জম্বু কাশ্মীৰত শ্বহীদ নিৰোদ শৰ্মা: ২০ লাখ টকাৰ সাহাৰ্য্য ৰাজ্য চৰকাৰৰ

জম্বু কাশ্মীৰত শ্বহীদ নিৰোদ শৰ্মা:  ২০ লাখ টকাৰ সাহাৰ্য্য ৰাজ্য চৰকাৰৰ

জম্মু–কাশ্মীৰত শ্বহীদ নলবাৰীৰ নিৰোদ শৰ্মা, ২০ লাখ টকাৰ সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ |সুদীৰ্ঘ ২৭ বছৰ ধৰি দেশ সেৱাত নিয়োজিত নিৰোদ শৰ্মা বিগত ১০ বছৰ ধৰি আছিল জম্মু–কাশ্মীৰত ।

জম্মু–কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হ’ল নলবাৰীৰ নিৰোদ শৰ্মা নামৰ CRPFৰ বিষয়াজন। শ্বহীদ বিষয়াজনৰ ঘৰ নলবাৰীৰ বৰমাৰ দহকাউনীয়াত। ১১৬নং চি আৰ পি এফ বেটেলিয়নৰ B (ব্ৰেভো) কোম্পানীৰ সহকাৰী উপ–পৰিদৰ্শক আছিল নিৰোদ শৰ্মা। ১৯৯১ চনত চি আৰ পি এফত যোগদান কৰিছিল শ্বহীদ বিষয়াগৰাকীয়ে। ২০০৪ চনত টিহুৰ শিয়ালমাৰীৰ জোনালী দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল নিৰোদ শৰ্মা। দুই কন্যা দীক্ষিতা আৰু হিমাংগী বৰ্তমান বৰমাৰ শংকৰদেৱ শিশু নিকেতনত পঢ়ি আছে।

দেশৰ বাবে প্ৰাণ দিয়া নিৰোদ শৰ্মাৰ পৰিয়াললৈ ২০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। তদুপৰি নশ্বৰদেহ বাসগৃহলৈ অনাৰ পিছত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব শেষকৃত্য। নলবাৰীৰ জিলা উপায়ুক্তই জনালে এই কথা।

শ্বহীদ নিৰোদ শৰ্মাৰ ঘৰখনত এতিয়া শোকাকুল পৰিৱেশ। এই খবৰে মৰ্মাহত কৰিছে অঞ্চলবাসীকো।বুধবাৰে অনান্তনাগ জিলাত হোৱা সংঘৰ্ষত শ্বহীদ হৈছিল চি আৰ পি এফৰ জোৱান জন । সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আক্ৰমণত দুজন বিষয়া সহ ৫ জন চি আৰ পি এফৰ জোৱান শ্বহীদ হয় এই আক্ৰমণত । শ্বহীদ হোৱা জোৱান সকলক ইতিমধ্যে চিনাক্ত কৰা হৈছে । নিৰোদ শৰ্মা আৰু ৰমেশ কুমাৰ আৰু কনচটেবল সতেন্দ্ৰ কুমাৰ, মহেশ কুশ্বৱাহা আৰু সঞ্জীৱ য়াদব শ্বহীদ হৈছে ।

উল্লেখযোগ্য যে, পুলোৱামাত ১৪ ফেব্ৰুৱাৰীত চি আৰ পি এফৰ গাড়ীত সন্ত্ৰাসবাদীয়ে আক্ৰমণত সংঘটিত কৰিছিল । যত শ্বহীদ হৈছিল ৪০ জনকৈ জোৱান ।এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছিল পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে । ইয়াৰ পাছতে ভাৰত আৰু পাকিস্তান মাজত সম্পৰ্ক অধিক অবনতি ঘটে ।

অনান্তনাগ জিলাত সংঘটিত কৰা আক্ৰমণৰ দায়িত্ব আল ওমৰ মুজাহিদিনে স্বীকাৰ কৰিছে ।এই আক্ৰমণৰ ঘটনাত ৫ জন চি আৰ পি এফৰ জোৱান শ্বহীদ হোৱা লগতে ৩ জন গুৰুত্বৰ ভাৱে আহত হৈছে । তেওঁলোকক ৯২ বেছ চিকিৎসালয়ত হস্পিতাল ভৰ্তি কৰোৱা হৈছে ।

নিৰোদ শৰ্মাৰ বাসগৃহত এতিয়া এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে । দেশৰ বাবে জীৱন দান দিয়া নিৰোদ শৰ্মাক সামৰিক মৰ্য্যদাৰে শেষকৃত সম্পন্ন কৰা হব । সন্ধিয়া ৬.৪৫ বজাত বৰঝাৰ বিমানবন্দৰ পাবহি নিৰোদ শৰ্মাৰ নশ্বৰ দেহ । তাৰ পিছত শেষকৃত সম্পন্ন কৰা হব ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com