বায়ু ঘূৰ্ণি বতাহ: ৰেড এলাৰ্ট জাৰি, ৩ লাখ লোকক স্থানান্তৰ

বৃহস্পতি বাৰে বায়ু ঘূৰ্ণি বতাহে কোবাই যাব গুজৰাটক। বায়ু ঘূৰ্ণি বতাহৰ বাবে ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে সাম্ভাব্য কোৱাই যাব লগা অঞ্চল সমূহত । ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰয়ে প্ৰকাশ কৰা মতে বৃহস্পতি বাৰে গুজৰাটৰ লগতে বিভিন্ন প্ৰান্তত বায়ু ঘুৰি বতাহে কোবাই যাব। তাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে । গুজৰাটৰ সৌৰাষ্ট্ৰ আৰু কুচত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ।
উত্তৰৰ দিশে এই ঘূৰ্ণি বতাহ অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰে। বৰ্তমান কংকণ অঞ্চলত কোবাই যোৱা বায়ু ঘুৰ্ণি বতাহে সৌৰাষ্ট্ৰ উপকূলত কোৱাই যাব বৃহস্পতি বাৰে । এই ঘূৰ্ণি বতাহে ঘৰৰ লগতে , দুৰ্বল আন্তঃগাঁথনিৰ কাৰ্যালয়, বিদুৎ লাইন, গছ আদি ভাঙি পৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰয়ে ।
দেবভমি দাউকা, পৰবানদাৰ, ৰাজকোট, জোনাগঢ়, দিউ, গিৰ সোমনাথ, আমৰেলী আৰু ভাবনগৰত বায়ু ঘূৰ্ণি বতাহে কোবাই যাব ।উপকূল অঞ্চলত অধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মংগলবাৰে গুজৰাটত বায়ু ঘূৰ্ণি বতাহৰ বাবে কি কি ব্যবস্থা গ্ৰহণ কৰা হৈছে সেই সম্পৰ্কে বুজ লয়।
এই ক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুস্থিত হয় । এই বৈঠকতে অমিত শ্বাহে শীৰ্ষ বিষয়া সকলক নিৰ্দেশ দিয়ে যে লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত সকলো ব্যবস্থা কৰিবলৈ । লগতে শক্তি, টেলি কমিনিকেচন, স্বাস্থ্য , খোৱা পানীৰ জৰুৰী ব্যবস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। এন ডি আৰ এফৰ ২৬ টা দল সাজু থাকিবলৈ কৈছে । ভাৰতীয় কাষ্ট গাৰ্ড, নৌ সেনা , আৰ্মী আৰু এয়াৰ ফৰ্চ আদিক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে ।
১৩ জুনত গুজৰাটৰ বিভিন্ন অঞ্চলত বায়ু ঘূৰ্ণি বতাহে খুন্দা মাৰিব। ইতিমধ্যে প্ৰায় তিনি লাখ লোকৰ স্থানান্তৰ কৰিছে প্ৰশাসনে ।গৃহ বিভাগে এই সমগ্ৰ পৰিষ্ঠিতি পৰ্যালোচনা কৰি আছে |
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ঘূৰ্ণি বতাহে সৃষ্টি কৰিব পৰা যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ বিভাগীয় বিষয়াক কোৱা হৈছে বুলি প্ৰকাশ কৰে। ক্ষতিগ্ৰস্থ ৰাজ্য সমূহতো চৰকাৰী বিষয়া সকলৰ সৈতে কাম কৰিবলৈ কোৱা হৈছে ।১৩ জুনত দেবভমি দাউকা, পৰবানদাৰ, ৰাজকোট, জোনাগঢ়, দিউ, গিৰ সোমনাথ, আমৰেলী আৰু ভাবনগৰত বায়ু ঘূৰ্ণি বতাহে কোবাই যাব|
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি