Begin typing your search above and press return to search.

প্ৰাক্তন পত্নীক চৰ মাৰি দলৰ পৰা বহিস্কৃত হ’ল এইজন বিজেপি নেতা

প্ৰাক্তন পত্নীক চৰ মাৰি দলৰ পৰা বহিস্কৃত হ’ল এইজন বিজেপি নেতা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Sep 2019 12:11 PM GMT

দিল্লীত এজন বিজেপি নেতাই কাৰ্যালয়ৰ বাহিৰত নিজৰ প্ৰাক্তন পত্নীক দিলে এটি প্ৰচণ্ড চৰ ৷ সম্প্ৰতি বিজেপি নেতা জনৰ এই কাণ্ডক সকলোয়ে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৷ তথ্য অনুসৰি দক্ষিণ দিল্লী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ সৰিতা চৌধুৰীক প্ৰাক্তন স্বামী আজাদ সিঙে গালত এটা প্ৰচণ্ড চৰ মাৰে। দলৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক কৰিবলৈ যাওঁতেই সংঘটিত হয় এই কাণ্ড ।

ইয়াৰ পিছতেই এই ভিডিঅ’টি বিয়পি পৰে আৰু বিজেপিয়ে আজাদ সিঙক দলৰ সকলো পদৰ পৰা বহিস্কাৰ কৰে ।আনহাতে আজাদ সিং আৰু সৰিতা চৌধুৰীৰ ইতিমধ্যে বিবাহ বিচ্ছেদ হৈছে। আজাদ দিল্লী প্ৰদেশ বিজেপিৰ সক্ৰিয় সদস্য আছিল লগতে মহৰোলী অঞ্চলৰ সভাপতি আছিল। ইফালে দিল্লীৰ বিজেপিৰ সভাপতি মনোজ তিৱাৰীয়ে বৃহস্পতিবাৰে আজাদ সিঙক দলৰ সকলো কামৰ পৰা বহিস্কাৰ কৰিছে। আৰু এই সমগ্ৰ ঘটনাটোক তদন্তৰ কাৰণে আহ্বান কৰিছে।

কাৰণ আজাদ সিঙে সকলোৰে সন্মুখত তেওঁৰ প্ৰাক্তন পত্নী সৰিতা চৌধুৰীক চৰ মাৰি দুব্যৱহাৰ কৰিছিল । আনহাতে সৰিতা চৌধুৰী এগৰাকী বিজেপি নেত্ৰীৰ লগতে দক্ষিণ দিল্লীৰ প্ৰাক্তন মেয়ৰ আছিল ৷ এই ঘটনা সন্দৰ্ভত আজাদ সিঙে কয় যে মোক মোৰ পত্নীয়ে আঘাত কৰিছিল কাৰণে মই আত্ম ৰক্ষাৰ কাৰণে তাইক থেলী দিও ৷ কিন্তু ঘটনাটোৰ সন্দৰ্ভত আজাদ সিঙৰ পত্নী সৰিতা চৌধুৰীয়ে কোনো মন্তব্য দিয়া নাই। সম্প্ৰতি সকলোতে নাৰীক সুৰক্ষা,সন্মানৰ জয় গান গাই ফুৰা নেতাসকলৰ এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া হ’ব সেয়া হ’ব উল্লেখযোগ্য ৷

অন্য খবৰৰ বাবে পঢ়ক :পিঠিৰ বিষৰ কাৰণে ৱৰ্ল্ড এথলেটিক্ছ চেম্পিয়নশ্বিপ ২০১৯ ত অংশ নলয় অসম গৌৰৱ হিমা দাসে

ভিডিঅ প্ৰতক্ষ্য কৰক:Tea Garden workers at Sonari Borahi Tea Estate stage Protest | The Sentinel News | Assam News

Next Story
চাকৰি