বুৰঞ্জী প্ৰসিদ্ধ সকলো তথ্য পাতিৰে ডিজিটাইজ কৰিব বুৰঞ্জী আৰু পুৰাতত্ব অধ্যয়ন বিভাগে

বুৰঞ্জী প্ৰসিদ্ধ সকলো তথ্য পাতিৰে ডিজিটাইজ কৰিব বুৰঞ্জী আৰু পুৰাতত্ব অধ্যয়ন বিভাগে

বুৰঞ্জী প্ৰসিদ্ধ সকলো তথ্য পাতিৰে ডিজিটাইজ কৰিব বুৰঞ্জী আৰু পুৰাতত্ব অধ্যয়ন বিভাগে ।বুৰঞ্জী আৰু পুৰাতত্ব অধ্যয়ন বিভাগে প্ৰাচীন পাণ্ডুলিপি সমূহ ডিজিটাইজ কৰিব । বুৰঞ্জী আৰু পুৰাতত্ব অধ্যয়ন বিভাগ অসমৰ সকলোতকৈ পুৰণি চৰকাৰী বিভাগ সমূহৰ ভিতৰত এটা, যিয়ে ২০২০ চনৰ জুন মাহত ৯৩ বছৰ পূৰ্ণ কৰিব ।

ৰাজ্যৰ বুৰঞ্জী আৰু পুৰাতত্ব অধ্যয়ন বিভাগে প্ৰাচীন পাণ্ডুলিপি সমূহৰ ডিজিটাইজ কৰিব ।এই কথা জানিবলৈ দি বুৰঞ্জী আৰু পুৰাতত্ব অধ্যয়ন বিভাগৰ বিভাগীয় সঞ্চালিকা ড° অনিতা চৌধুৰীয়ে কয় যে প্ৰশাসনে ডিজিটাইজ আৰু তথ্য সমূহ সংৰক্ষণৰ বাবে ২ কোটি ৪০ লাখ টকাৰ অনুমোদন জনাইছে ।

এই সন্দৰ্ভত দা ছেন্টিনেলে বুৰঞ্জী আৰু পুৰাতত্ব অধ্যয়ন বিভাগত উপস্থিত হৈছিল ।অসম চৰকাৰে ইতিহাস আৰু সাহিত্য সংৰক্ষণ আৰু অধ্যয়নৰ বাবে জ্ঞান কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ উদ্দেশ্য কৰিয়ে এই বিভাগটো সংস্থাপন কৰা হয় ।

সঞ্চালিকাগৰাকীয়ে জনোৱা মতে, বিভাগে সংৰক্ষণ কৰি ৰাখিছে প্ৰাচীন ২,৮০০ খন পাণ্ডুলিপি,২০,৬৮০ খন মূল্যবান গ্ৰন্থ, ১৯২৪ ৰ পৰা ১৯৫৬ চনলৈ সাদিনীয়া অসমীয়া বাতৰি কাকত, ১৯৩০ ৰ পৰা ১৯৯৪ চনলৈ তিনিদিনীয়া অসমীয়া বাতৰি কাকত, ১৯৪৬ ৰ পৰা ১৯৪৯ লৈ দৈনিক অসমীয়া, ১৯৪৯ ৰ পৰা ১৯৮১ লৈ নতুন অসমীয়া , ৩৭৬ টা পুৰণি মুদ্ৰা যি অসম ৰাজ্য সংগ্ৰাহালয়ত আছে, ১৬ খন তামৰ ফলি, সাঁচিপাতৰ বহু লিখিত তথ্য, ২৪০ খন আহোম আৰু টাই পাণ্ডুলিপি, ২৫ টা কৃষক, নক্সা আৰু পুৰণি ফটো ।

এই সম্পৰ্কত ড° চৌধুৰীয়ে লগতে কয় যে বিভাগটোৱে ঐতিহাসিক সম্পদ তথা নথি-পত্ৰ সংৰক্ষণৰ বাবে যথেষ্ট প্ৰয়াস কৰিছে। এইসমূহৰ ডিজিটাইজ প্ৰক্ৰিয়া এমট্ৰনৰ দ্বাৰা কৰা হ'ব আৰু এই প্ৰক্ৰিয়া শীঘ্ৰেই আৰম্ভ হব বুলি তেওঁ জনায় । ।

“ আমাৰ ওচৰত বহু ঐতিহাসিক তথ্য সংগৃহীত অৱস্থাত আছে । ইয়াৰ দ্বাৰা অসমৰ ইতিহাস‌ জনাত সহায়ক হয় । গৱেষক, শিক্ষক , ছাত্ৰ-ছাত্ৰীসকলৰ উপৰি চীন , থাইলেণ্ড, আৰু ভাৰতৰ বিভিন্ন গৱেষক ইয়ালৈ অধ্যয়নৰ বাবে আহে "।ডঃ চৌধুৰীয়ে এইদৰে কয়।

উল্লেখ্য যে বুৰঞ্জী আৰু পুৰাতত্ব অধ্যয়ন বিভাগ হৈছে ৰাজ্যৰ সবাতোকৈ পুৰণি চৰকাৰী বিভাগসমূহৰ অন্যতম। এই বিভাগেচলিত বৰ্ষৰ জুনত ৯৩ বছৰ পূৰ্ণ কৰিব।ইতিহাস আৰু সাহিত্য সংৰক্ষণ আৰু অধ্যয়নৰ জ্ঞান কেন্দ্ৰৰূপে গঢ় দিয়াৰ উদ্দেশ্য বিভাগটো স্থাপন কৰা হৈছিল ।

ভিডিঅ প্ৰতক্ষ্য কৰক : ‘Dehal Kasirodam Utsav’ by Karbi Community observed in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com