Begin typing your search above and press return to search.

অসমৰ দুটা কাগজ কল পুনৰুজ্জীৱনৰ দাবীত চিপিআই(এম)ৰ কামৰূপ জিলা কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰে

অসমৰ দুটা কাগজ কল পুনৰুজ্জীৱনৰ দাবীত চিপিআই(এম)ৰ কামৰূপ জিলা কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 May 2019 11:35 AM GMT

চিপিআইএমৰ কামৰূপ জিলা কমিটিয়ে আজি অসমৰ দুটাকৈ কাগজ কল পুনৰুজ্জীৱন কৰিবলৈ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী ক্লাবৰ পৰা মেঘদুদ ভৱনলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চিপিআইএমে ।

প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চিপিআইএমে জাগীৰোড আৰু পঞ্চগ্ৰামৰ কাগজ কল পুনৰুজ্জীৱন কৰিবলৈ দাবী জনাইছে । লগতে কাগজ কল কেইটা পুনৰুজ্জীৱন নোহোৱালৈকে কৰ্মচাৰী সকলক চিকিৎসাৰ সুবিধা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ খাদ্য যোগান ধৰা আৰু তেওঁলোকৰ শিশুসকলক শিক্ষাৰ খৰচ দিবলৈ দাবী জনাই । লগতে কাগজ কলৰ কৰ্মচাৰী সকলৰ দৰমহা শীঘ্ৰেই দিবলৈ দাবী জনাই ।

আজি কামৰূপ জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে চিপিআইএমে ।

কামৰূপ জিলা কমিটিৰ চিপিআইএম সভাপতি সতানজিৱ দাসে প্ৰকাশ কৰে যে ২০১৭ ত জাগীৰোড কাগজ কল আৰু ২০১৫ খনত পঞ্চগ্ৰামৰ কাগজ কল বন্ধ হৈছিল । কাগজ কল দুটা বন্ধ হোৱাৰ ফলত ইয়াৰ কৰ্মচাৰী আৰু জৰিত লোকসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । কৰ্মচাৰী সকলে ২৭ মাহে দৰমহা লাভ কৰা নাই আৰু আৰ্থিক অনাতনৰ ফলত ৫৩ কৰ্মচাৰীয়ে বৰ্তমানলৈকে জীৱন দান দিছে আৰু কৰ্মচাৰী সকলৰ ল'ৰা ছোৱালীয়ে অৰ্থৰ অভাৱত শিক্ষা আধাতে সামৰিব লগাৰ পৰিষ্ঠিতি সৃষ্টি হৈছে ।

২৯ এপ্ৰিলত জাগীৰোড কাগজ কলৰ বিশ্বজিৎ মজুমদাৰ নামৰ এজন কৰ্মচাৰীয়ে ২৭ মাহে দৰমহা লাভ নকৰাৰ বাবে আত্মহত্যা কৰে। নিজৰ ৰুমতে চিপ লৈ থকা অবস্থাত প্ৰতক্ষ্য কৰিছিল বিশ্বজিৎ মজুমদাৰক । ২৭ মাহে দৰমহা নোহোৱাৰ ফলত কাগজ কলৰ কৰ্মচাৰী সকলে হতাশাত ভূগিছে ।

পুৰ্বতে কাগজ কলৰ কৰ্মচাৰী সকলে তেওঁলোকৰ দৰমহা আদায় দিবৰ বাবে বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি