যান বাহনৰ নিয়ম উলংঘাকাৰীসকলৰ ক্ষেত্ৰত দৰং প্ৰশাসনৰ তীক্ষ্ণ দৃষ্টি

যান বাহনৰ নিয়ম উলংঘাকাৰীসকলৰ ক্ষেত্ৰত দৰং প্ৰশাসনৰ তীক্ষ্ণ দৃষ্টি

যান বাহনৰ নিয়ম উলংঘাকাৰীসকলৰ ক্ষেত্ৰত দৰং প্ৰশাসনৰ তীক্ষ্ণ দৃষ্টি ৷ পথ দুৰ্ঘটনা আৰু যান বাহনৰ নিয়ম উলংঘাকাৰীৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দৰং জিলাৰ প্ৰশাসনে আৰক্ষী,জিলা পৰিবহন বিভাগ,পি ডব্লিউ ডিৰ কৰ্তৃপক্ষক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে। বিগত কিছুদিন পূৰ্বে জিলা প্ৰশাসনে জিলা পৰিবহন বিভাগ,আৰক্ষী,পি ডব্লিউ ডি আৰু জনসাধাৰণ, সকলোৰে উপস্থিত এখন বৈঠক অনুস্থিত কৰে । বৈঠকখনত পথ সুৰক্ষা আৰু যান বাহন চলাওতে ল’ব লগা সাৱধানতাৰ সম্পৰ্কে আলোচনা কৰে ৷

দ্য চেন্টিনেলৰ সৈতে হোৱা কথা বাৰ্তাত জিলা পৰিবহন বিভাগৰ বিষয়া কুমাৰ সঞ্জীৱ কৃষ্ণই কয় যে দুৰ্ঘটনাৰ সম্ভাৱনা ঠাইসমূহ চিনাক্ত কৰা হ’ব আৰু সেই ঠাইসমূহত উপযুক্ত ব্যৱস্থা লোৱা হ’ব ৷ ইফালে, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ন’ পাৰ্কিঙ ঠাইত থকা গাড়ী ৰখোৱা,হেলমেট পৰিধান নকৰা,চিট বেল্ট পৰিধান নকৰাসকলৰ ক্ষেত্ৰত জৰিমনা বিহা হ’ব ৷ মটৰ পৰিবহন বিভাগৰ নিৰীক্ষক পদ্ম লোচন হাজৰিকাই সংবাদ মাধ্যমৰ সন্মুখত কয় যে জিলা পৰিবহন বিভাগ,পৰিবহন আয়ুক্ত আৰু দৰং জিলাৰ উপায়ুক্তৰ নিৰ্দেশ অনুসাৰে জিলাখনত পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ শীৰ্ষক এলানি সজাগতা অভিযান কৰিবলৈ আহ্বান কৰে ।

দ্বিতীয়তে মংগলদৈৰ আৰক্ষী অধীক্ষক অমৃত ভুঞাৰ নিৰ্দেশ অনুসৰি যান বাহন আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱাৰে পৰা যাতায়ত ব্যৱস্থাক সুচল কৰিবলৈ অভিযান আৰম্ভ কৰিছে ৷ ইয়াৰ মাজত জিলাৰ মুখ্য কাৰ্যালয়ৰ ওচৰত ন’ পাৰ্কিঙত ৰখোৱা বাহন সমূহৰ গৰাকীৰ ওপৰত বিহিত ব্যৱস্থা লয় । লগতে, আৰক্ষীয়ে নাগৰিকসকলক আহ্বান কৰে যে তেওঁলোকে যেন বাহনসমূহক যথাস্থানত ৰখাই ৷ এনেধৰণে জিলা পৰিবহন বিভাগেও ডাম্পাৰ,জেচিবী আৰু টেক্ট’ৰৰ গৰাকীৰ ওপৰত বিহিত ব্যৱস্থা ল’ব ৷ উল্লেখ্য যে মংগলদৈ জিলাৰ আৰক্ষীক যান বাহনৰ ব্যৱস্থাৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ লোৱা পদক্ষেপক স্বাগতম জনাইছে জিলাখনৰ মিডিয়া চাৰ্কলে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com