ভূমি কেলেংকাৰীত জড়িত দেৰগাঁৱৰ ৰাজহ চক্ৰ বিষয়াক গ্ৰেপ্তাৰ

ভূমি কেলেংকাৰীত জড়িত দেৰগাঁৱৰ ৰাজহ চক্ৰ বিষয়াক গ্ৰেপ্তাৰ
Published on

দেৰগাঁৱৰ ৰাজহ চক্ৰ বিষয়া হোমেন গোহাঁঞি বৰুৱাৰ গ্ৰেপ্তাৰে গোলাঘাট জিলাখনত সম্প্ৰতি উৎসুকতাৰ সৃষ্টি কৰিছে। এক বিশেষ সূত্ৰৰ মত অনুসৰি হোমেন গোহাঞি বৰুৱা কৰীমগঞ্জত ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত আছিল ৷ বৰুৱাক কৰীমগঞ্জৰ আৰক্ষীয়ে সোমবাৰে সুতাৰকান্দিৰ লেন্ড পৰ্টছ অথৰিটী অফ ইণ্ডিয়াৰ এক আঁচনিৰ সন্দৰ্ভত হোৱা দুৰ্নীতিৰ প্ৰসংগত গ্ৰেপ্তাৰ কৰিছে ৷

বৰুৱাক ৬.৬০ কোটি টকা বিত্তীয় দুৰ্নীতিৰ প্ৰসংগত মুখ্য অভিযুক্ত হিছাপে সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। অন্যহাতে ভাৰত বাংলাদেশ সীমাত অৱস্থিত সুতাৰকান্দি জিলাত ভূমি ক্ৰয়ৰ সন্দৰ্ভত কৰা দুৰ্নীতিত জড়িত আছিল বৰুৱা ৷ ইফালে কৰীমগঞ্জ আৰক্ষী থানাত বৰুৱাৰ বিৰুদ্ধে প্ৰায় ৪১ টা গোচৰ দাখিল কৰে ৷

অন্যহাতে উত্থাপন হোৱা দুৰ্নীতিটোৰ সন্দৰ্ভত কৰিমগঞ্জ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ দুজন কৰ্মচাৰী প্ৰণিত নাথ আৰু মিহিৰ ৰঞ্জই মালাকাৰক গ্ৰেপ্তাৰ কৰিছে ৷

ৰাজ্যৰ জনজাতীয় বেল্ট আৰু ৰাজহ চক্ৰ সমুহত অবৈধ ভুমি বেচা-কিনা আৰু হস্তান্তৰ ৰোধৰ বাবে অসম চৰকাৰে নতুন ভুমি নীতিৰ বাবে কঠোৰ খচৰা প্ৰস্তুত কৰি উলিয়াইছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ইতিমধ্যে ৰাজহ বিভাখক এক নিৰ্দিষ্ট, কঠোৰ ভুমি নীতি প্ৰণয়ন কৰি উলিওৱাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে। জনজাতীয় বেল্ট সমুহত চলি থকা অবৈধ ভূমি বেদখল সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি সোনোৱালে নতুন ভূমি নীতিৰ দ্বাৰা অতি সীঘ্ৰে শিপাৰ পৰা এই ধৰণৰ কাৰ্য সমুহ উতখাত কৰাৰ বাবে খৰতকীয়া ব্যাৱস্থা লোৱাৰ কথা দোহাৰে।

ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুযায়ী ৰাজহ বিভাগে প্ৰস্তুত কৰি উলিওৱা নতুন ভূমি নীতিত সংৰক্ষিত ভূমি সমুহ ৰক্ষণাবেক্ষনৰ বাবেও সুকীয়া নীতি গ্ৰহণ কৰা হব। ৰাজ্যত জনজাতীয় বেল্ট আৰু ত্ৰিশটা জনজাতীয় অধীনত ৮৫,৮০,৮৪২ বিঘা ভূমি আছে আৰু স্বাধীনতাৰ পিছতে এই ভূমি সমুহ সংৰক্ষণৰ ব্যাৱস্থা লোৱা হৈছিল।

১৯৪৭ চনত প্ৰথমবাৰৰ বাবে গোৱালপাৰা জিলাৰ কিছু অঞ্চলৰ ভূমি সংৰক্ষণ কৰা হৈছিল আৰু পিছৰ পৰ্যায়ত ক্ৰমে লক্ষীমপুৰ, দৰং আদি জিলাৰ ভূমি জনজাতীয় বেল্টৰ অধীনত সংৰক্ষণ কৰা হৈছিল।ৰাজ্যৰ বিভিন্ন দল সংগঠন সমুহে ভিন্ন ভিন্ন সময়ত এই সংৰক্ষিত ভূমি সমূহত বাংলাদেশীৰ আগ্ৰাসন হোৱা বুলি দাবী তুলি ইয়াক বেদখল মুক্ত কৰাৰ বাবে চৰকাৰক আবেদন জনাই আহিছে।

উল্লেখ্য যে, চৰকাৰী তথ্যমতে ১৫৩ বিঘা ৰাজ্যত অধিগ্ৰহণ কৰি থকা ভূমি আছে কিন্তু অসম সত্ৰ মহাসভাৰ মতে অধিগ্ৰহণ কৰি থকা ভূমিৰ সংখ্যা ৭০০০ বিঘা। যোৱা বৰ্ষত অধিগ্ৰহণ কৰি থকা ভূমিৰ সন্দৰ্ভত জৰীপ চলাবৰ বাবে জিলা প্ৰশাসন আৰু অসম সত্ৰ মহাসভাৰ মাজৰ এখন যুতীয়া সমিতি গঠন কৰা হৈছিল, কিন্তু আজি পৰ্য্যন্ত কোনো উল্লেখযোগ্য ভূমি জৰীপ কৰা দেখা নগল। অধিগ্ৰহণ কৰা ভূমি সমূহত সন্দেহযুক্ত নাগৰিকে মহজিদ, মাদ্ৰাছা গঢ়ি তুলিছে। মৰিগাওঁত ২৫ নৱেম্বত অনুষ্ঠিত হোৱা কেন্দীয় কাৰ্য্যনিৰ্বাহক সমিতিৰ বৈঠকত অসম সত্ৰ মহাসভাই এই বিষয়বোৰ ডাঙি ধৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com