Begin typing your search above and press return to search.

উত্তৰ পূব সম্প্ৰতি বিকাশৰ পথতঃ গৃহমন্ত্ৰী অমৃত শ্বাহ

উত্তৰ পূব সম্প্ৰতি বিকাশৰ পথতঃ গৃহমন্ত্ৰী অমৃত শ্বাহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2019 8:54 AM GMT

সোমাবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰে যে উত্তৰ পূবৰ ৰাজ্যসমূহৰ বিকাশত সম্প্ৰতি উন্নতি সাধন কৰা হৈছে ৷লগতে সম্প্ৰতি সন্ত্ৰাসবাদৰ প্ৰতিক্ৰিয়া হ্ৰাস হৈছে বুলি কয় অমৃত শ্বাহে ৷ দিল্লীৰ দ্বাৰকাত কাৰ্বি ভৱন আৰু ডিমাছা ভৱন আধাৰশিলা স্থাপন কৰি কৰি অমৃত শ্বাহে কয় যে উত্তৰ পূবৰ সমগ্ৰ বিকাশৰ প্ৰাথমিকতা প্ৰদান কৰিছে চৰকাৰে ৷

দেশবাসীৰ নিজৰ সংস্কৃতিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে ৷ আৰু এই সংস্কৃতিৰ ওপৰত বিশ্বাস ৰাখিয়েই উত্তক পূবক বিকাশৰ পথত আগুৱাই লৈ যাব পাৰিব। সম্প্ৰতি সন্ত্ৰাসবাদৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰি সমগ্ৰ দেশে শান্তিৰ বাৰ্তা কঢ়িয়াই আনিছে ৷ শ্বাহে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰসংগ উত্থাপন কৰি কয় যে মোডীয়ে উত্তৰ পূবৰ বিকাশৰ কাৰণে যাৱতীয় পদক্ষেপ লৈছে ৷

উত্তৰ পূবৰ বিকাশৰ গতি এসময়ত স্তব্ধ হৈ পৰিছিল ৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবল নেতৃত্বই এই বিকাশক গতিশীলতা প্ৰদান কৰে ৷উত্তৰ পূবত সম্প্ৰতি পথ,ৰেল আদি সকলো ক্ষেত্ৰতে উন্নতি হৈছে ।আৰু এই বিকাশ,এই পৰিৱৰ্তন প্ৰধানমন্ত্ৰী মোডীৰ হৃদয়ত উত্তৰ পূবৰ কাৰণে মৰম,সন্মানৰ কাৰণে সম্ভৱপৰ হৈছে বুলি উল্লেখ কৰে গৃহমন্ত্ৰী অমৃত শ্বাহে।

উত্তৰ পূবৰ কাৰণে আৱন্টিত কৰা বিভিন্ন আঁচনিৰ সন্দৰ্ভত অমৃত শ্বাহে কয় যে ১৩ আৰু ১৪ সংখ্যক বিত্তীয় আয়োগে আৱন্টিত কৰা ধন ২৫৮ শতাংশ বৃদ্ধি হয়। য’ত ৮৭০০০ কোটি টকাৰ পৰা বৃদ্ধি হৈ ৩,১৩,৩৭৫ কোটি হৈছে ৷ লগতে গৃহমন্ত্ৰী অমৃত শ্বাহে উত্তৰ পূবৰ আঁচনি যেনে কৌশল বিকাশ কেন্দ্ৰ,মেডিকেল কলেজ,আইন মহাবিদ্যালয়ৰ স্থাপনা আদিৰ বিষয়ে উল্লেখ কৰে ৷ডনাৰ মন্ত্ৰ্যালয়ে সম্প্ৰতি অসমত বেম্ব’ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আদিৰ কাম আৰম্ভ কৰিব ।

ইফালে কাৰ্বি ভৱন আৰু আধাৰশিলা স্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কাৰ্বি ভৱন আৰু ডিমাচা ভৱনত নিৰ্মাণত ১৩০ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা হৈছে। এই ভৱনে বিশ্বৰ মানচিত্ৰত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হ’ব। উল্লেখ্য যে এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য গণ্য মান্য ব্যক্তি সকল উপস্থিত আছিল ৷

অন্য খবৰৰ বাবে পঢ়ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাৰ তালিকাঃগৃহ মন্ত্ৰীৰ দায়িত্বত অমৃত শ্বাহ

ভিডিঅ প্ৰতক্ষ্য কৰক:Amit Shah lays foundation stone of Karbi Bhawan and Dimasa Bhawan in Delhi

Next Story
চাকৰি