প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক অধিক কেবিনেট কমিটিত অন্তভূক্ত

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক অধিক কেবিনেট কমিটিত অন্তভূক্ত

জেষ্ঠ বিজেপিৰ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক অতিৰিক্ত ৪ জন কেবিনেট কমিটিত অন্তভূক্ত কৰা হৈছে । বৃহস্পতি বাৰে এই কথা প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গঠন কৰা ৮ খন কেবিনেটৰ তালিকা প্ৰকাশ পোৱাৰ এদিনৰ পাছতে ৰাজনাথ সিঙক ২ খনৰ পৰিবৰ্তে অধিক ৪ খনত অন্তভূক্ত কৰা হয় বুলি প্ৰকাশ কৰে ।

প্ৰকাশ পোৱা প্ৰথমখন তালিকাত ৮ খন কেবিনেট কমিটিতে গৃহ মন্ত্ৰী অমিত শ্বাহক অন্তভূক্ত কৰিছে । ইয়াৰ পৰিৱৰ্তে বিজেপিৰ জেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ২ কেবিনেট কমিটিত অন্তভূক্ত কৰিছিল ।কিন্তু বৃহস্পতি বাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক আৰু ৪ খন কেবিনেট কমিটিত অন্তভূক্ত কৰা হৈছে বুলি প্ৰকাশ কৰিছে ।পূৰ্বতে কেবিনেট কমিটিৰ ভিতৰত অৰ্থনৈতিক মন্ত্ৰালয় আৰু নিৰাপত্তা কেবিনেট কমিটিত ৰাজনাথ সিঙক অন্তভূক্ত কৰা হৈছিল|

৮ খন কেবিনেট কমিটিৰ ভিতৰত দুখন নতুন কৈ অন্তভূক্ত কৰা হৈছে। বিনিয়োগ আৰু দক্ষতা ক্ষেত্ৰত দুখন কেবিনেট কমিটি গঠন কৰা হৈছে ।নতুন কেবিনেট কমিটিৰ ভিতৰত ৬ খনত প্ৰধানমন্ত্ৰী অন্তভুৰ্ক্ত থকাৰ বিপৰিতে গৃহ মন্ত্ৰী অমিত শ্বাহ ৮ খন কেবিনেটতে অন্তভূক্ত কৰিছে ।

আবাস আৰু সংসদত কেবিনেট কমিটিত দুখনত অমিত শ্বাহে কমিটিৰ মুখ্য হিচাপে কাম কৰিব ।আনহাতে নিযুক্তি, অৰ্থনীতি, ৰাজনীতি, নিৰাপত্তা, বিনিয়োগ আৰু উন্নয়ন, কৰ্মচাৰী আৰু দক্ষতা বিভাগৰ কেবিনেট কমিটিৰ মুখ্য হিচাপে কাম কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন ৭ খন কেবিনেট কমিটিত অন্তভূক্ত আছে। নিৰ্মলা সীতাৰমন আবাসৰ লগতে চি চি ই এ, সংসদ, ৰাজনীতি, চি চি এচ, বিনিয়োগ আৰু উন্নয়ন আৰু নিযুক্তি আৰু দক্ষতা কেবিনেট কমিটিত অন্তভূক্ত আছে । নীতিন গাডকাৰী দুখন কেবিনেট কেবিনেট কমিটি অন্তভূক্ত আছে ।

নতুনকৈ অন্তভূক্ত কৰা অৰ্থনৈতিক উন্নয়ন আৰু নিযুক্তিৰ ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰত্যাহবান সমূহৰ সমাধানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখন উচ্চ পৰ্যায়ৰ কেবিনেট কমিটি গঠন কৰে । ৫ গৰাকী সদস্যৰে গঠন কৰা হৈছে এই কেবিনেট কমিটি খন। এই কেবিনেটত শক্তিশালী মন্ত্ৰী সকলৰ ভিতৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ,কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নিতিন গাডকাৰী , বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু ৰেলৱে মন্ত্ৰী পিয়ুচ গোৱেলক অন্তভূক্ত কৰা হৈছে ।

আনখন কেবিনেট কমিটিত বিনিয়োগ আৰু উন্নয়নৰ বাবে ৫ জন সদস্য অন্তভূক্ত কৰা হৈছে । বিনিয়োগ আৰু দক্ষতা উন্নয়নৰ বাবে মোদীয়ে ১০ সদস্য কেবিনেটৰ গঠন কৰি দিছে। এই কমিটি খনত আছে অমিত শ্বাহ, নিৰ্মলা সীতাৰমন , পিয়ুচ গোৱেল , কৃষি, গ্ৰামোন্নয়ন আৰু পঞ্চায়ত ৰাজৰ মন্ত্ৰী নৰেন্দ্ৰ সিঙ তমাৰ, এইচ আৰ ডি মন্ত্ৰী ৰমেশ পখৰিয়াল নিচাংক, পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, দক্ষতা আৰু বানিজ্যিক মন্ত্ৰী মহেন্দ্ৰ নাথ পান্দে আৰু ৰাজ্যিক মন্ত্ৰী সন্তুস কুমাৰ গাংৱাৰ আৰু হাৰদিপ সিঙ পুৰীক অন্তভূক্ত কৰা হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com