Begin typing your search above and press return to search.

২০২৫ চনত গুৱাহাটী বাসীয়ে ভয়াবহ খোৱা পানীৰ নাটনিত ভূগিব

২০২৫ চনত গুৱাহাটী বাসীয়ে ভয়াবহ খোৱা পানীৰ নাটনিত ভূগিব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 May 2019 9:42 AM GMT

দিছপুৰে যদি দক্ষিণ গুৱাহাটী পশ্চিম, দক্ষিণ গুৱাহাটী চেন্ট্ৰেল, দক্ষিণ গুৱাহাটী পূব আৰু উত্তৰ গুৱাহাটীৰ ৪ টা পানী যোগান আচনি প্ৰকল্পৰ কাম সম্পূৰ্ণ নকৰিলে ২০২৫ চনত গুৱাহাটী বাসীয়ে অভূতপূৰ্ব খোৱা পানী সমস্যাত ভূগিব ।

গুৱাহাটী উন্নয়ন খণ্ডয়ে ২০২৫ চনত গুৱাহাটীৰ সাম্ভাব্য ২৫ লাখ লোকক লক্ষ্য কৰি এই চাৰিটা পানী যোগান আচনি হাতত লৈছিল । কিন্তু প্ৰকল্পৰ কাম অতি লেহেমীয়া গতিৰে চলিছে বুলি প্ৰকাশ কৰে। প্ৰকল্পটোৰ কাম যেনেদৰে চলিছে ২০২৫ চনত সম্পূৰ্ণ নোহোৱাতো নিশ্চিত বুলি প্ৰকাশ কৰে এক সূত্ৰয়ে ।

বৰ্তমান প্ৰকল্পটোৰ অধিনত প্ৰত্যেক দিনে ১০ লাখ লোকৰ বাবে ১৩২ মিলিয়ন লিটাৰ পানী ধায্য কৰা হৈছে ।কিন্তু তাৰ বিপৰীতে চৰকাৰী সংস্হায়ে প্ৰত্যেক দিনাই ৭৯ মিলিয়ন লিটাৰহে যোগান ধৰি আছে বুলি সূত্ৰয়ে প্ৰকাশ কৰিছে । ২০২৫ চনত গুৱাহাটীত প্ৰত্যেক দিনাই ৩৫০ মিলিয়ন লিটাৰ খোৱা পানীৰ প্ৰয়োজন হব ।

এনে পৰিপ্ৰেক্ষিতত গুৱাহাটী বাসীয়ে ২০২৫ চনত অভূতপূৰ্ব খোৱা পানীৰ সমস্যাত ভূগিব বুলি সূত্ৰয়ে প্ৰকাশ কৰে । গুৱাহাটী বাসী ভৱিষ্যতে ভয়াবহ খোৱা পানীৰ সমস্যাৰ ভাবুকি সৃষ্টি হোৱাত এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৃহৎ গুৱাহাটী পানী যোগান আচনি প্ৰকল্প কামৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় , লগতে সংস্থাক প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ কাম চলিত বৰ্ষৰ অক্টোবৰৰ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে ।

লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিজেপি কৰ্মী সকলে চৰকাৰক অবগত কৰে যে গুৱাহাটী বাসীয়ে দুষিত আৰু দুৰ্বল পানী যোগানৰ ক্ষেত্ৰত তীব্ৰ অসন্তুষ্টি ব্যক্তি কৰে।

গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজায়ে প্ৰকাশ কৰে যে অনাগত দিনত গুৱাহাটীত খোৱা পানীৰ সমস্যা সমাধান কৰাটো তেওঁৰ বাবে এটা বৃহৎ প্ৰত্যাহবান। লোকসভা নিৰ্বাচনত তেওঁ জয় হলে গুৱাহাটী বাসীৰ বাবে খোৱা পানী সমস্যা সমাধান কৰিবলৈ দিছপুৰৰ লগতে নতুন দিল্লীটো দাবী জনাব বুলি প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি