Begin typing your search above and press return to search.

গো-মূত্ৰ, গোবৰে ক’ৰ’নাভাইৰাছ আক্ৰান্তক আৰোগ্য কৰেঃ বিধায়িকা হৰিপ্ৰিয়া

গো-মূত্ৰ, গোবৰে ক’ৰ’নাভাইৰাছ আক্ৰান্তক আৰোগ্য কৰেঃ বিধায়িকা হৰিপ্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 March 2020 9:19 AM GMT

গো-মূত্ৰ, গোবৰে ক’ৰ’নাভাইৰাছ আক্ৰান্তক আৰোগ্য কৰেঃ বিধায়িকা হৰিপ্ৰিয়া

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’নাভাইৰাছ প্ৰতিৰোধ কৰে গো-মূত্ৰ আৰু গৰুৰ গোবৰে! এই দাবী অসমৰ এগৰাকী বিজেপি বিধায়িকাৰ। হাজো সমষ্টিৰ বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াই দাবী কৰে যে গো-মূত্ৰ পান কৰালে আৰু গৰুৰ গোবৰ খোৱালে ক’ৰ’নাভাইৰাছত আক্ৰান্ত লোক আৰোগ্য হয়। যি সময়ত বিশ্বজুৰি ক’ৰ’নাভাইৰাছ প্ৰতিৰোধৰ ঔষধ উদ্ভাৱনৰ উদ্দেশ্য অনেক চিকিত্সা বিজ্ঞানীয়ে গৱেষণা অব্যাহত ৰাখিছে, তেনে সময়তে বিজেপি বিধায়িকাগৰাকীয়ে এই দাবী কৰে। অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ সময়ত মঙলবাৰে ৰাজ্যৰ পৰা গৰুৰ চোৰাং চালানৰ প্ৰসংগক লৈ চৰ্চা হয়। এই চৰ্চা চলি থকাৰ সময়তে বিজেপি বিধায়িকাগৰাকীয়ে মন্তব্য কৰে যে গৰুৰ গোবৰ আৰু গৰুৰ মূত্ৰই ক’ৰ’নাভাইৰাছ প্ৰতিৰোধ কৰে। নিজৰ দাবীৰ সমৰ্থনত বিধায়িকা হৰিপ্ৰিয়াই লগতে কয়,“ আমি সকলোৱে জানো যে গোবৰ অতি সহায়কাৰী। একেদৰে গৰুৰ মূত্ৰ কোনো স্থানত ছটিয়ালে সেই স্থান বিশুদ্ধ হয়। মই বিশ্বাস কৰো যে গো-মূত্ৰ আৰু গোবৰ এনেধৰণে ব্যৱহাৰ কৰি ক’ৰ’নাভাইৰাছ ৰোগ নিৰাময় কৰিব পাৰি”। অতীতত ঋষি-মুনিসকলে গোবৰ ব্যৱহাৰ কৰি যজ্ঞ কৰোতে যজ্ঞস্থলীৰ পৰা পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ পৰিসৰৰ অঞ্চলো পবিত্ৰ হৈছিল বুলি মন্তব্য কৰি বিধায়িকাগৰাকীয়ে আৰু কয়,“ আমাৰ চৰকাৰে গো-মূত্ৰ আৰু গোবৰৰ জড়িয়তে মাৰাত্মক ক’ৰ’নাভাইৰাছ প্ৰতিৰোধৰ চেষ্টা কৰা উচিত”। নিজৰ দাবীত অটল থাকি বিধায়িকা হৰিপ্ৰিয়াই পুনৰ কয় যে গুজৰাটৰ এখন আয়ুৰ্বেদিক চিকিত্সালয়ত গো-মূত্ৰৰে কৰ্কট ৰোগীক চিকিত্সা কৰা হয়।এনেদৰে কৰ্কট ৰোগো গো-মূত্ৰৰে চিকিত্সা কৰি আৰোগ্য কৰিব পাৰি বুলি বিধায়িকাগৰাকীয়ে সদনত দাবী কৰে।

স্বাভাৱিকতেই বিধায়িকাগৰাকীৰ এই দাবীয়ে ব্যাপক নেতিবাচক চৰ্চা অৰ্জন কৰিছে। বহু ফে’চবুক ব্যৱহাৰকাৰীয়ে তেওঁক উদ্দেশি স-কৌতুক আৰু ব্যংগাত্মক মন্তব্য কৰিছে।লক্ষ্যণীয় যে বিজেপিৰ প্ৰতি সহমৰ্মিতা থকা একাংশ সংগঠনৰ নেতা-কৰ্মীয়েও গো-মূত্ৰ আৰু গৰুৰ গোবৰে ক’ৰ’নাভাইৰাছ প্ৰতিৰোধ কৰে বুলি দাবী কৰি আহিছে। এনে এক দাবী কৰি অলপতে হিন্দু মহাসভাৰ সভাপতি চক্ৰপানী মহাৰাজে কয়, “ নিয়মীয়াকৈ গো-মূত্ৰ পান কৰি আৰু গৰুৰ গোবৰ খাই ক’ৰ’নাভাইৰাছ প্ৰতিৰোধ কৰিব পাৰি। কেৱল ওম নমঃ শিৱায় মন্ত্ৰ উচ্চাৰণ কৰা আৰু গো-মূ্ত্ৰ পান কৰা তথা গৰুৰ গোবৰ খোৱা লোকহে এই মাৰাত্মক ৰোগৰ পৰা ৰক্ষা পৰিব। ক’ৰ’নাভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য আমি অচিৰেই এক যজ্ঞৰ আয়োজন কৰিম”।

তেওঁ লগতে এইবুলিও মন্তব্য কৰে যে তেওঁলোকে ক’ৰ’নাভাইৰাছ নিধনৰ উদ্দেশ্যৰেও এক যজ্ঞৰ আয়োজন কৰিব। কেৱল মহাৰাজেই নহয়, ক’ৰ’নাভাইৰাছ প্ৰতিৰোধ সম্পৰ্কে অনুৰূপ মন্তব্য কৰিছে বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা পৰিচালিত এখন গো-শালাৰ পৰিচালক অভিষেক বাজপাই নামৰ লোকজনেও।

অন্য খবৰৰ বাবে পঢ়ক: অসমত বিনিয়োগৰ বাবে আগ্ৰহ ,মুখ্যমন্ত্ৰী সোণোৱালক সাক্ষাৎ জাপানৰ ৰাষ্ট্ৰদূতৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Sangrami Oikya Manch staged 24 hour sit-in demonstration against CAA 2019 in Nagaon’s Kampur

Next Story
চাকৰি