Begin typing your search above and press return to search.

 ছনী টিভিৰ ৰিয়েলিটী শ্ব' দ্যা কপিল শৰ্মা শ্ব'ত উপস্থিত হ'ল ছলমান খান

 ছনী টিভিৰ ৰিয়েলিটী শ্ব দ্যা কপিল শৰ্মা শ্বত উপস্থিত হল ছলমান খান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Dec 2019 11:12 AM GMT

ছনী টিভিৰ ৰিয়েলিটী শ্ব' দ্যা কপিল শৰ্মা শ্ব'ত উপস্থিত হ'ল ছলমান খান । বলিউডৰ অভিনেতা ছলমান খান কিছুদিনৰ পৰা তেওঁৰ আহিবলগীয়া ছবি দবং ৩ ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। যি কোনো ছবি প্ৰচাৰৰ বাবে অভিনেতা অভিনেত্ৰী সকল কপিল শৰ্মা শ্ব'ত উপস্থিত হোৱা দেখা যায়। ছলমান খানেও তেওঁৰ ছবি প্ৰচাৰৰ বাবে কপিল শৰ্মা শ্ব'ত উপস্থিত হয়। যেতিয়াই ভাইজান ছলমান খান কোনো অনুষ্ঠানত যায় তেতিয়াই আনন্দময় পৰিবেশৰ সৃষ্টি হয়। কপিল শৰ্মা শ্ব'ত অংশ গ্ৰহণ কৰা অৰ্চনা শৰ্মাই কপিল শৰ্মা শ্ব'ৰ মঞ্চৰ পিছফালৰ ভিডিঅ' শ্বেয়াৰ কৰিছে।‌ য'ত অভিনেতা ছলমান খানক দেখিবলৈ পোৱা যায়। অৰ্চনা শৰ্মাকো ভিডিঅ'টিত অতি আনন্দিত ৰূপত দেখা যায়।কপিল শৰ্মা শ্ব' এই অনুষ্ঠানটিত ছলমান খানৰ লগতে সোনাক্ষী সিহ্না , চায়ি মানজাৰিকৰ , কিচ্ছা সুদীপ আৰু অৰবাজ খানো উপস্থিত থাকিব।

https://www.instagram.com/p/B5oNf6NF-wB/?utm_source=ig_web_copy_link

অৰ্চনা শৰ্মাই শ্বেয়াৰ কৰা ভিডিঅ'টোত দেখা পোৱা গৈছে যে চলমান খানে কিছুমাধ লোকৰ লগত কথা বতৰাত ব্যস্ত হৈ আছে। তেওঁ চাৰ্টৰ লগত কলা জেকেট পৰিধান কৰা দেখা গৈছে। ছলমান খানৰ লগত অৰবাজ খান আৰু কিচ্ছা সূদীপকো দেখা পোৱা গৈছে। তদুপৰি ছলমান খান যেতিয়াই নিজৰ ছবিৰ প্ৰচাৰৰ বাবে কপিল শৰ্মা শ্ব'ত আহে তেতিয়াই ছলমান খানে বিভিন্ন ধৰণৰ হাহি স্ফূৰ্তি কৰা দেখা যায়।

ইয়াৰ আগত সঞ্জয় দত্তই তেওঁৰ ছবি পানীপটৰ প্ৰচাৰৰ বাবে উপস্থিত হৈছিল।

তদুপৰি ছলমান খানৰ আহিবলগীয়া ছবি দবং ৩ অভিনেত্ৰী সোনাক্ষী সিন্হায়ো অভিনয় কৰিছে।এই ছবিখনত সোনাক্ষী সিন্হা আৰু ছলমান খানে ৰজ্জো আৰু পাণ্ডেৰ চৰিত্ৰত অভিনয় কৰিব ।এই ছবিখনৰ নিৰ্দেশনা কৰিছে প্ৰভু দেৱাই।এই ছবি খন অহা ২০ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিব। জানিব পৰা মতে ছলমান খানৰ কিক ২ ৰ শ্বুটিং আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

অন্য খবৰৰ বাবে পঢ়ক : ভুৱা বাতৰি প্ৰচাৰৰ ওপৰত খং প্ৰকাশ অক্ষয় কুমাৰৰ,কি কলে অভিনেতা জনে ?

ভিডিঅ প্ৰতক্ষ্য কৰক: KMSS staged protest against Citizenship Amendment Bill in Dispur’s Last Gate

Next Story
চাকৰি