Begin typing your search above and press return to search.

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজ্জ্বলি উঠিল ধেমাজি: উত্তীৰ্ণ হাৰ ৮৩.২৮ শতাংশ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজ্জ্বলি উঠিল ধেমাজি: উত্তীৰ্ণ হাৰ ৮৩.২৮ শতাংশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 May 2019 7:41 AM GMT

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল উজ্বলি উঠিছে ধেমাজি জিলা । ধেমাজিত ১২,৬৫০ পৰীক্ষাৰ্থী অবতীৰ্ণ হৈছিল এইবাৰ । ১২,৬৫০ পৰীক্ষাৰ্থীৰ ভিতৰত ১,৭৮২ ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থান দখল কৰাৰ পৰিবৰ্তে ৪,০৩৯ গৰাকীয়ে দ্বিতীয় স্থান আৰু ৪,৭১৪ গৰাকীয়ে তৃতীয় স্থান দখল কৰে ।

সমগ্ৰ ৰাজ্যৰ উত্তীৰ্ণ হাৰৰ তুলনাত ধেমাজিৰ উৰ্ত্তীৰ্ণ হাৰ বেছি । ১০৫৩৫ গৰাকীয়ে উৰ্ত্তীৰ্ণ হৈছে । ধেমাজিত উত্তীৰ্ণ হাৰ ৪৩.২৮ শতাংশ ।

লক্ষিমপুৰ জিলাৰ শংকৰদেৱ শিশু বিদ্যা নিকেটনৰ মেঘাশ্ৰী বৰা য়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। মেঘাশ্ৰী বৰায়ে ৫৯৪ নম্বৰ লাভ কৰে। আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি শীৰ্ষ প্ৰথম স্থান দখল কৰে ।

আনহাতে অনুশ্ৰী ভূঞায়ে শীৰ্ষ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে, কৃষ্টি শইকীয়ায়ে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

অনুশ্ৰী ভূঞায়ে ৬০০ ভিতৰত ৫৯১ নম্বৰ লাভ কৰাৰ বিপৰীতে কৃষ্টি শইকীয়ায়ে ৬০০ ভিতৰত ৫৯০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।এইবাৰ ৩,৩৬,২০৩ গৰাকী পৰীক্ষা অবতীৰ্ণ হৈছিল । হাই মাদ্ৰাছাত ৯১২৭ গৰাকী পৰীক্ষাৰ্থী অবতীৰ্ণ হৈছিল ।

ছাত্ৰ আছিল ১৬,০,২৬৪ গৰাকী । ২৪৯১৮ ছাত্ৰয়ে প্ৰথম স্থান দখল কৰে, ৩৪৮৬৬ য়ে দ্বিতীয় স্থান, ৪০৬৯১ য়ে তৃতীয় স্থান দখল কৰে ।

ছাত্ৰীৰ সংখ্যা আছিল ১,৭৯,২২৪ গৰাকী। ইয়াৰে প্ৰথম স্থান দখল কৰে ২,৩৬৮১ গৰাকীয়ে, দ্বিতীয় স্থান দখল কৰে ৩,৬১৫৪ গৰাকী আৰু তৃতীয় স্থান দখল কৰে ৪,২১৯৮ গৰাকীয়ে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি