চাইবাৰ অপৰাধত অসমৰ সাম্প্ৰতিক পৰিস্থিতি

চাইবাৰ অপৰাধত অসমৰ সাম্প্ৰতিক পৰিস্থিতি

চাইবাৰ অপৰাধত অসমৰ সাম্প্ৰতিক পৰিস্থিতি ৷ সাম্প্ৰতিক সময়ত অসমত বিভিন্ন অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে ৷ এই সমূহৰ ভিতৰত "চাইবাৰ ক্ৰাইম" অন্যতম ৷কিন্তু ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা কৰিব পৰা নাই। শেহতীয়াকৈ নেশ্যনেল ক্ৰাইম ৰিপ’ৰ্ট ব্যুৰোয়ে ২০১৭ চনৰ অপৰাধৰ তথ্য প্ৰদান কৰিছে ৷ইয়াৰ ভিতৰত এক লাখ জনসংখ্যাৰ মাজত বহু সংখ্যক চাইবাৰ ক্ৰাইমৰ অপৰাধী পোৱা গৈছে ৷

এই অপৰাধৰ প্ৰতিবেদনত অসমত বহু সংখ্যক চাইবাৰ ক্ৰাইমৰ অপৰাধীৰ সংখ্যা দেখা গৈছে ৷ ২০১৭ চনত অসমত চাইবাৰ অপৰাধৰ ১,১২০ টা কেছ পোৱা গৈছে।চাইবাৰ অপৰাধ ক্ষেত্ৰত কৰ্নাটকৰ পিছতেই অসম আছে দ্বিতীয় স্থানত৷ইফালে ২০১৬ চনত চাইবাৰ অপৰাধৰ ৬৯৬ টা কেছ আছিল ৷ সেই বৰ্ষত চাইবাৰ অপৰাধৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসম আছিল সপ্তম স্থানত ৷

কিন্তু ৰাজ্য অনুসন্ধান বিভাগে কৰা তদন্ত অনুসৰি ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি আৰু অধিক শোচনীয় দিশলৈ গতি কৰিছে। চি আই ডি ৰ অনুসৰি ৰাজ্যত ২০১৮ চনত অসমত চাইবাৰ অপৰাধৰ কেছ ১৫১৭টা দাখিল হৈছে ৷২০১৯ চনত ইয়াৰ পৰিমাণ আৰু অধিক বৃদ্ধি হৈছে ৷যাৰ কাৰণে পৰিস্থিতি বেয়াৰ ফালে ঢাল খাইছে ।

চি আই ডি মতে ৰাজ্যত বিগত ছমাহত আৰু অধিক চাইবাৰ অপৰাধৰ সংখ্যা দাখিল হৈছে ৷ আনহাতে চাইবাৰ অপৰাধীৰ প্ৰধান লক্ষ্য হৈছে বেংক আৰু অন্য বিত্তীয় প্ৰতিষ্ঠান ৷ চিআইডি এক বিশেষ সূত্ৰৰ মতে অসমত বিয়পি থকা চাইবাৰ অপৰাধী সকলৰ ভাৰতৰ বাহিৰতো চাইবাৰ অপৰাধীসকলৰ লগত সম্পৰ্ক আছে ৷উল্লেখ্য যে শেহতীয়াকৈ গুৱাহাটীত এটিএম হেকাৰৰ বিষয়ক লৈ মুম্বাইৰ পৰা দুজন তুৰ্কী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷এই ঘটনাই চাইবাৰ অপৰাধীৰ অসমত বিয়পি পৰা ঘটনাৰ প্ৰমাণ দিয়ে ৷আৰক্ষীৰ মন্তব্য অনুসৰি চাহবাৰ অপৰাধীয়ে গুৱাহাটীত এটিএম ক্লনিং ডিভাইচৰ দ্বাৰা এটিএম লুটপাতৰ ষড়যন্ত্ৰ চলাইছিল।

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Martial Arts shines at World Martial Arts Games 2019 in London

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com