Begin typing your search above and press return to search.

ডেংগীৰ প্ৰতিৰোধত চৰকাৰী নীতি নিয়মক উপেক্ষাঃ নাই পৰ্যাপ্ত পৰিমাণৰ মেচিন

ডেংগীৰ প্ৰতিৰোধত চৰকাৰী নীতি নিয়মক উপেক্ষাঃ নাই পৰ্যাপ্ত পৰিমাণৰ মেচিন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jun 2019 8:37 AM GMT

ডেংগীৰ প্ৰতিৰোধত চৰকাৰী নীতি নিয়মক উপেক্ষা বিভাগীয় কৰ্তৃপক্ষৰ ৷ গ্ৰীষ্মৰ লগে লগে গুৱাহাটীৰ মহানগৰীত প্ৰতি বছৰে দেখিবলৈ পোৱা যায় ডেংগি মহৰ উপদ্ৰৱ। প্ৰতিবছৰে ডেংগিত আক্রান্ত হৈ চিকিৎসাধীন হব লগা হয় মহানগৰৰ বহু সংখ্যক ব্যক্তি। ইফালে কিছুসংখ্যক ব্যক্তি ডেংগিত আক্রান্ত হৈ মৃত্যু পৰ্যন্ত হয়। এইবাৰো মহানগৰীত ইতিমধ্যে আৰম্ভ হৈছে ডেংগিৰ প্ৰাদুৰ্ভাৱ।

সমগ্ৰ মহানগৰীৰ মুঠ ৩১টা ৱাৰ্ডত পৌৰ নিগমৰ তত্ত্বৱধানত ৰাজ্যৰ স্বাস্থ্য বিভাগে ইতিমধ্যে ডেংগিক প্ৰতিহত কৰাৰ কাৰণে ফ'গিঙৰ কাম ১ এপ্ৰিলৰ পৰা আৰম্ভ কৰিছে ৷ প্ৰথম ৰাউণ্ডৰ কাম ইতিমধ্যে শেষ কৰিছে, কিন্তু যি ধৰণে ব্যৱহাৰ কৰিব লাগে ৷ সেই নিয়ম অনুসৰি সম্পাদন কৰিব পৰা নাই বিভাগটোৱে । কাৰণ স্বাস্থ্যৰ বিভাগৰ নিয়ম অনুসৰি প্ৰতি ১৩দিনৰ মূৰে মূৰে ফ'গিং কৰিব লাগে।

কিন্তু পৰিতাপৰ কথা বৰ্তমান সময়ত স্বাস্থ্যৰ বিভাগৰ নিয়ম অনুসৰি ফ'গিং কৰিবলৈ পয্যাপ্ত মেচিন নাই গুৱাহাটীৰ পৌৰ নিগমৰ হাতত। অন্যহাতে, মে’ মাহৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ফগিং ৷ ৬ জুনৰ পৰা ওচৰা ওচৰি কৈ থকা দুটা ৱাৰ্ডক এটা কৰি চলোৱা হৈছে ফগিং ৷ বৰ্তমান ৬ ৰ পৰা ১০ তাৰিখৰ ভিতৰত সম্পূৰ্ন কৰিলে ১১ আৰু ১২ নং ৱাৰ্ড ৷ আৰু এই ফগিং ডিচেম্বৰলৈ চলিব ৷ এই ফগিঙত স্বাস্থ্য বিভাগৰ পৰা ১৬ টা মেচিন ব্যৱহাৰ কৰা হৈছে ৷ইতিমধ্যে নতুন মেচিনৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছে চৰকাৰক ৷

উল্লেখ্য যে পুৰনি মেচিনসমূহ মেৰামতিৰ ব্যৱস্থা কৰিব লাগিব বুলি কয় গুৱাহাটীৰ পৌৰ নিগমৰ মেডিকেল অফিচাৰ ড° অনিন্দিতা চান্দাই ৷ লগতে ড° চান্দাই কয় ফগিঙৰ লগতে বিভিন্ন ঠাই সমূহত চলাই থকা হৈছে সজাগতা অভিযান ৷ বিদ্যালয়,মহাবিদ্যালয় আদিত অনুষ্ঠিত কৰি আহিছে সজাগতা সভা৷ সজাগতা সভাসমূহত বিদ্যালয় বা তেনেধৰণৰ কোনো ঠাইত থকা পানীৰ ব্যৱস্থাক সঘনাই পৰিৱৰ্তন কৰিবলৈ নিৰ্দেশ দিয়ে ৷লগতে ডেংগীৰ প্ৰৱণতা হ্ৰাস কৰিবলৈ ফ’গিঙ মেচিনৰ ব্যৱস্থা কৰিব বুলি কোৱাৰ লগতে বিভাগটোত মেছিনৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে কৰ্মী লোৱাৰো আশ্বাস প্ৰদান কৰে মেডীকেল বিষয়া ড° অনিন্দিতা চান্দাই ৷

ইফালে বিগত সময়তকৈ ডেংগুৰ প্ৰভাৱ সীমিত হোৱাৰ কথা প্ৰকাশ কৰে। উল্লেখ্য যে জৰুৰীকালীন সেৱাৰ কাৰণে পাঁচটা মেচিনেৰে জনসাধাৰণৰ কাৰণে সদায় প্ৰস্তুত আছে বুলি কয় মেডিকেল অফিচাৰ গৰাকীয়ে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি