Begin typing your search above and press return to search.

বায়ু ঘূৰ্ণি বতাহ : গুজৰাটৰ ৫৬০ খন গাঁওত বিদুৎ যোগাযোগ বিচ্ছিন্ন

বায়ু ঘূৰ্ণি বতাহ : গুজৰাটৰ ৫৬০ খন গাঁওত বিদুৎ যোগাযোগ বিচ্ছিন্ন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Jun 2019 12:51 PM GMT

বতৰৰ বিজ্ঞান কেন্দ্ৰয়ে প্ৰকাশ কৰা মতে বায়ু ঘূৰ্ণি বতাহে গুজৰাটলৈ ক্ষিপ্ৰ গতিৰে অগ্ৰসৰ হৈছে । বৃহস্পতি বাৰে পুৱা এই কথা প্ৰকাশ কৰে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰয়ে । ঘূৰ্ণি বতাহে অধিক ক্ষতি সাধন কৰিব বুলি প্ৰকাশ কৰিছে ।

বিয়লিলৈ দাউৰকা আৰু বেৰাবেলত ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে । ১২ আৰু ১৩ জুনত ১০ খন জিলাত বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে । সেনাৰ লগতে এন ডি আৰ এফৰ ব্যক্তি, আই এ এফৰ হেলিকপ্টাৰ আৰু প্ৰায় ৩০০ মেৰিন কামাণ্ডাৰ সাজু হৈ আছে বায়ু ঘূৰ্ণি বতাহৰ সময়ত সম্ভাবনীয় ক্ষয় ক্ষতিৰ বাবে ।

বুধবাৰে মুখ্যমন্ত্ৰী বিজয় ৰূপানিয়ে বায়ু ঘূৰ্ণি বতাহৰ পৰিষ্ঠিতিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । পশ্চিমৰ ৭০ ৰেল সেৱা বাতিল কৰিছে । শেহতীয়া খবৰৰ মতে গুজৰাটৰ ৫৬০ খন গাঁওত বিদুৎ বিচ্ছিন্ন হৈছে বায়ু ঘূৰ্ণি বতাহৰ ফলত ।

বায়ু ঘূৰ্ণি বতাহে কোবাই যাব গুজৰাটক। বায়ু ঘূৰ্ণি বতাহৰ বাবে ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে সাম্ভাব্য কোৱাই যাব লগা অঞ্চল সমূহত । ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰয়ে প্ৰকাশ কৰা মতে বৃহস্পতি বাৰে গুজৰাটৰ লগতে বিভিন্ন প্ৰান্তত বায়ু ঘুৰি বতাহে কোবাই যাব। তাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে । গুজৰাটৰ সৌৰাষ্ট্ৰ আৰু কুচত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ।

এই ঘূৰ্ণি বতাহে ঘৰৰ লগতে , দুৰ্বল আন্তঃগাঁথনিৰ কাৰ্যালয়, বিদুৎ লাইন, গছ আদি ভাঙি পৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰয়ে ।দেবভমি দাউকা, পৰবানদাৰ, ৰাজকোট, জোনাগঢ়, দিউ, গিৰ সোমনাথ, আমৰেলী আৰু ভাবনগৰত বায়ু ঘূৰ্ণি বতাহে কোবাই যাব ।উপকূল অঞ্চলত অধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মংগলবাৰে গুজৰাটত বায়ু ঘূৰ্ণি বতাহৰ বাবে কি কি ব্যবস্থা গ্ৰহণ কৰা হৈছে সেই সম্পৰ্কে বুজ লয়।এই ক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুস্থিত হয় । এই বৈঠকতে অমিত শ্বাহে শীৰ্ষ বিষয়া সকলক নিৰ্দেশ দিয়ে যে লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত সকলো ব্যবস্থা কৰিবলৈ । লগতে শক্তি, টেলি কমিনিকেচন, স্বাস্থ্য , খোৱা পানীৰ জৰুৰী ব্যবস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। এন ডি আৰ এফৰ ২৬ টা দল সাজু থাকিবলৈ কৈছে । ভাৰতীয় কাষ্ট গাৰ্ড, নৌ সেনা , আৰ্মী আৰু এয়াৰ ফৰ্চ আদিক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে ।

গুজৰাটৰ বিভিন্ন অঞ্চলত বায়ু ঘূৰ্ণি বতাহে খুন্দা মাৰিব। ইতিমধ্যে প্ৰায় তিনি লাখ লোকৰ স্থানান্তৰ কৰিছে প্ৰশাসনে ।গৃহ বিভাগে এই সমগ্ৰ পৰিষ্ঠিতি পৰ্যালোচনা কৰি আছে |কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ঘূৰ্ণি বতাহে সৃষ্টি কৰিব পৰা যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ বিভাগীয় বিষয়াক কোৱা হৈছে বুলি প্ৰকাশ কৰে। ক্ষতিগ্ৰস্থ ৰাজ্য সমূহতো চৰকাৰী বিষয়া সকলৰ সৈতে কাম কৰিবলৈ কোৱা হৈছে ।১৩ জুনত দেবভমি দাউকা, পৰবানদাৰ, ৰাজকোট, জোনাগঢ়, দিউ, গিৰ সোমনাথ, আমৰেলী আৰু ভাবনগৰত বায়ু ঘূৰ্ণি বতাহে কোবাই যাব|

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি