলো ৰাজ্যৰ উপায়ুক্তসকল, চিকিত্সা মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকল আৰু সকলো জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকসকলক সাধাৰণ লোকৰ মাজত সজাগতা সৃষ্টিৰ কাৰ্যসূচী ল’বলৈ নিৰ্দেশ জাৰি কৰিছে।একেদৰে ৰাজ্যসমূহৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু শিক্ষা বিভাগকো এলানি কাৰ্যসূচী ল’বলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে নিৰ্দেশ দিছে। এই কাৰ্যসূচীৰ অংশস্বৰূপে সাধাৰণ লোকক ক’ৰ’নাভাইৰাছ সম্পৰ্কে তথ্য আৰু শিক্ষা প্ৰদান তথা সাধাৰণ লোকৰে যোগাযোগ অব্যাহত ৰাখিব লাগিব।

ইতিমধ্যে দেশৰ সীমান্তৱৰ্তী জিলাসমূহত ক’ৰ’নাভাইৰাছ সম্পৰ্কীয় ৭৩ খন গাঁওসভাৰ আয়োজন কৰা হৈছে। একেদৰে ক’ৰ’নাভাইৰাছ প্ৰতিৰোধৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে দেশৰ বিমানকোঠসমূহতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিমানকোঠসমূহত এম্বুলেন্সসহ অহৰ্নিশে চিকিত্সক আৰু স্বাস্থ্যকৰ্মী সাজু কৰি ৰখা হৈছে।ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’নাভাইৰাছক লৈ আতংকিত নহ’বলৈ দেশবাসীৰ প্ৰতি আহ্বান জনাইছে। সকলোকে সহযোগিতাৰে ক’ৰ’নাভাইৰাছ প্ৰতিৰোধৰ কাম কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে এটা টুইটত কয়,“আতংকিত হোৱাৰ প্ৰয়োজন নাই। আমি স্-সুৰক্ষাৰ বাবে একেলগে কাম কৰিব লাগিব”।

অন্য খবৰৰ বাবে পঢ়ক : বাংলাদেশৰ পৰা অহা সকলো লোকেই ভাৰতীয় : মমতা বেনাৰ্জী

ভিডিঅ প্ৰতক্ষ্য কৰক: Almost 500 pigs die in Dhemaji! Carcasses found floating on Tongani River, Panic erupts

Next Story
চাকৰি