হলিউডৰ ছবি xXx 4 ত বিন ডাইজেলৰ লগত আকৌ আহিব নেকি দীপিকা পাডুকনে ?

হলিউডৰ ছবি xXx 4 ত বিন ডাইজেলৰ লগত আকৌ আহিব নেকি দীপিকা পাডুকনে ?

হলিউডৰ ছবি xXx 4 ত বিন ডাইজেলৰ লগত আকৌ আহিব নেকি দীপিকা পাডুকনে ? । বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন । বলিউডৰ লগতে মাজে সময়ে হলিউডৰ ছবিতো দেখা যায় অভিনেত্ৰী দীপিকা পাডুকনক । দীপিকা পাডুকনে ২০১৭ চনত অভিনেতা বিন ডাইজেলৰ লগত "xxx return of Xander case" ত অভিনয় কৰিছিল।

এই ছবি খনত দিপীকাৰ অভিনয় দেশী বিদেশী বিভিন্ন লোকে যথেষ্ঠ আদৰি লৈছিল। এই ছবি খনৰ প্ৰচাৰ কৰিবলৈ দীপিকা পাডুকনে হলিউডৰ জনপ্ৰিয় কমেডিয়ান আৰু এলেন ডিজেনেৰছৰ শ্ব'ত ও গৈছিল । হলিউডৰ অভিনেতা বিন ডাইজেলে ইংগিত দিছে যে আহিবলগীয়া ছবি xXx 4 ত ও আহিব পাৰে বলিউডৰ অভিনেত্ৰী দীপিকা পাডুকন।

https://www.instagram.com/p/B6CZxWYF2F-/?utm_source=ig_web_copy_link

হলিউডৰ জনপ্ৰিয় অভিনেতা বিন ডাইজেলে জেণ্ডৰ কেজ ৪ ৰ এখন ফটো শ্বেয়াৰ কৰে । এই ফটোখনত অভিনেতা জনে ডাঙৰ কোট পিন্ধা দেখা যায় । অভিনেতা গৰাকীয়ে তেওঁৰ ইন্চটাগ্ৰাম একাউণ্টৰ জৰিয়তে ফটো শ্বেয়াৰ কৰি লিখে যে তেওঁলোকে জেণ্ডাৰ কেজৰ এখন বৈঠকত গৈছিল । এই ফটোটোত তেওঁ দীপিকা পাডুকনকো টেগ কৰিছে । গতিকে অনুমান লগাব পাৰি যে দীপিকা পাডুকনেও এই ছবি খনত অভিনয় কৰিব ।

যদিহে বলিউডৰ অভিনেত্ৰী দীপিকা পাডুকনে এই ছবি খনত অভিনয় কৰে তেন্তে দীপিকাৰ এইখন হলিউডৰ দ্বিতীয় খন ছবি হ'ব । লগতে দুবছৰ পিছত দীপিকাই আকৌ হলিউডত অভিনয় কৰিব ।

দীপিকাৰ কথা কব গ'লে বৰ্তমান দীপিকা ছপাক ছবিৰ প্ৰচাৰত ব্যস্ত হৈ আছে । দীপিকাৰ লগত এই ছবি খনত বিক্ৰান্ত মৈছিক দেখিবলৈ পোৱা যাব। এই ছবি খনৰ নিৰ্দেশনা কৰিছে মেঘনা গুলজাৰে। এই ছবি খন ২০২০ চনৰ ১০ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com