Begin typing your search above and press return to search.

মানসিক স্বাস্থ্য জনিত ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে দীপিকা পাডুকনে লাভ কৰে ক্ৰিষ্টাল বঁটা

মানসিক স্বাস্থ্য জনিত ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে দীপিকা পাডুকনে লাভ কৰে ক্ৰিষ্টাল বঁটা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Jan 2020 11:07 AM GMT

মানসিক স্বাস্থ্য জনিত ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে দীপিকা পাডুকনে লাভ কৰে ক্ৰিষ্টাল বঁটা। শৃংখল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনক চুইজাৰলেণ্ডৰ দাবোচত সন্মানিত কৰা হয় ক্ৰিষ্টাল বঁটাৰে । মানসিক স্বাস্থ্য সম্বন্ধীয় সজাগতা সৃষ্টিৰ বাবে এই বঁটা প্ৰদান কৰা হয় অভিনেত্ৰী দীপিকা পাডুকনক।

এই বঁটা সমাজ আৰু সংস্কৃতিক আগুৱাই লৈ যোৱা অভিনেতা অভিনেত্ৰী‌ আৰু নেতা সকলক প্ৰদান কৰা হয় যিয়ে নিজৰ যোগদানৰ দ্বাৰা বিশ্বৰ পৰিবৰ্তনক সহায় কৰে । এই সন্মান গ্ৰহন কৰাৰ পিছতেই অভিনেত্ৰী দীপিকা পাডুকনে কয় যে , " মৰম আৰু ঘৃনাই মোক বহুত খিনি শিকাইছে আৰু মই ইয়াৰ দ্বাৰা পীড়িত সকলোকে ক'ব খোজো যে আপুনি কেতিয়াও অকলশৰীয়া নহয়" ।

তদুপৰি দীপিকা পাডুকনে তেওঁৰ নিজৰ হতাশাৰ কথাও উল্লেখ কৰে আৰু হতাশা দুৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ পিতৃ মাতৃ আৰু প্ৰিয়জনে কেনেদৰে সহায় কৰিছিল সেই কথাও কয় ।

https://www.instagram.com/tv/B7jQ6DXgGkw/?utm_source=ig_web_copy_link

তেওঁ কয় যে " হতাশা অৰ্থাৎ ডিপ্ৰেচন আন সাধৰণ বেমাৰৰ নিচিনাই । এয়া বুজি পোৱা অতি গুৰুত্বপূৰ্ণ যে অৱসাদ আৰু হতাশা আন বেমাৰ দৰে একেই আৰু ইয়াৰ চিকিৎসা সম্ভৱ । স্বীকাৰ কৰা সু-স্বাস্থ্য লাভ কৰাৰ প্ৰথম পদক্ষেপ। এই অসুস্থতাৰ অভিজ্ঞতাই মোক জীৱন , ভালপোৱা উপস্থাপন কৰাত উৎসাহ যোগাইছিল "।

কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰত নিজৰ ছোৱালীৰ হতাশা সম্পৰ্কে দীপিকা পাডুকনৰ মাতৃ উজ্জালা পাডুকনে কয় যে " মই দীপিকাৰ হতাশা সম্পৰ্কে লক্ষ কৰিছিলো আৰু ভাবিছিলো এয়া সম্ভৱত তেওঁৰ প্ৰেমিক সম্বন্ধীয় কোনো কথাৰ বাবে হ'ব পাৰে। কিন্তু তেতিয়া মই জানিছিলো যে হতাশা মানসিক অৱসাদ আৰু শাৰীৰিক চাপৰ ফলত হয় । তেতিয়াই আমি মনোচিকিৎসকৰ সহায় লোৱাৰ সিদ্ধান্ত গ্ৰহন কৰিছিলো "। তাৰ পিছতেই দীপিকা পাডুকনৰ পিতৃ প্ৰকাশ পাডুকনে কয় যে , "আমি দীপিকাৰ স্বাস্থ্য সম্পৰ্কে চিন্তিত হৈছিলো আৰু দীপিকা অতি সোনকালেই সুস্থ হোৱাটো বিছাৰিছিলো " ।

বঁটা গ্ৰহণ কৰা দৃশ্য অভিনেত্ৰী দীপিকা পাডুকনে তেওঁৰ ছ'চিয়েল মিডিয়া যোগে প্ৰচাৰ কৰে । লগতে তেওঁ বঁটাৰ লগত নিজৰ ফটোও শ্বেয়াৰ কৰে আৰু লিখে যে, " অভিভূত, ক্ৰিষ্টাল বঁটা ২০২০ " । ইতিমধ্যে দীপিকা পাডুকনৰ এই পোষ্টটোৱে কিছু সময়ৰ ভিতৰতে ১০০০০ তকৈ অধিক লাইক লাভ কৰিছে আৰু অনুৰাগী সকলে তেওঁক শুভেচ্ছা ও জ্ঞাপন কৰিছে ।

দীপিকা পাডুকন বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। তেওঁৰ এই সন্মানে উৎসাহিত কৰিছে অনুৰাগী সকলকো ।

অন্য খবৰৰ বাবে পঢ়ক : আহিবলগীয়া ছবিত জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰক দেখা যাব ৰণবীৰ কাপুৰৰ সৈতে

ভিডিঅ প্ৰতক্ষ্য কৰক : BJP Assam Pradesh held State Council Assembly at Srimanta Shankardev Kalashetra, Guwahati

Next Story
চাকৰি