Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত মৃত্যুৰ সংখ্যা ৪ জনলৈ বৃদ্ধি

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত মৃত্যুৰ সংখ্যা ৪ জনলৈ বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Dec 2019 5:46 AM GMT

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত মৃত্যুৰ সংখ্যা ৪ জনলৈ বৃদ্ধি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত নিৰাপত্তাৰক্ষীৰ হাতত মৃত্যুৰ সংখ্যা বৃদ্ধি পাই ৪ জনলৈ । প্ৰথমতে দুজন যুৱকৰ মৃত্যুৰ বাতৰি আহিছিল আৰু তাৰ পিছতেই আন দুজন গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত চিকিৎসাধীন হৈ ‌থকা অৱস্থাত মৃত্যু বৰণ কৰে ।

মৃত্যু হোৱা লোক কেইজনৰ, শনিবাৰে মহানগৰীৰ ডাউন টাউনত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত নিৰাপত্তা ৰক্ষীৰ গুলিত আহত হৈ ইছৱাৰ নায়ক (২৫) নামৰ যুৱক জন গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত আই চি ইউত চিকিৎসাধীন হৈ আছিল । আন এজন লোক আব্দুল হালিম( ২৩) নামৰ লোক জন ৰবিবাৰে নিৰাপত্তাৰক্ষীৰ হাতত আহত হৈ গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত চিকিৎসাধীন হৈ আছিল। আন দুজন যুৱক দিপাঞ্জল দাস (২১) আৰু ষ্টাম ষ্টাফোৰ্ড(১৭) ৰ মৃত্যু হৈছিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত ।

তদুপৰি আন ২৭ জন‌ লোক আঘাতপ্ৰাপ্ত হোৱাৰ বাবে গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত চিকিৎসাধীন হৈ আছিল। তাৰে প্ৰায় ভাগ এতিয়া সুস্থ বুলি জানিব পৰা গৈছে যদিও আন ৯ জন এতিয়াও চিকিৎসাধীন হৈ আছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে স্বাভাৱিক অৱস্থা ঘূৰি অহা দেখা গৈছে।সোমবাৰে অৰ্থাৎ আজি ৬ বজাৰ পৰা নিশা ৯ বজালৈ গুৱাহাটী লগতে আন বহু ঠাইত সান্ধ্য আইন শিথিল কৰা হয় ।

এন এফ ৰেলৱেৰ নৃপেন ভট্টাচাৰ্যই দ্যা চেন্টিনেলক জানিব দিয়া অনুসৰি স্থানীয় ৰেল সমূহৰ সেৱা বাতিল কৰা হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিল্পী সমাজৰ প্ৰতিবাদ, উদয় শংকৰে ওভতাই দিলে ৰাজ্যিক চলচ্চিত্ৰ বঁটা

ভিডিঅ প্ৰতক্ষ্য কৰক : RD Junior College Students Stage Massive Protest against CAB

Next Story
চাকৰি