Begin typing your search above and press return to search.

বানে প্ৰভাৱিত কৰা অঞ্চলসমূহত ডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিশেষ পদক্ষেপ

বানে প্ৰভাৱিত কৰা অঞ্চলসমূহত ডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিশেষ পদক্ষেপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 July 2019 9:42 AM GMT

ডিব্ৰুগড় জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সোমবাৰে আয়োজিত এখন বৈঠকত বিভাগীয়ে কৰ্তৃপক্ষক বানত সম্পূৰ্ণ আৰু আংশিক ভাৱে ক্ষতি হোৱা পথ,বাসগৃহ আৰু বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণৰ কাৰণে মঞ্জুৰী দিয়ে। জিলা বিকাশ আয়ুক্ত সঞ্জয় দত্তৰ অধ্যক্ষতাত হোৱা বৈঠকতখনত অনুমোদন কৰা প্ৰস্তাৱৰ ভিতৰত চাবুৱা,পশ্চিম ডিব্ৰুগড়,পূব ডিব্ৰুগড় আৰু মৰাণ ৰাজহ চক্ৰৰ সম্পূৰ্ণ ৰূপে ক্ষতি গ্ৰস্ত হোৱা ১১৭ টা আৰু আংশিকৰূপে ক্ষতি গ্ৰস্ত হোৱা ৯৫৬ টা গৃহৰ পুনৰ নিৰ্মাণৰ কাৰণে পদক্ষেপ লোৱা হয় ৷

ইয়াৰোপৰি যিসকল লোকে এই সুবিধা প্ৰাপ্ত কৰিব তেওঁলোকে বিত্তীয় সাহায্য লাভ কৰিব ৷ ইফালে এডিচি দীপু কুমাৰ ডেকাই ৰাজহ চক্ৰ বিষয়া কৰ্মচাৰীসকলক জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কাৰ্যালয়ত বান পীড়িতসকলৰ নাম তথা অন্যান্য বিৱৰণ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে।

বৈঠকখনত অন্যান্য পদক্ষেপসমূহৰ ভিতৰত আছিল জল সম্পদ বিভাগৰ চিগি যোৱা বান্ধ সমূহৰ পুনৰ নিৰ্মাণ,পিডব্লিউডি আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ দ্বাৰা ৪৯ টা পথৰ মেৰামতি,বানত সৰ্বস্বান্ত হোৱা অঞ্চলসমূহৰ বিদ্যু ৰ মেৰামতি,আদি ৷লগতে বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কাম কৰাৰো পদক্ষেপ লয় ।

বিগত এসপ্তাহৰ পিছত বানপানীয়ে লোকসকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ মাজতে বৃহস্পতিবাৰে লক্ষীমপুৰৰ ব্ৰহ্মপুত্ৰ,সোৱনশিৰী, ৰঙানদী,কাকৈ,বগীনদী,শিঙাগৰা,পাভা,ডিক্ৰং আৰু ড্ৰপাঙৰ জলস্তৰ হ্ৰাস পায়। ইয়াৰ লগে লগে জিলাখনৰ বান পৰিস্থিতিত কিছু পৰিমাণে সকাহ পাইছে বানাক্ৰান্তই ৷

লক্ষীমপুৰ জিলাৰ মুঠ ৮৬ খন গাঁৱৰ উত্তৰ লক্ষীমপুৰ ৰাজহ চক্ৰ,৪ নং নাওবৈচা ৰাজহ চক্ৰ,বিহপুৰীয়াৰ ১০ নং ৰাজহ চক্ৰ,২৪ নং ৰাজহ চক্ৰৰ নাওবৈচা,১৬ নং ঢকুৱাখানা ৰাজহ চক্ৰ,১৫ নং সোৱনশিৰী ৰাজহ চক্ৰত বানৰ প্ৰকোপ কিছুপৰিমাণে হ্ৰাস পাইছে ৷ ইফালে বানে বিধ্বস্ত কৰা জিলাখনত দহ দিনৰ দিনা হৈছে ৪৫,৭৬৭ লোক আক্ৰান্ত হৈছে। জিলা প্ৰশাসনৰ এক বিশেষ তথ্য অনুসৰি জিলাখনত ৩৩৬১.৮৭ হেক্ট’ৰ ভূমি বানে প্ৰভাৱিত কৰিছে।

ইয়াৰে ১৪,১৬৯ টা জন্তুৰ ৭,৬১০ টা সৰু জন্তু আৰু ৮৩০৫ টা মূৰ্গী প্ৰভিৱিত কৰিছে ৷বিহপুৰীয়াৰ এখন বিদ্যালয়ত ১৭৭ জন বানাক্ৰান্তই আশ্ৰয় লৈছে । আনহাতে ৰঙানদী হাইড্ৰ ইলেক্ট্ৰিক প্যান্টে বিগত দিনত পানী এৰাৰ পিছত বৃহস্পতিবাৰে ৰঙানদী বান্ধৰ ৪ নম্বৰ ৰেডিয়েল গেট বন্ধ কৰি দিয়ে ৷ দুপৰীয়া ২.৪৫ বজাত ৰঙানদীৰ গেট বন্ধ কৰি দিয়ে কৰ্তৃপক্ষই ৷ইয়াৰ পিছত ৰঙানদী হাইড্ৰ ইলেক্ট্ৰিক প্যান্টে ৬.৪৫ বজাত ১০০ মিমী অতিৰিক্ত পানী এৰি দিয়ে ।দ্বিতীয়তে জিলা প্ৰশাসনে ছটা ৰাজহ চক্ৰত ২০ টা আশ্ৰয় শিবিৰত ২৩২.৯৪৬ কুইন্টল চাউল,৪৩.৫৩৮ কুইন্টল দাইল আৰু ১৩.০৬ নিমখ বিতৰণ কৰা হয় ৷

অধিক খবৰৰ বাবে পঢ়ক: নিপকোয়ে এৰি দিয়া অতিৰিক্ত পানীৰ ফলত ওফন্দি পৰিছে ৰঙানদীৰ জলপৃষ্ঠ

Next Story
চাকৰি