Begin typing your search above and press return to search.

এন আৰ চি উন্নীতকৰণ: জিলা উপায়ুক্ত আৰু চাৰ্কোল অফিচাৰৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

এন আৰ চি উন্নীতকৰণ: জিলা উপায়ুক্ত আৰু চাৰ্কোল অফিচাৰৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jun 2019 7:47 AM GMT

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশৰ দিন কাষ চাপি অহাৰ লগে লগে এন আৰ চিৰ কতৃপক্ষয়ে চাৰ্কোল অফিচাৰ আৰু জিলা উপায়ুক্তৰ লগত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হব । সোমবাৰ আৰু মংগলবাৰে বৈঠকত মিলিত হব এন আৰ চিৰ কতৃপক্ষৰ লগতে চাৰ্কোল অফিচাৰ আৰু জিলা উপায়ুক্ত।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত কেনেকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া নিকাকৈ প্ৰকাশ কৰিব পাৰি তাৰ বাবে খানাপাৰা অসম প্ৰশাসনিক ষ্টাফ কলেজত বৈঠক খন অনুষ্ঠিত হব । ১৫ জুনত প্ৰকাশ পাব লগীয়া অতিৰিক্ত এন আৰ চিৰ খচৰাৰ সন্দৰ্ভত আলোচনা কৰা হব এই বৈঠকত । এন আৰ চিৰ সম্বনয়কাৰী প্ৰতিক হাজেলাই সোমবাৰে প্ৰথমবাৰৰ বাবে চাৰ্কোল অফিচাৰৰ লগত বৈঠকত মিলিত হব আৰু মংগলবাৰে জিলা উপায়ুক্ত সকলৰ লগত বৈঠকত মিলিত হব ।

এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশ পাব ৩১ জুলাইত , যত ৩.২৯ কোটি লোকৰ ভিতৰত ২.৮৯ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হব । ৪০.০৭ লাখ লোকৰ নাম খচৰাত অন্তভূক্ত হোৱা নাই । ৩৬.২ লাখ লোকে ৩১ জুলাইত প্ৰকাশ পাব চুৰান্ত এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভুক্তি কৰিবলৈ আবেদন কৰিছে ।

বৃহস্পতি বাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এন আৰ চিৰ সম্বনয়ক প্ৰতিক হাজেলাক কয় যে ৩১ জুলাইত চুৰান্ত খচৰা প্ৰকাশ কৰিবলৈ যাতে কোনো প্ৰক্ৰিয়াত ক্ৰুটি নাৰাখে । ৩১ জুলাইতকৈ যাতে কোনো কাৰণতে বিলম্ব নহয় এন আৰ চি প্ৰকাশৰ পক্ৰিয়া বুলি প্ৰকাশ কৰে মুখ্য ন্যায়াধীশে।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি