Begin typing your search above and press return to search.

লোকসভা নিৰ্বাচনৰ বাবে গুজৰাটত কংগ্ৰেছ ৱকিং কমিটিৰ বৈঠক

লোকসভা নিৰ্বাচনৰ বাবে গুজৰাটত কংগ্ৰেছ ৱকিং কমিটিৰ বৈঠক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 March 2019 10:02 AM GMT

আগন্তুক লোকসভাৰ নিৰ্বাচনৰ বাবে আজি কংগ্ৰেছ ৱিকিং কমিটিৰ বৈঠকৰ আলোচনা । লোকসভা নিৰ্বাচনক লৈ আলোচনা কৰা হয় উক্ত বৈঠক খনত ।

জলন্ত সমস্যা নিবনুৱা, মুল্য বৃদ্ধি, ৰাফেল যুজাৰু বিমান ক্ৰয় চুক্তি, বেংকৰ পৰা লোণ লৈ পলায়ন কৰি বিজয় মালিয়া, নিৰব মোদী, মেহুল শ্বকচি আৰু জি এচ টি প্ৰনয়ন কৰা ক্ষেত্ৰত আলোচনা কৰা হৈছে ।

কংগ্ৰেছ নেতা জয়ৰাম ৰামেচ কংগ্ৰেছ ৱিকিং কমিটিৰ বৈঠকত প্ৰত্যেক জলন্ত সমস্যাৰ ওপৰত আলোচনা কৰে । বিশেষকৈ জীৱন নিৰ্বাহৰ ইচ্ছু, বিমুদ্ৰাকৰন, জি এচ টিয়ে ক্ষুদ্ৰ আৰু মধ্যবিত্ত ব্যৱসায়ী সকলক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ আদিকে ধৰি MGNREGA আচনিৰ ওপৰতো আলোচনা কৰে ।

গুজৰাটত ৫৮ বছৰৰ পাছত কংগ্ৰেছ ৱিকিং কমিটিৰ বৈঠক অনুস্থিত হৈছে । ইয়াৰ পুৰ্বে ১৯৬১ চনত গুজৰাটত কংগ্ৰেছ ৱিকিং কমিটিৰ বৈঠকৰ অনুষ্ঠিত হৈছিল ।

কংগ্ৰেছ ৱিকিং কমিটিৰ বৈঠকৰ পাছত গান্ধীনগৰৰ পৰা এক ৰেলীও উলিয়াই কৰ্মী সকলে । ৰেলীত ছুনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনোমোহান সিঙ, প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীয়ে অংশগ্ৰহন কৰে ।

এই বৈঠকৰ খনে এক বৈশিষ্ট্য বহন কৰিছে । ১৯৩০ চনত মহাত্মা গান্ধীয়ে সবৰমতি আশ্ৰমৰ পৰা দান্দি যাত্ৰা আৰম্ভ কৰিছিল ।

CWC এই বৈঠক খন ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ১৪ ফেব্ৰুৱাৰীত পুলোৱামা কাণ্ডত ফলত বৈঠক খন পিচুৱাই আজি অনুষ্ঠিত কৰে ।

Next Story
চাকৰি